ডিজিটেল ডেস্ক : মহৰম উপলক্ষে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলক শুভেচ্ছা জ্ঞাপন কৰে।
সামাজিক মাধ্যম 'এক্স'যোগে এটা বার্তাত মোদীয়ে উল্লেখ কৰে যে হজৰত ইমাম হুছেইনৰ ত্যাগে বহু লোকক সত্য আৰু ন্যায়ৰ পথত অটলভাৱে আগবঢ়াৰ ক্ষেত্ৰত অনুপ্রাণিত কৰে। তদুপৰি ই সাহস আৰু বিশ্বাসৰ স্থায়ী শক্তিকো প্রতিপন্ন কৰে বুলিও তেওঁ কয়।
উল্লেখযোগ্য যে মহৰম হৈছে ইছলমিক কেলেণ্ডাৰৰ প্ৰথমটো মাহ আৰু ইছলামধর্মী লোকসকলৰ বাবে পৱিত্ৰ সময় বুলি ধৰা হয়।