ডিজিটেল ডেস্কঃ'দেশৰ শত্ৰুবোৰে গম পালে যে 'সেন্দুৰ' যেতিয়া 'বাৰুদ' (বন্দুকৰ খাৰ) হয় তেতিয়া কি ঘটে।' এই মন্তব্য প্রধানমন্ত্রী মোদীৰ।
বৃহস্পতিবাৰে ৰাজস্থানত এখন সভাত ভাষণ দি প্রধানমন্ত্রীয়ে পাকিস্তানক আঁঠু কাঢ়িবলৈ বাধ্য কৰা ফান্দ পতাৰ বাবে ভাৰতৰ সেনা বাহিনীসমূহক প্রশংসা কৰে। অপাৰেশ্যন সেন্দুৰৰ পাছত প্ৰথমবাৰৰ বাবে দিয়া ৰাজহুৱা ভাষণত প্রধানমন্ত্রীয়ে পাকিস্তানক সমালোচনা কৰি কয় যে ২২ এপ্ৰিলৰ পহলগাম সন্ত্রাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰত 'আমি, ২২ মিনিটত ৯টা বৃহৎ সন্ত্রাসবাদী ঘাটি ধ্বংস কৰিলোঁ।'
ভাৰত-পাকিস্তান সীমান্তত থকা বিকানীৰ জিলাৰ পালানাত এখন ৰাজহুৱা সভাত মোদীয়ে কয়, 'বিশ্ব আৰু দেশৰ শত্ৰুবোৰে দেখিলে, যেতিয়া 'সেন্দুৰ' 'বাৰুদ 'লৈ ৰূপান্তৰ হয়, তেতিয়া কি ঘটে?' পাকিস্তানী সেনা আৰু দেশখনৰ অৰ্থনীতিয়ে প্রতিটো সন্ত্রাসবাদী আক্ৰমণৰ বাবে প্ৰচুৰ মূল্য ভৰিব লাগিব বুলি সকীয়াই দি প্রধানমন্ত্রীয়ে কয়, 'এতিয়া মোদীৰ সিৰাত তেজ নহয়, গৰম সেন্দুৰ বৈ আছে।'
তেওঁ আৰু কয় যে পহলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ ভাৰতৰ প্ৰত্যুত্তৰ এক প্রতিশোধৰ খেলা নাছিল, 'নতুন ধৰণৰ ন্যায় আছিল।' তেওঁ কয় যে পাকিস্তানৰ সৈতে বাণিজ্য নহ'ব বা আলোচনা নচলিব, কেৱল পাকিস্তান অধিকৃত কাশ্মীৰৰ কথাহে হ'ব। মোদীয়ে কয় যে পাকিস্তানে কেতিয়াও ভাৰতৰ সৈতে যুদ্ধত জিকিব নোৱাৰে। তেওঁ আৰু কয়, 'যেতিয়াই তেনে যুদ্ধ হৈছে, পাকিস্তান বাৰে বাৰে পৰাজিত হৈছে। সেয়ে, পাকিস্তানে সন্ত্রাসবাদক ভাৰতৰ বিৰুদ্ধে যুঁজিবলৈ অস্ত্র ৰূপে লৈছে।' পাকিস্তানলৈ কঠোৰ সকীয়নি প্ৰেৰণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে পাৰমাণৱিক ভাবুকিলৈ ভয় নকৰে। তেওঁ কয়, 'যদি ভাৰতত এটা সন্ত্রাসবাদী আক্রমণ চলে, তেন্তে যথোচিত প্রত্যুত্তৰ দিয়া হ'ব। তাৰ সময় আৰু পদ্ধতি। পদ্ধতি আমাৰ সেনাই নির্ধাৰণ কৰিব।' মোদীয়ে আৰু কয়, 'আমি সন্ত্ৰাসৰ ষড়যন্ত্রকাৰী আৰু সন্ত্রাসবাদীক পৃষ্ঠপোষকতা কৰা চৰকাৰৰ পৃথককৈ নাচাম। তেওঁলোকক এক বুলিয়েই ধৰিম।' বিকানীৰৰ নাল বিমান ঘাটিত পাকিস্তানে আক্ৰমণৰ চেষ্টা চলোৱা আৰু কোনো হানি ঘটাব নোৱৰাৰ কথা উল্লেখ কৰি তাৰ বিপৰীতে ভাৰতে হনা আঘাতৰ কথা প্রধানমন্ত্রীয়ে কয়। তেওঁ কয়, 'কোনেও নাজানে কেতিয়া পাকিস্তানৰ ৰহিময়াৰ খান বিমান ঘাটি পুনৰ মুকলি হ'ব। এইটো বর্তমান আই চি ইউত আছে। আক্রমণে (ভাৰতৰ) ইয়াক ধ্বংস কৰিলে।' ২০১৯ চনৰ বালাকোটৰ আক্ৰমণৰ পাছত ৰাজস্থানৰ চুৰুত অনুষ্ঠিত তেওঁৰ ৰাজহুৱা সভাৰ কথা সুঁৱৰি প্ৰধানমন্ত্ৰীয়ে কয়, 'এই মাটিৰ শপত মই দেশক নতশিৰ হ'বলৈ নিদিওঁ, মই দেশক শেষ হ'বলৈ নিদিওঁ।' ২০১৬ চনৰ ছাৰ্জিকেল স্ট্রাইক আৰু বালাকোট বিমান আক্ৰমণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আগতে ভাৰতে তেওঁলোকৰ ঘৰত সোমাই আক্রমণ কৰিছিল, কিন্তু এতিয়াৰ আক্রমণটো আছিল পোনে পোনে বুকুত। তেওঁ আৰু কয় যে পাকিস্তানে সন্ত্রাসবাদ বিয়পাইছিল, নিৰীহ লোকক হত্যা কৰিছিল আৰু ভাৰতত এক আতংকৰ পৰিৱেশ সৃষ্টি কৰিছিল। তেওঁ কয়, 'এতিয়া মোদী, 'মা ভাৰতী'ৰ সেৱক ইয়াত মূৰ তুলি থিয় হৈ আছে। মোদীৰ মন শান্ত হৈ থাকে, কিন্তু তেওঁৰ তেজ গৰম।' উল্লেখযোগ্য যে প্রধানমন্ত্রী মোদীয়ে বৃহস্পতিবাৰে অসমৰ হয়বৰগাঁৱকে ধৰি দেশৰ ১৮খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ ৮৬খন জিলাত পুনৰ নিৰ্মাণ কৰা ১০৩টা অমৃত ষ্টেছন ভার্চুৱেলী উদ্বোধন কৰে। প্রধানমন্ত্রীয়ে আজি উক্ত ষ্টেছনসমূহকে ধৰি ৰাজস্থানৰ ৰে'লপথকে আদি কৰি মুঠ ২৬,০০০ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে ।