ডিজিটেল ডেস্ক : এ আই এন আৰ চি নেতৃত্বাধীন এন ডি এ-এ পুডুচেৰী বিধানসভা নির্বাচনত জয়লাভ কৰাৰ পাছত শান্ত আৰু মৃদুভাষী এন ৰংগাস্বামী পঞ্চমবাৰৰ বাবে পুডুচেৰীৰ মুখ্যমন্ত্রী হ'ব। ১৬ টা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা ৰংগাস্বামীৰ অল ইণ্ডিয়া এন আৰ কংগ্রেছে নির্বাচনত ১২ টা সমষ্টিত জয়লাভ কৰে। আনহাতে বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰা ১০ টা সমষ্টিৰ ভিতৰত ৪ টাত জয়লাভ কৰে।
এন ডি এৰ অংশীদাৰ এ আই এ ডি এম কে আৰু এল জে কে দলে এখনকৈ আসন লাভ কৰাৰ পাছত ৩০ জনীয়া সদস্যৰ বিধানসভাত এন ডি এৰ বিধায়কৰ সংখ্যা ১৮ জন হয়। ইয়াৰ উপৰি বিধানসভাত থাকিব তিনিজন মনোনীত সদস্য। ৰংগাস্বামী ২০০১ আৰু ২০০৬ চনত কংগ্ৰেছৰ মুখ্যমন্ত্রী আছিল। পাছত কংগ্ৰেছৰ পৰা আঁতৰি আহি ২০১১ চনত তেওঁ নিজৰ দল এ আই এন আৰ চি গঠন কৰে।
২০১১ চনত তেওঁ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্রী তথা এ আই এ ডি এম কেৰ মুৰব্বী জয়াললিতাৰ সৈতে মিত্ৰতা কৰে আৰু নিৰ্বাচনত জয়ী হয়। ২০১১-২০১৬ চনলৈ তেওঁ পুনৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰে। ২০১৬ চনৰ নিৰ্বাচনত তেওঁৰ দল নেতৃত্বাধীন মর্চা পৰাজিত হয়। পুনৰ ২০২১ চনৰ নির্বাচনত এন ডি এ জয়ী হোৱাত তেওঁ চতুৰ্থবাৰৰ বাবে মুখ্যমন্ত্ৰী হয়।