বিশ্বত দ্রুত গতিত বৃদ্ধি পাইছে মুছলমান, ২০১খন দেশত পিউ ৰিছাৰ্চ চেণ্টাৰৰ অধ্যয়ন

dainik janambhumi February 17, 2026

ডিজিটেল ডেস্ক : বিশ্বত খ্রীষ্টান ধৰ্মাৱলম্বী লোকৰ আধিপত্য এতিয়াও বর্তি আছে যদিও ইছলাম ধৰ্মৰ লোকৰ সংখ্য আটাইতকৈ দ্রুতগতিত বৃদ্ধি পাইছে। পিউ ৰিচাৰ্ছ চেণ্টাৰে বিশ্বৰ ২০১খন দেশত কৰা অধ্যয়নৰ চলিত মাহত প্রকাশ পোৱা প্ৰতিবেদনৰ পৰা এই কথা জানিব পৰা গৈছে। ইয়াৰ পৰা জানিব পৰা মতে, বিশ্বত খ্ৰীষ্টান আৰু ইছলামৰ পাছতে সর্বাধিক সংখ্যক লোক হ'ল নাস্তিক। ইয়াৰ পাছতে স্থান পোৱা হিন্দু ধৰ্মৰ লোকৰ সংখ্যা বিশ্বৰ মুঠ জনসংখ্যাৰ ১৫% বুলি প্রতিবেদনখনত উল্লেখ কৰা হৈছে। ইয়াত উল্লেখ কৰা মতে বিশ্বত খ্রীষ্টান ধর্মাবলম্বী লোকৰ সংখ্যা প্রায় ২৩০ কোটি। 

আনহাতে, যোৱা এটা দশকত বিশ্বত মুছলিম জনসংখ্যা ৩৪.৭ কোটি বৃদ্ধি পায়। হিন্দুৰ জনসংখ্যা ১২.৬ কোটি বৃদ্ধি পাই ১২০ কোটি হৈছেগৈ। বিশ্বৰ মুঠ জনসংখ্যাৰ ১৪.৯% হ'ল হিন্দু। ইফালে বিশ্বত কোনো ধর্ম নমনা অৰ্থাৎ নাস্তিক লোকৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে। প্রতিবেদনখনত উল্লেখ কৰা মতে, পৃথিৱীত নাস্তিকৰ সংখ্যা মুঠ জনসংখ্যাৰ ২৪.২% হৈছে। বৌদ্ধধৰ্মৰ লোকৰ সংখ্যা হ্রাস পাবলৈ লৈছে। নিজৰ অনুগামীৰ সংখ্যা হ্রাস পোৱা বৌদ্ধই একমাত্র ধর্ম বুলি ইয়াত উল্লেখ কৰা হৈছে। ইফালে বিশ্বৰ ভিতৰত আটাইতকৈ অধিক ধর্মীয় বৈচিত্র্য থকা দেশখন হ'ল ছিংগাপুৰ। ছিংগাপুৰৰ জনসংখ্যাৰ ৩১% বৌদ্ধ, ২০% নাস্তিক, ১৯% খ্রীষ্টান, ১৬% মুছলিম, ৫% হিন্দু আৰু আন ধৰ্মাৱলম্বী লোকৰ হাৰ হ'ল ৯%। এই তালিকাত দ্বিতীয় স্থানত আছে দক্ষিণ আমেৰিকাৰ দেশ ছুৰিনাম। দেশখনত ৫৩% খ্ৰীষ্টান। ইয়াৰ পাছত হিন্দু ২২%, মুছলিম ১৩% আৰু ৮% নাস্তিক লোক। সর্বাধিক ধর্মীয় বৈচিত্র্যৰ দেশৰ তালিকাত প্রথম দহটাৰ ভিতৰত স্থান পোৱা দেশৰ তালিকাখনত টাইৱান, দক্ষিণ কোৰিয়া, অষ্ট্ৰেলিয়া, মৰিছাছ, গিনি-বিছাও। প্রথম দহটাৰ ভিতৰত স্থান পোৱা ফ্রান্স ইউৰোপৰ একমাত্ৰা দেশ। ফ্ৰান্সৰ মুঠ জনসংখ্যাৰ ৪৬% খ্ৰীষ্টান, ৪৩% নাস্তিক আৰু বাকী ৯% মুছলিম। 

ইফালে সর্বাধিক জনসংখ্যাৰ ক্ষেত্ৰত আটাইতকৈ বেছি ধর্মীয় বৈচিত্র্য থকা দেশৰ তালিকাত আমেৰিকা প্রথম স্থানত আছে। আমেৰিকাৰ প্ৰায় ৬৪% খ্রীষ্টান আৰু ৩০% লোক কোনো ধৰ্মৰ সৈতে জড়িত নহয়। বাকী ৬% মুছলিম, হিন্দু, বৌদ্ধ আৰু ইহুদী। ইয়াৰ পাছতে আছে ক্রমে নাইজেৰিয়া, ৰাছিয়া, ভাৰত আৰু ব্রাজিল। বিশ্বৰ ভিতৰত আটাইতকৈ কম ধর্মীয় বৈচিত্র্য থকা দেশৰ তালিকাত সকলোৰে আগত আছে য়েমেন, আফগানিস্তান আৰু ছোমালিয়া। এই দেশকেইখনৰ ৯৯% জনসংখ্যা মুছলিম।

Share This