ডিজিটেল ডেস্ক : অহা এক জুলাইত জাপানৰ প্রধানমন্ত্রী ছানায়ে টাকাইচিৰ লগতে দেশ-বিদেশৰ বহু ভি ভি আই পিৰ আগমন হ'ব ৰাজ্যখনলৈ। তাকে লৈ দিছপুৰত সম্প্ৰতি উথপথপ পৰিৱেশ।
ভাৰত- জাপনৰ মাজত অনুষ্ঠিত হ'বলগীয়া দ্বিপাক্ষিক বৈঠকৰ সকলো দিশ সুকলমে সম্পন্ন কৰিবলৈ ৰাজ্য চৰকাৰে মন্ত্ৰীসকলৰ অধ্যক্ষতাত মুঠ ১৩খন কমিটী গঠন কৰি দিছে। কৰ্মচাৰী বিভাগৰ পৰা ওলোৱা নির্দেশ অনুসৰি এই কমিটীৰ উপৰি ভি ভি আই পিসকলে গুৱাহাটীৰ যিবোৰ স্থান দৰ্শনৰ বাবে যাব, থকাৰ ব্যৱস্থা কৰা হোটেল আৰু বৈঠক অনুষ্ঠিত হ'বলগীয়া স্থানসমূহৰ বাবে পৃথকে মন্ত্ৰীসকলৰ অধ্যক্ষতাত বিষয়াক সংলগ্ন কৰি আন কেইবাখনো কমিটী গঠন কৰি দিয়া হৈছে। এই কমিটীসমূহে গুৱাহাটীক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি সৌন্দর্যবর্ধনৰ বাবে কাম কৰিব।
বিমান বন্দৰত ভি ভি আই পিসকল উপস্থিত হোৱাৰ সময়ত ব্যৱস্থাপনা, আদৰণি, পথৰ সৌন্দৰ্যবর্ধন, নতুন বিমান বন্দৰৰ আলোকসজ্জাৰ দায়িত্বত থাকিব পৰিবহণ মন্ত্ৰী চৰণ বড়ো। তেওঁৰ লগত মূল দায়িত্বশীল বিষয়া হিচাপে থাকিব অতিৰিক্ত মুখ্য সচিব এল এছ চাংচন। কলা-সংস্কৃতি প্ৰদৰ্শনৰ বাবে গঠিত কমিটীখন থাকিব শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ তত্ত্বাৱধানত। এই কমিটীৰ মূল দায়িত্ববাহী বিষয়া হ'ব বিশেষ মুখ্য সচিব চৈয়দ্দিন আব্বাচী।
হোটেল ৰেডিছন ব্লুৰ বাবে গঠিত কমিটীৰ তত্ত্বাৱধায়ক হ'ব মীন মন্ত্রী নীলিমা দেৱী আৰু তেওঁক সহযোগ কৰিব অতিৰিক্ত মুখ্য সচিব জে বি এক্কাৰ নেতৃত্বত থকা বিষয়াৰ দলে। তাজ ভিভান্তাৰ দায়িত্বত থাকিব বিত্ত মন্ত্রী জয়ন্ত মল্লবৰুৱা আৰু সচিব পল্লৱ গোপাল ঝাৰ নেতৃত্বত বিষয়াৰ দলে তেওঁক সহযোগ কৰিব। মহানগীৰ ষ্ট্রীট লাইটিং কমিটীৰ তত্ত্বাৱধায়ক মন্ত্ৰী হ'ব সুশান্ত বৰগোহাঁই। তেওঁৰ লগত থাকিব এ পিডিচি এলৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰ। ৰাজহ মন্ত্ৰী কেশৱ মহন্তৰ নেতৃত্বৰ ব্যৱস্থাপনা কমিটীৰ মূল বিষয়া হিচাপে থাকিব সাধাৰণ প্ৰশাসন বিভাগৰ সচিব পি এন সম্ভাজী। ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ মন্ত্ৰী কৌশিক ৰয়ৰ নেতৃত্বত গঠিত আহাৰ ব্যৱস্থাপনা কমিটীৰ মূল বিষয়া হ'ব অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন চামাল।
স্বাস্থ্য মন্ত্রী অশোক সিংহলৰ নেতৃত্বত গঠন হোৱা মেডিকেল কমিটীৰ মূল বিষয়াৰ দায়িত্বত থাকিব পি অশোক বাবু। প্ৰচাৰ আৰু বেণ্ডিং কমিটীৰ অধ্যক্ষ হ'ব কৃষি মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু তেওঁক সহায়কাৰী মূল বিষয়া হ'ব জনসংযোগৰ সঞ্চালক মানবেন্দ্ৰ দেৱৰয়। শ্রম মন্ত্ৰী ৰামেশ্বৰ তেলীৰ অভ্যর্থনা কমিটীৰ মূল বিষয়া হ'ব সাধাৰণ প্ৰশাসন বিভাগৰ সচিব পি এন সম্ভাজী। ডাঃ ৰণোজ পেগুৰ অধ্যক্ষতাত পৰিচালনা হ'ব টেকনিকেল কমিটী। এই কমিটীত তেওঁক সহযোগ কৰিব তথ্য আৰু কাৰিকৰী বিভাগৰ প্রধান সচিব কে এছ গোপীনাথ নাৰায়ণে।