ডিজিটেল ডেস্কঃ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে কয় যে সন্ত্রাসবাদীৰ প্রক্সি যুদ্ধই এতিয়া কাম নিদিব আৰু বুলেটৰ উত্তৰ বৰতোপৰ গোলাৰে দিয়া হ'ব। তেওঁ আৰু কয় যে পহলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ ভাৰতে দিয়া প্ৰত্যুত্তৰৰ পাছত 'সেন্দুৰ' পৰাক্ৰমৰ এক প্রতীক হৈ পৰিল। কিংবদন্তি ৰাণী লোকমাতা দেৱী অহিল্যাবাঈৰ ৩০০ সংখ্যক জয়ন্তী উপলক্ষে ভূ পালত আয়োজিত 'লোকমাতা দেৱী অহিল্যাবাঈ মহিলা সশক্তিকৰণ মহা সম্মিলন'ত মোদীয়ে কয়, 'দৃঢ় সংকল্পৰ এক প্রত্যুত্তৰেৰে ভাৰতে এই বার্তা দিলে যে সন্ত্রাসবাদীৰ দ্বাৰা কৰা প্রক্সি যুদ্ধই কামত নিদিব।
সংস্কৃতি আৰু মূল্যবোধৰ দেশ ভাৰতে সেন্দুৰক নাৰীৰ এক শক্তিৰ প্ৰতীক বুলি ভাবে। আজি সেই একে সেন্দুৰ সন্ত্রাসবাদৰ বিৰুদ্ধে আমাৰ পৰাক্ৰম আৰু প্ৰতিৰোধৰ প্ৰতীক হৈ পৰিল।' তেওঁ আৰু কয়, 'যদি তোমালোকে বুলেট নিক্ষেপ কৰা, তেতিয়া এই কথা নিশ্চিত যে তাৰ প্ৰত্যুত্তৰ বৰতোপৰ গোলাৰে দিয়া হ'ব।' প্রধানমন্ত্রী মোদীয়ে আৰু কয়, 'ভাৰত হৈছে সংস্কৃতি আৰু পৰম্পৰাৰ দেশ আৰু সেন্দুৰ আমাৰ সংস্কৃতিত নাৰী শক্তিৰ প্রতীক। ৰামভক্তিত মগ্ন হনুমানজীয়েও সেন্দুৰ খেলিছিল। আমি শক্তি পুজাত সেন্দুৰ আগবঢ়াওঁ। এই সেন্দুৰেই বীৰত্বৰ প্ৰতীক হৈ পৰিল।'
উল্লেখযোগ্য যে জম্মু-কাশ্মীৰৰ-পহলগামত ২২ এপ্রিলত সন্ত্রাসবাদীয়ে ২৬ অসামৰিক লোকক হত্যা কৰাৰ দুসপ্তাহৰ পাছতে ভাৰতে অপাৰেশ্যন সেন্দুৰৰ অধীনত পাকিস্তানত সন্ত্রাসবাদীৰ ৯টা ঘাটি আক্রমণ চলাই ধ্বংস কৰিছিল। ইফালে, লোক সভা আৰু বিধানসভাত মুঠ আসনৰ এক তৃতীয়াংশ মহিলাৰ বাবে সংৰক্ষণ কৰাৰ লক্ষ্যৰে ৰচনা কৰা নাৰী শক্তি বন্ধন অধিনিয়ম (মহিলা সংৰক্ষণ বিধেয়ক)ৰ বিষয়েও প্রধানমন্ত্রীয়ে সম্মিলনত উল্লেখ কৰে। প্রধানমন্ত্রী মোদীয়ে কয়, 'এইবাৰ ৭৫গৰাকী মহিলা সংসদৰ সদস্য হ'ল। আমি এই সংখ্যা বঢ়াবলৈ চেষ্টা কৰিছোঁ।' এই সন্মিলনৰ আগতে প্ৰধানমন্ত্ৰীয়ে ৰাণীৰ স্মাৰক ষ্টাম্প আৰু ৩০০ টকাৰ মুদ্রা উন্মোচন কৰে।