উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

Rashmi August 18, 2025

ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা উমা ভাৰতীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক ৰাজ্যখনৰ শ্বাহজাহানপুৰ জিলাৰ নাম সলনি কৰিবলৈ অনুৰোধ জনাইছে।

আওনলা নগৰৰ ৰে'লৱে ষ্টেছনৰ ত্ৰিছেকশ্যনৰ সমীপত বীৰাংগনা অৱন্তী বাই লোধিৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ পিছত ভাৰতীয়ে ভাষণত কয় যে "মই ইয়ালৈ আহি আছিলোঁ আৰু বাটত শ্বাহজাহানপুৰ নামৰ এখন জিলা দেখিছিলোঁ। শ্বাহজাহানপুৰ নামটো ভাল শুনা নাযায়। মুখ্যমন্ত্ৰীক ইয়াৰ নতুন নাম এটা দিবলৈ অনুৰোধ জনাইছোঁ।"

ভাৰতীয়ে কয়, "দাসত্বৰ যুগৰ কথা সোঁৱৰাই দিয়া ব্যক্তিৰ নামেৰে জিলাখনৰ নাম ৰখাটো ভাল নহয়। মই এই নামটো আকৌ এবাৰ শুনিবলৈও নিবিচাৰোঁ।" লোধি জনগোষ্ঠীৰ ইতিহাস বৰ্ণনা কৰি বিজেপিয়ে লোধি জনগোষ্ঠীৰ পৰা দুজন মুখ্যমন্ত্ৰীক দিয়া বুলি কয়।

লোধিসকলে চাতুৰী কৰিব নাজানে, ষড়যন্ত্ৰও নাজানে - উমা ভাৰতী


প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে লোধি সম্প্ৰদায়টোৱেই প্ৰথম জনগোষ্ঠী যিয়ে বিজেপিক ‘প্লেটফৰ্ম’ দিছিল, ইয়াৰ পূৰ্বে বিজেপিৰ ভাবমূৰ্তি পিছপৰা শ্ৰেণীৰ শুভাকাংক্ষী নাছিল। লোধি সম্প্ৰদায়ে বিজেপিক এক মঞ্চ দিলে যাৰ বাবে দলটোৱে সম্প্ৰসাৰণ কৰিব পাৰিলে বুলিও কয়। ভাৰতীয়ে কয় যে বিজেপিয়ে লোধি সম্প্ৰদায়ক আৰু লোধিসকলে বিজেপিক সন্মান কৰে।



উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This