গভীৰ বিত্তীয় সংকটত নাছা

dainik janambhumi May 09, 2025

ডিজিটেল ডেস্কঃ দিল্লীত আয়োজিত গ্ল'বেল স্পেচ এক্সপ্ল'ৰেশ্যন কনফাৰেন্সত (জি এল ই এক্স-২০২৫) আমেৰিকাস্থিত নেশ্যনেল এৰ'নটিক্‌ছ এণ্ড স্পেচ এডমিনিষ্ট্রেশনে (নাছা) অংশ নল'লে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ দ্বিতীয়টো কার্যকালত মহাকাশ সংস্থাটোৰ বাজেট কৰ্তন কৰাৰ ফলস্বৰূপে মার্কিন মহাকাশ সংস্থাটোৱে এই বিশ্বজনীন সম্মিলনখনত অংশ নল'লে। 

বিশ্বৰ ৩৭খন দেশে অংশগ্রহণ কৰা সম্মিলনখনত নাছাই লক্ষণীয়ভাৱে উপস্থিত নাছিল। মার্কিন প্রশাসনে মহাকাশ সংস্থাটোৰ বাজেটৰ ২৪.৩ শতাংশ কৰ্তন কৰাৰ প্ৰস্তাৱ লোৱাৰ পাছতেই নাছাত এতিয়া বিত্তীয় সংকটে দেখা দিয়াৰ পৰিস্থিতি হৈছে। 

আনহাতে, নাছা আৰু ইলন মাস্কৰ মাজত সংঘটিত হোৱা বর্ধিত সংঘাতে নাছাৰ বিত্তীয় ব্যৱস্থাত প্ৰভাৱ পেলাইছে। কিছুমান বিশেষজ্ঞই দাবী কৰিছে যে নাছাৰ পুঁজি কৰ্তনৰ মাজতে এইটো সন্দেহ হৈছে যে বহুতো মহাকাশ চুক্তি স্পেচ এক্সৰ দিশত গতি কৰিব।

 উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি ট্রাম্পৰ ঘনিষ্ঠ উপদেষ্টা তথা বিদেশী ৰাষ্ট্ৰসমূহৰ প্ৰতি ব্যয় কর্তন কৰাত আগভাগ লোৱা আমেৰিকাৰ তথাকথিত বিভাগ ডি অ' জি ইৰ মুৰব্বী ইলন মাস্কৰ স্পেচ এক্সে বর্তমান সময়ত দেশখনত বেছি প্ৰভাৱ বিস্তাৰ কৰিছে। ইয়াৰ মাজতে দিল্লীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় জি এল ই এক্স সম্মিলনত নাছাৰ অনুপস্থিতিয়ে যথেষ্ট তাৎপর্য বহন কৰিছে।

Share This