ডিজিটেল ডেস্ক : মুখ্যমন্ত্ৰীৰ আহ্বান অনুসৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে এইবাৰ ঈদত গৰু কোৰবানি নিদিয়াৰ সিদ্ধান্ত লৈছে। ৰাইজৰ এনে সিদ্ধান্তক আদৰণি জনাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি কয়, 'হোজাই, ধুবুৰী, উধাৰবন্দ, বঙাইগাঁও আৰু অন্যান্য কিছু ঠাইৰ ঈদগাহ তথা কবৰস্থান সমিতিসমূহে সমাগত ঈদৰ সময়ত গৰু কোৰবানি পৰিহাৰ কৰিবলৈ জনোৱা আহ্বান অসমৰ সামাজিক সম্প্ৰীতিৰ এক ইতিবাচক আৰু প্ৰশংসনীয় উদাহৰণ।'
আনহাতে সংখ্যাগৰিষ্ঠ সনাতনী সমাজৰ অনুভূতিৰ প্ৰতি সন্মান জনাই আইনসন্মত আৰু দায়িত্বশীলভাৱে গ্ৰহণ কৰা এই স্বেচ্ছাসেৱী পদক্ষেপে ৰাজ্যখনত শান্তি, পাৰস্পৰিক বিশ্বাস আৰু সাম্প্রদায়িক সৌহার্দ্য অধিক সুদৃঢ় কৰিব বুলি আশা প্রকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, 'অসম সদায়েই সহাৱস্থান, সংবেদনশীলতা আৰু পাৰস্পৰিক সন্মানৰ ভূমি। আশা কৰোঁ, আন সমিতিসমূহেও একেই ধৰণৰ আইনসংগত, সৌহার্দ্যপূর্ণ আৰু দায়িত্বশীল পদক্ষেপ গ্রহণ কৰি সামাজিক দায়িত্ববোধ আৰু সমন্বয়ৰ এই পৰিৱেশ অধিক শক্তিশালী কৰি তুলিব।'