ডিজিটেল ডেস্ক : মাজনিশা বন্ধুৰ সৈতে ঘৰৰ পৰা শ্বিলঙলৈ ওলাই গৈ মৃত্যুমুখত পৰা গোলাঘাটৰ কমাৰগাঁৱৰ নম্রতা বৰাৰ মৃত্যুৰ ৰহস্য এতিয়াও ওৰ পৰা নাই। আনহাতে, মেঘালয়ৰ নংপো থানাৰ আৰক্ষীয়ে ঘটনাটোৰ তদন্ত প্রক্রিয়া তীব্রগতিত অব্যাহত ৰাখিছে। ইয়াৰ সমান্তৰালভাৱে অসম আৰক্ষীয়ে শনিবাৰে নিশাৰ পৰা প্রয়াত নম্ৰতাৰ বন্ধুৰ গুৱাহাটীৰ একাধিক স্থানত থকা গেষ্ট হাউছত চলোৱা অভিযানত বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। উল্লেখযোগ্য যে এ আই ইউ ডি এফ দলৰ যুৱনেতা তথা বিধায়কৰ পুত্র আনায়াতুলৰ বাহনখনে ঘটনাৰ দিনা যিখন ট্রাকত খুন্দা মৰাৰ ফলত দুর্ঘটনাটো সংঘটিত হ'ল বুলি দাবী কৰি থকা হৈছে সেই ট্রাকখন এই পর্যন্ত মেঘালয় আৰক্ষীয়ে বিচাৰি উলিয়াব পৰা নাই। দুর্ঘটনাৰ পাছতে কোনোবাই ট্রাকখন সেই স্থানৰ পৰা আঁতৰাই পঠিয়াইছিল নেকি বুলিও প্রশ্ন উত্থাপন হৈছে। ইয়াৰ ফলত তদন্তকাৰী আৰক্ষী অধিক বিমোৰত পৰাৰ বিপৰীতে নম্রতা বৰাৰ মৃত্যু ৰহস্য অধিক ঘনীভূত হৈছে। আৰক্ষীয়ে নম্রতাক হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰা বুলি সন্দেহ প্রকাশ কৰিছে।
ইফালে, ঘটনাৰ দিনা নম্রতাৰ লগত থকা আনায়াতুল, গায়ত্ৰী, প্রজ্ঞা আৰু মৃগাংকই আৰক্ষীৰ আগত আত্মপক্ষ সমর্থনৰ চেষ্টা অব্যাহত ৰাখিছে যদিও তেওঁলোকৰ ওপৰত আৰক্ষীৰ সন্দেহ বৃদ্ধি পাইছে। দুৰ্ঘটনাৰ পাছত খবৰ লাভ কৰি ঘটনাস্থলীত নংপো আৰক্ষীৰ দল উপস্থিত হোৱাৰ পূৰ্বেই সেই স্থানৰ পৰা দুৰ্ঘটনাত পতিত হোৱা ট্রাকখন সন্ধানহীন হৈছিল। আৰক্ষীয়ে এই ট্রাকখনৰ সন্ধানত তীব্ৰ অভিযান অব্যাহত ৰাখিছে যদিও এই পর্যন্ত কোনো সন্ধান লাভ কৰা নাই। ফলত আৰক্ষীয়ে ট্রাকখনৰ সন্ধানত ঘটনাস্থলীৰ সমীপত থকা সকলো চি চি টিভি ফুটেজ সংগ্ৰহ কৰি পৰীক্ষা কৰাৰ চেষ্টা কৰিছে। কিন্তু লক্ষণীয়ভাৱে ঘটনাস্থলীৰ লগতে বহু দূৰলৈকে ৰাজপথত কোনো চি চি টিভি সংযোগ ব্যৱস্থা নাছিল। ট্রাকখনৰ একো সন্ধান নোপোৱাৰ ফলত ঘটনাই অধিক ৰহস্যৰ সৃষ্টি কৰিছে। আনকি ট্রাকখনৰ কাহিনীটো কাল্পনিক আছিল নেকি বুলিও ভাবিবলৈ বাধ্য হৈছে আৰক্ষী। ইয়াৰ সমান্তৰালভাৱে ঘটনাৰ পাছতে ট্রাকখনৰ চালকক ধন দি আনায়াতুলে সেই স্থানৰ পৰা আঁতৰাই পঠিয়াইছিল নেকি বুলিও প্রশ্নৰ উত্থাপন হৈছে। তাৰ উপৰি আনায়াতুলে দুর্ঘটনাটোৰ তথ্য-প্রমাণ নষ্ট কৰাৰ চেষ্টা কৰাৰ সন্দেহো কৰিছে আৰক্ষীয়ে।
ইফালে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ পাছতে মেঘালয় আৰক্ষীৰ এছ এছ পি ভি এছ ৰাথোৰক তদন্তৰ দায়িত্ব দিয়া হৈছে। ইফালে, অসম আৰক্ষীয়েও এই সম্পর্কত প্রাথমিক তদন্ত আৰম্ভ কৰিছে। শনিবাৰে সন্ধিয়া মহানগৰ আৰক্ষীয়ে প্ৰজ্ঞা আৰু মৃগাংকই চলোৱা গেষ্ট হাউছত অভিযান চলোৱাৰ পাছত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য। বিধায়ক পুত্ৰ আনায়াতুলৰ সহযোগত দুয়ো গেষ্ট হাউছত অনৈতিক কাৰ্যৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ সন্দেহ কৰা হৈছে। গুৱাহাটীৰ একাধিক স্থানত থকা তেওঁলোকৰ গেষ্ট হাউছলৈ দিল্লী, মুম্বাই, গোৱাকে ধৰি বিভিন্ন স্থানৰ লোক থাকিবলৈ আহে।
আনকি এই গেষ্ট হাউছতে ঘটনাৰ দিনা শ্বিলঙলৈ যোৱাৰ পূৰ্বে দলটোৱে সুৰাৰ পাৰ্টি কৰা বুলিও ইতিমধ্যে তেওঁলোকে স্বীকাৰ কৰিছে। ইফালে, যিটো ৱেবছাইটযোগে গেষ্ট হাউছ বুক কৰাৰ ব্যৱস্থা আছে, সেই ৱেবছাইটটো ৰহস্যজনকভাৱে এইকেইদিন বন্ধ কৰি ৰখা হৈছে। তদুপৰি ট্ৰী টপ্ নামৰ অট্টালিকাত থকা এটা গেষ্ট হাউছ খালী কৰাৰ দৰে সন্দেহজনক কামো কৰিছে প্রজ্ঞা-মৃগাংকই। সামাজিক মাধ্যমত গেষ্ট হাউছৰ পেজ খুলি নিজৰ ফ'ন নম্বৰ সুলভ কৰি গ্ৰাহকক আকৃষ্ট কৰাৰ চেষ্টা কৰি অহা প্রজ্ঞা-মৃগাংকই সেই পেজ এতিয়া অচল কৰি ৰাখিছে। গেষ্ট হাউছত অবাধ সুৰা, সুন্দৰী আৰু যৌনতাৰ বেহা চলাৰ প্ৰাথমিক তথ্যও লাভ কৰিছে আৰক্ষীয়ে।