জন্মদাত্ৰী মাতৃৰ মৃত্যুৰ মাজতো দেশ মাতৃৰ সেৱাৰ বাবে সাজু ভাৰতীয় প্ৰাক্তন জোৱান কুলেন গগৈ

Kakali Deka May 08, 2025

ডিজিটেল ডেস্কঃ দেশ মাতৃৰ সেৱাৰ বাবে সাজু হৈছে এগৰাকী অসম সন্তান।‌ সেনাবাহিনীৰ পৰা অৱসৰ গ্ৰহণ কৰিও মাতৃভূমিৰ প্ৰতি তেওঁৰ মনত অগাধ প্ৰেম। ইফালে বুধবাৰে অৰ্থাৎ কালিৰ দিনটোত জন্মদাত্ৰী মাতৃৰ মৃত্যু হৈছে, কিন্তু তেওঁৰ বাবে তাতোকৈ চেনেহৰ মাতৃভূমি ভাৰত, সেয়েহে তেওঁ শত্ৰুৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈছে।

তেওঁৰ মতে মাতৃভূমি মাতৃতকৈও মহান। দেশ মাতৃৰ সেৱাৰ বাবে নিজকে সাজু কৰিছে এইগৰাকী অসম সন্তানে।

তেওঁ কয় যে 'ফৌজৰ পৰা মই আঁতৰি আহিলোঁ কিন্তু মোৰ মন মগজুৰ পৰা আতঁৰি যোৱা নাই ফৌজ। 'মই আজিও নিজকে ভাৰতভূমিৰ সৈনিক বুলি ভাবোঁ' পাকিস্তানৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু মই'।

তেওঁ নাহৰকটীয়াৰ প্ৰাক্তন সেনা জোৱান কুলেন গগৈ। ৬ মে'ত পুনৰ যুদ্ধলৈ যাবলৈ সাজু নেকি বুলি তেওঁলৈ আহিছিল এটা ফ'ন। পিছে তাৰ মাজতে প্ৰাক্তন সেনা জোৱানজনে বুধবাৰে অৰ্থাৎ কালিৰ দিনটোতে চিৰদিনৰ বাবে হেৰুৱাই নিজ মাতৃক।‌ তথাপি সম্পূৰ্ণৰূপে সাজু কুলেন গগৈ। যেতিয়াই অৰ্ডাৰ আহে তেতিয়াই দেশমাতৃৰ হকে যুঁজ দিবলৈ সাজু প্ৰাক্তন সেনা জোৱানগৰাকী।

তেওঁৰ মতে এতিয়া মাতৃভূমি বিপদত পৰিছে। আৰু বিপদৰ সময়ত পুত্ৰ হিচাপে আগবাঢ়ি যোৱাটো তেওঁৰ দায়িত্ব। আনকি কুলেন গগৈ পত্নীৰ সোণালী তন্তবাইৰো একেই মহানুভৱতা।

দেশবাসীৰ সুৰক্ষাৰ্থে, ঘৰখনৰ শোকৰ মুহূৰ্ততো স্বামীক হাঁহিমুখে যুদ্ধক্ষেত্ৰলৈ পঠিয়াবলৈ সাজু পত্নী।‌ পত্নীয়ে কয় যে ''সমগ্ৰ দেশৰ পত্নী আৰু সন্তানৰ সুৰক্ষাৰ বাবে তেওঁৰ স্বামীয়ে শত্ৰুৰ বিৰুদ্ধে যুঁজ দিবলৈ যোৱাটো গৌৰৱৰ বিষয় ।''

para trooper ৰূপে NSGটো কৰ্মৰত অসমৰ এই প্ৰাক্তন জোৱানজনৰ দেশপ্ৰেমক শলাগ লৈছে বহুজনে। মাতৃ বিয়োগৰ সময়তো দেশ মাতৃৰ সেৱাৰ বাবে সাজু হোৱা ভাৰতীয় প্ৰাক্তন জোৱান কুলেন গগৈৰ দেশপ্ৰেমৰ কথা এতিয়া অঞ্চলবাসীৰ মুখে মুখে । সকলোৱে একমুখে প্ৰশংসা কৰিছে কুলেন গগৈৰ লগতে তেওঁৰ পৰিয়ালক।

Share This