অসমৰ হাতত পৰাস্ত নামিবিয়া মহিলা ক্রিকেট দল

dainik janambhumi January 11, 2026

ডিজিটেল ডেস্ক : এখন বিদেশী ৰাষ্ট্ৰৰ ছিনিয়ৰ মহিলা দলৰ ট্যুৰ প্ৰগ্ৰেমৰ মাধ্যমত মঙলদৈ ক্রীড়া সন্থাৰ ইতিহাসত কালি এটা বিৰল দিন হিচাপে লিপিবদ্ধ হ'ল। মঙলদৈ ক্রীড়া সন্থাৰ ষ্টেডিয়ামত কালি নামিবিয়া ৰাষ্ট্ৰীয় মহিলা ক্রিকেট দলে অসমৰ ছিনিয়ৰ মহিলা দলৰ সৈতে এখন এদিনীয়া প্রীতি মেচত অংশগ্রহণ কৰে। খেলখনত অসম দলে বিদেশী দল নামিবিয়াক ৯৮ ৰানত পৰাস্ত কৰে। আলহী দলৰ অধিনায়িকা চুনে উইটমেনে টছত জয়ী হৈ ফিল্ডিঙৰ সিদ্ধান্ত লোৱাত ঘৰুৱা দল অসমে পোনতে বেটিং কৰি ৪৪.১ অ'ভাৰত সকলো উইকেট হেৰুৱাই ২৪৬ ৰান কৰে। দলৰ গায়ত্ৰী গুৰুঙে ৫৮ (৮০৪), অধিনায়িক উমা চেত্ৰীয়ে ৫৭ (৯০৪, ২০৬), অমন্তিকা মুণ্ডাই ২৭, মনীষা দাসে ১৫, ফ্লবিনা টায়ে ১৪ ৰানৰ অৱদান যোগায়। 

নামিবিয়াৰ ছাইমা তুহাদেলেনিয়ে ৩৭ ৰানত তিনিটা, উইলকা মওটাইলে ৩৮ ৰানত দুটা, কেপ্টেইন চুনে উইটমেনে ৩৯ ৰানত দুটা, এভিলিন কেজাৰুকুৱা আৰু মেকেলায়ে মওটাইলে এটাকৈ উইকেট পায়। প্রত্যুত্তৰত নামিবিয়াই ৪০.১ অভাৰত ১৪৮ ৰানত ইনিংছ সামৰে। দলৰ উইলকা মওটাইলে (অপঃ)ই ৪১ (৩০৪, ১০৬), মেকেলায়ে মওটাইলেই ২৫, কেলিন গ্রীণে ২২, মেজেৰলি গৰাচেচে ১৫ ৰানৰ বৰঙনি আগবঢ়ায়। 

অসমৰ ৰশ্মিয়ে ৪৪ ৰানত চাৰিটা, মনীষা দাসে ৮ ৰানত দুটা, উর্মিলা চেটার্জী, প্রিয়ংকা কলিতা আৰু গায়ত্ৰী গুৰুঙে এটাকৈ উইকেট পায়। খেলৰ আৰম্ভণিতে অসম ক্রিকেট সন্থাৰ কোষাধ্যক্ষ অনুপম ডেকাই নামিবিয়াৰ লগতে অসম দলৰ খেলুৱৈসকলক আদৰণি জনায়।

Share This