কাইলৈ জেড্ডাত উপস্থিত হ'ব মোদী

dainik janambhumi April 21, 2025

ডিজিটেল ডেস্ক : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া ছৌডি আৰব ভ্রমণসূচীৰে জেড্ডাত উপস্থিতি হ'ব। এয়া হ'ব বিগত চাৰি দশকত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম জেড্ডা ভ্রমণ। এই ভ্রমণে ভাৰত আৰু ছৌডি আৰবৰ মাজৰ সম্বন্ধৰ অভূতপূর্ব পৰিৱৰ্তনক প্রতিফলিত কৰিছে। 

এইবাৰৰ এই ভ্রমণ বিশেষ তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে। কিয়নো পূৰ্বৰ ভাৰতীয় প্ৰধানমন্ত্ৰীসকলৰ ছৌডি আৰব ভ্রমণ ৰিয়াধলৈকে সীমিত আছিল। ইয়াৰ পূৰ্বে ১৯৮২ চনত ইন্দিৰা গান্ধীয়ে জেড্ডা ভ্ৰমণ কৰিছিল। বর্তমান জেড্ডা ছৌডি আৰবৰ দ্বিতীয় সৰ্ববৃহৎ চহৰ। 

লোহিত সাগৰৰ পাৰৰ হেজাজ অঞ্চলত জেড্ডা অৱস্থিত। এই চহৰখন এটা গুৰুত্বপূৰ্ণ বাণিজ্যিক কেন্দ্ৰ। ইয়াক মুছলমানসকলৰ পৱিত্ৰ চহৰ মক্কা আৰু মদিনাৰ প্ৰৱেশদ্বাৰ বুলি গণ্য কৰা হয়। দুয়োখন দেশে ২০১০ চনত 'দ্বিপাক্ষিক সম্পর্ক কৌশলগত সহযোগিতালৈ উন্নীত কৰিছে।

Share This