পঞ্চায়ত-গ্রামোন্নয়ন বিভাগৰ সফলতা, ৰাজ্যৰ ৩ পঞ্চায়তক ৰাষ্ট্ৰীয় বঁটা প্ৰদান

dainik janambhumi June 06, 2026

ডিজিটেল ডেস্ক: গ্রামোন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ল ৰাজ্যৰ তিনিখনকৈ পঞ্চায়তে। কেন্দ্ৰীয় চৰকাৰৰ পঞ্চায়তীৰাজ মন্ত্ৰ্যালয়ে প্রতি বছৰে বিভিন্ন শিতানত দেখুওৱা উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে আগবঢ়োৱা বঁটা এইবাৰ অসমৰ তিনিখনকৈ পঞ্চায়তে লাভ কৰিবলৈ সক্ষম হৈছে। 

নগাঁও জিলাৰ কঠীয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত ঝুমুৰমুৰ গাঁও পঞ্চায়তে 'পৰিষ্কাৰ আৰু সেউজ' শিতানত 'দীনদয়াল উপাধ্যায় পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ ২০২৫'ৰ অধীনত দ্বিতীয় শ্রেষ্ঠ পঞ্চায়তৰ বঁটা লাভ কৰিছে। পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু পৰিৱেশ সুৰক্ষা তথা সেউজীকৰণৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ বাবে পঞ্চায়তখনলৈ এই সন্মান আগবঢ়োৱা হৈছে। আনহাতে আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত নিজস্ব প্ৰচেষ্টাৰে সফলতা অর্জন কৰা ডিব্ৰুগড় জিলাৰ টেঙাখাট উন্নয়ন খণ্ডৰ অন্তর্গত হুগ্রীজান গাঁও পঞ্চায়তে 'স্বাৱলম্বী আন্তঃগাঁথনি' শিতানত দ্বিতীয় শ্রেষ্ঠ পঞ্চায়তৰ 'দীনদয়াল উপাধ্যায় পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ ২০২৫' লাভ কৰিবলৈ সক্ষম হৈছে। 

আন এটা উল্লেখযোগ্য প্রাপ্তি হ'ল শোণিতপুৰ জিলাৰ গাভৰু উন্নয়ন খণ্ডৰ অন্তৰ্গত নতুন নপাম গাঁও পঞ্চায়তে 'নানাজী দেশমুখ সর্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ ২০২৫' অধীনত ৰাষ্ট্ৰীয় পৰ্যায়ত শ্রেষ্ঠ পঞ্চায়ত সন্মান লাভ কৰিছে। বহনক্ষম উন্নয়ন, সুশাসন আৰু তৃণমূল পর্যায়ত সেৱা প্ৰদানৰ ক্ষেত্ৰত লোৱা উৎকৃষ্ট পদক্ষেপৰ বাবে উক্ত গাঁও পঞ্চায়তখনে এই বঁটা লাভ কৰিছে। ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ জৰিয়তে গ্রামাঞ্চলৰ বিকাশ আৰু বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্রত অসমে যি দক্ষতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে, তিনিখনকৈ পঞ্চায়তে ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা এই বঁটাসমূহে পুনৰবাৰ তাক প্ৰমাণ কৰি দেখুৱালে। 

উল্লেখযোগ্য যে গাঁও পঞ্চায়তৰ উন্নয়নমূলক কামসমূহক উদগনি জনোৱাৰ বাবে ভাৰত চৰকাৰৰ পঞ্চায়তীৰাজ মন্ত্ৰ্যালয়ে প্রতি বছৰে বিভিন্ন শিতানত বঁটা প্ৰদান কৰি আহিছে। উল্লেখযোগ্য যে যোৱা ৩ জুনত নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত উল্লিখিত পঞ্চায়ত তখনক এই বঁটা প্ৰদান কৰা হয়।

Share This