ৰাজ্যৰ ঔদ্যোগীকৰণত মাইলৰ খুঁটি হ'ব নামৰূপ সাৰ কাৰখানা, নামৰূপত প্ৰধানমন্ত্ৰীৰ সভাস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী

dainik janambhumi December 11, 2025

ডিজিটেল ডেস্ক : নামৰূপ সাৰ কাৰখানাৰ নতুন গোটৰ আধাৰশিলা স্থাপনৰ বাবে ২১ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হোৱাৰ পূৰ্বে কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা নামৰূপত উপস্থিত হৈ সভাস্থলী পৰিদৰ্শন কৰি বিভাগীয় শীর্ষ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। প্রধানমন্ত্রীজনে প্রায় এক লাখ জনসমাগমক সম্বোধন কৰিবলগীয়া সভাস্থলীত দিনে-নিশাই চলিছে প্রস্তুতি। 

সাংবাদিকৰ সৈতে হোৱা সাক্ষাতত শর্মাই কয় যে সমগ্ৰ অসমৰ বাবে এয়া উৎসাহজনক খবৰ। প্ৰধানমন্ত্ৰী নামৰূপলৈ আহি বহু প্রত্যাশিত নামৰূপ সাৰ কাৰখানাৰ নতুন গোটৰ আধাৰশিলা স্থাপনৰ বিষয়টোৱে সমগ্র ৰাজ্যৰ উদ্যোগীকৰণত এটা মাইলৰ খুঁটি হিচাপে বিবেচিত হ'ব। তেওঁ কয় যে ১২ হাজাৰ কোটি টকাৰে নিৰ্মাণ কৰিবলগীয়া নতুন গোটটোৱে বছৰি ১২ লাখ মেট্রিকটন ইউৰিয়া উৎপাদন কৰিব আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাসায়নিক সাৰৰ চাহিদা পূৰণ কৰিব পাৰিব। অসম চৰকাৰৰ ৪০% অংশীদাৰিত্ব থকা এই উদ্যোগটো নিৰ্মাণৰ নিবিদা মুকলি হোৱাৰ লগতে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্রায় ২৪টা কোম্পানীয়ে নিবিদাত অংশগ্রহণ কৰাৰ কথা অৱগত কৰি ড° শৰ্মাই উদ্যোগটো নির্মাণ হ'বলৈ ৩ বছৰ ৬ মাহ প্রয়োজন হ'ব বুলি জানিবলৈ দিয়ে । 

তেওঁ আৰু কয় যে নামৰূপত ভৱিষ্যতে ইউৰিয়া উৎপাদন কৰাৰ উপৰি অন্যান্য ৰাসায়নিক সাৰ উৎপাদনৰো পৰিকল্পনা কৰা হৈছে। তদুপৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই নামৰূপত নুমলীগড় শোধনাগাৰ আৰু অসম পেট্ৰ'কেমিকেল লিমিটেডৰ যৌথ উদ্যোগত এহাজাৰ কোটি টকাৰ ব্যয় সাপেক্ষে এটা উদ্যোগ স্থাপন কৰা হ'ব বুলিও জানিবলৈ দিয়ে।

Share This