নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

Rashmi April 22, 2026

ডিজিটেল ডেস্ক: নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত ১নং গায়ন গাঁৱত আজি নিষিদ্ধ নিচাজাতীয় সামগ্ৰী সৰবৰাহকাৰীৰ বিৰুদ্ধে বিভিন্ন শ্লʼগানেৰে কঁপাই তোলে গাঁৱৰ ৰাস্তা-ঘাট। হাতে হাতে প্লে কাৰ্ড লৈ জুৱা, মদ, ভাং, আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে ওলাই আহিল শতাধিক সচেতন পুৰুষ মহিলা।

উল্লেখ্য যে ১নং গায়ন গাঁৱত বহু দিন ধৰি আজিজুল হক নামৰ যুৱকজনে পত্নী ৰূকিয়া খাতুনৰ সৈতে অবৈধভাৱে নিচা জাতীয় সামগ্ৰী বিক্ৰী কৰা বুলি ৰাইজে সদৰী কৰে।

আজি প্ৰতিবাদী কাৰ্যসূচীৰ পৰাই আৰক্ষী প্ৰশাসনক অনুৰোধ জনাই কয় যে অতি শীঘ্ৰে নিচাজাতীয় দ্ৰব্যৰ বেহা কৰা আজিজুলৰ বিৰূদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

নৱপ্ৰজন্মক দিনে দিনে তিল তিলকৈ মৃত্যুৰ মুখত ঠেলি দিয়াই নহয় তেওঁলোকৰ ঘৰৰ সা-সামগ্ৰী টিনপাট বিক্ৰী কৰি নিজৰ পৰিয়ালৰ সৰ্বনাশ কৰি দিছে।

গতিকে নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহকাৰীসকলক উচিত শাস্তি দিবলৈ আৰক্ষী প্ৰশাসনক বিনম্ৰভাৱে অনুৰোধ জনাইছে সচেতন মহলে।




উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This