ডিজিটেল ডেস্কঃ 'নাৰীসকল একত্ৰিত হ'ব লাগে, এয়া সময়ৰ আহ্বান।' এই মন্তব্য বিশিষ্ট সাহিত্যিক ড° দীপ্তি ফুকন পাটগিৰীৰ। লেখিকা সংস্থা, অসমৰ উদ্যোগত আজি গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত অনুষ্ঠিত আন্তর্জাতিক নাৰী দিৱস আৰু বঁটা প্রদান অনুষ্ঠানত অংশগ্ৰহণ কৰি পাটগিৰীয়ে কয় যে একত্রিত হৈ আগবাঢ়িলেহে নাৰীসকলে সমাজত সম-অধিকাৰ লাভ কৰিবলৈ সক্ষম হ'ব। আত্মসমালোচনাৰ যোগেৰে নাৰীসকলক নিজৰ লক্ষ্যত উপনীত হোৱাৰ বাবে আহ্বান জনাই তেওঁ লগতে লেখিকা সংস্থাক তেওঁলোকৰ সুদীর্ঘ কালৰ ইতিহাস প্রণয়ন কৰিবলৈ আৰু গৱেষণামূলক কামত খোজ দিবলৈ অনুৰোধ কৰে।
উল্লেখযোগ্য যে আজিৰ এই অনুষ্ঠানত লেখিকা সংস্থা, অসমে তিনিটা বঁটাও ৰাজ্যৰ তিনিগৰাকী বিশিষ্ট সাহিত্যিকক প্ৰদান কৰে। সেই অনুসৰি আই পদ্মপ্রিয়া বঁটা প্ৰদান কৰা হয় অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত স্বাস্থ্য পৰিদৰ্শক তথা সাহিত্যিক ৰুণু গোস্বামীক। এই বঁটা প্ৰদান কৰে শংকৰী কলা-সংস্কৃতিৰ সাধক তথা বঁটা দাতা অৰুণা বৰাই। বঁটাপ্ৰাপকৰ জীৱন আৰু কৃতী সম্পর্কে বক্তব্য আগবঢ়ায় সাংবাদিক অমল গোস্বামীয়ে। ইফালে, শুচিব্রতা ৰায়চৌধুৰী সংহতি বঁটা ড° দীপ্তি ফুকন পাটগিৰীক বঁটা প্ৰদান কৰে বিশিষ্ট শিক্ষাবিদ ড° দয়ানন্দ পাঠকে। বঁটা লাভ কৰা পাটগিৰীৰ জীৱন আৰু কৃতী সম্পর্কে ভাষণ দিয়ে বিশিষ্ট লেখিকা মঞ্জু মজুমদাৰ বৰ্মনে।
একেদৰে গীতা উপাধ্যায় সেতু বন্ধন বঁটা বি বৰুৱা কলেজৰ অধ্যাপিকা ড° ইন্দু প্রভা দেৱীক বঁটা প্ৰদান কৰে সাহিত্য অকাদেমি বঁটাৰে সন্মানিত শিশু সাহিত্যিক হৰপ্রিয়া বাৰুকিয়াল বৰগোহাঞিয়ে। বঁটাপ্ৰাপকৰ জীৱন আৰু কৃতী সম্পর্কে ভাষণ দিয়ে ড° জ্যোতিৰাণী বৰাই। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে যুগব্রতা দত্ত, ড° ইনু মহন্ত কলিতা আৰু মঞ্জুলা শর্মা ভট্টাচাৰ্যই অংশগ্ৰহণ কৰে।
সংস্থাৰ সভাপতি মামণি গগৈ বৰুৱাই সঞ্চালনা কৰা, সংস্থাৰ প্ৰধান সম্পাদক অঞ্জলি ৰাজকুমাৰীয়ে আদৰণী ভাষণ দিয়া সভাখন উদ্বোধন কৰে সংস্থাৰ প্ৰাক্তন সভাপতি মৃদুলা শর্মাই। আনহাতে, এই অনুষ্ঠানতে অৰুণা বৰাই সংকলন কৰা আই পদ্মপ্ৰিয়াৰ গীত-ঘোষা আৰু বংশ পৰিচয় নামৰ এখন গ্রন্থও উন্মোচন কৰা হয়।