ডিজিটেল ডেস্ক : নগাঁও জিলাৰ ৰাইদঙীয়াত যোৱা নিশা এন আৰ চিৰ গুৰুত্বপূৰ্ণ নথি উদ্ধাৰ হোৱা ঘটনাই তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এজন যুৱকে এন আৰ চিৰ অৰিজিনেল শ শ নথি-পত্ৰ এখন ঠেলাৰে লৈ গৈ থকা অৱস্থাত স্থানীয় একাংশ লোকৰ সন্দেহ ওপজাত তেওঁক সোধা-পোছা কৰি তালাচী চলোৱাৰ সময়ত উদ্ধাৰ হয় এন আৰ চিৰ তথ্য। পাছত ৰাইজে জব্দ কৰে এই নথি-পত্ৰসমূহ। ইয়াক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। এই ঘটনাৰ খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত জাজৰি থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে নথিসমূহ জব্দ কৰি আৰক্ষী থানালৈ লৈ যায়।
আৰক্ষীয়ে এই নথিসমূহ সৰবৰাহ কৰা যুৱক ইক্ৰামুল হুছেইনক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে। উদ্ধাৰ হোৱা এন আৰ চিৰ নথিসমূহ আছিল ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত এটা এন আৰ চি কেন্দ্ৰৰ (এন এছ কে)। জানিব পৰা মতে, বটদ্ৰৱাৰ এটা পৰিত্যক্ত স্বাস্থ্য কেন্দ্ৰৰ পৰা যুৱকজনে নথি-পত্ৰসমূহ বিক্ৰী কৰিবলৈ আনিছিল। দীর্ঘদিন অব্যৱহৃত হৈ থকা এই স্বাস্থ্য কেন্দ্রটোত ২০২২ চনৰ পৰা এন আৰ চিৰ গুৰুত্বপূৰ্ণ নথিসমূহ ৰখা হৈছিল। কোনো দুষ্কৃতিকাৰীয়ে স্বাস্থ্য কেন্দ্ৰৰ তলা ভাঙি এই নথিসমূহ কাৱাৰীক বিক্ৰী কৰিছিল। ইপিনে নগাঁৱৰ ৰাইদঙীয়াত বুজন পৰিমাণৰ এন আৰ চিৰ নথি-পত্ৰ উদ্ধাৰ হোৱাৰ পাছত নগাঁও জিলাৰ আয়ুক্ত দেৱাশিস শর্মাই এখন সংবাদমেল আয়োজন কৰে। সংবাদমেলত আয়ুক্তগৰাকীয়ে কয় যে এন আৰ চিত নাম অন্তর্ভুক্ত কৰাৰ আগতে আৱেদনকাৰীৰ নথি ডিজিটাইজ কৰা হয়। ডিজিটাইজ কৰাৰ পাছত তেওঁলোকৰ নাম অন্তর্ভুক্ত হৈছে বা হোৱা নাই, এন আৰ চিৰ নথিসমূহ এটা কেন্দ্ৰত সংৰক্ষণ কৰিব লাগে। ইতিমধ্যে ইয়াৰ ডিজিটাইজ প্রক্রিয়া হৈ গৈছে। উদ্ধাৰ হোৱা এই নথিসমূহৰ বিষয়ে আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে যে এন এছ কেৰ আলিটাঙনি জামুগুৰি গাঁও পঞ্চায়ত কাৰ্যালয়ৰ পূব অংশ ০৩৬১, পশ্চিম অংশ ০৬৩৩, জুৰীয়া উন্নয়ন খণ্ডৰ পূব অংশ ০৬০৪, পশ্চিম অংশ ০৬৪১ আৰু ৰামপুৰ সত্ৰ গাঁও পঞ্চায়তৰ পূব অংশ ০৬৪৬ অঞ্চলৰ ব্যক্তিসকলৰ আছিল এই নথিসমূহ।
আয়ুক্তগৰাকীয়ে জনোৱা মতে, বটদ্ৰৱাৰ সতী ৰাধিকা ছোৱালী হাইস্কুলৰ কোঠাত এই নথিসমূহ ২০১৯ৰ পৰা ৰখা হৈছিল। হাইস্কুলৰ সন্মুখেৰে যোৱা পথটো অসম মালাৰ অধীনত নিৰ্মাণ কৰাৰ বাবে বিদ্যালয়ৰ সংশ্লিষ্ট এই কোঠা ভাঙিব লগা হোৱাত এই নথিসমূহ কাষেৰে এটা স্বাস্থ্য কেন্দ্ৰলৈ স্থানান্তৰ কৰা হৈছিল ২০২২ চনত। স্বাস্থ্য কেন্দ্রটো দীর্ঘদিন ধৰি ব্যৱহাৰ হৈ থকা নাছিল। গছ-গছনিয়ে প্রায় আৱৰি ধৰিছিল। একাংশ দুষ্কৃতিকাৰীয়ে এই কেন্দ্ৰটোত আশ্রয় লৈছিল। এই দুষ্কৃতিকাৰীয়ে স্বাস্থ্য কেন্দ্ৰৰ তলা ভাঙি এই নথিসমূহ কাৱাৰীৰ হাতত অলপ অলপকৈ তুলি দিছিল। ইতিমধ্যে কাৱাৰীজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ লগত জড়িত দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰা হ'ব বুলিও আয়ুক্ত শর্মাই জানিবলৈ দিয়ে।