জাতীয় দলিল
Dainik Janambhumi
October 08, 2024
১৯৩৪ চনৰ পৰা ১৯৪৮ চনৰ এই সময়ছোৱা অসমৰ ইতিহাসৰ এনে এক গুৰুত্বপূৰ্ণ সময় যাৰ প্ৰভাৱ এতিয়ালৈকে অসমৰ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক জীৱনত পৰি আছে৷ এই সময়ছোৱা আছিল দেশৰ স্বাধীনতা সংগ্ৰামৰ অন্তিমছোৱা সময়, ভাৰতীয় মানুহে ৰাজনৈতিক ক্ষমতা পোৱাৰ সূচনাৰ সময়, ভাৰতীয় ৰাজনৈতিক শিবিৰবোৰৰ মাজত সংঘাতৰ সময়, পূৰ্ব বংগীয় অনুপ্ৰৱেশে চৰকাৰী পৃষ্ঠপোষকতা পোৱা আৰু ইয়াক কেন্দ্ৰ কৰি বিবাদৰ সূচনা হোৱাৰ সময়, লগতে অসমৰ এক নিজস্ব ৰাজনৈতিক পৰিচয় সৃষ্টিৰ সময়৷ সেই সময়ছোৱাত এগৰাকী প্ৰবল অসমপ্ৰেমী সম্পাদকৰ দৃষ্টিৰে ‘অসমীয়া’ৰ সম্পাদক হৰেন্দ্ৰ নাথ বৰুৱাই অসমৰ সামাজিক-ৰাজনৈতিক পৰিৱেশ-পৰিস্থিতিৰ তীব্ৰ পৰ্যবেক্ষণ, অধ্যয়ন আৰু পৰ্যালোচনাৰে যিবোৰ সম্পাদকীয় আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয়ৰ লেখা তেওঁৰ নিজৰ সম্পাদিত তথা অন্যান্য কাকত-আলোচনীত প্ৰকাশ কৰিছিল, সেইবোৰে সংশ্লিষ্ট প্ৰতিটো মহলৰ গুৰুত্ব লাভ কৰিছিল আৰু কিছুমান স্পৰ্শকাতৰ বিষয়ত জনমত গঠনত প্ৰভাৱ পেলাইছিল৷
সাংবাদিক-সম্পাদক হোৱাৰ সমান্তৰালকৈ হৰেন্দ্ৰ নাথ বৰুৱা আছিল এগৰাকী সক্ৰিয় কংগ্ৰেছী আৰু স্বাধীনতা সংগ্ৰামী৷ গতিকে সেই সময়ৰ গুৰুত্বপূৰ্ণ বিষয়বিলাকত তেখেতৰ দৃষ্টিভংগীৰ এটা সুকীয়া গুৰুত্ব আছিল আৰু সেয়েহে তেখেতৰ সম্পাদকীয়বিলাকক সেই সময়ৰ গুৰুত্বপূৰ্ণ দলিলৰূপেও বিবেচনা কৰিব পৰা যায়৷ হৰেন্দ্ৰ নাথ বৰুৱাৰ সম্পাদকীয় আৰু অন্যান্য লেখাৰ এখন বৃহৎ কলেৱৰৰ সংকলন যোৱা দেওবাৰে প্ৰকাশ হৈ ওলাল৷ হৰেন্দ্ৰ নাথ বৰুৱাৰ কনিষ্ঠ পুত্ৰ; অসম প্ৰশাসনীয় সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰাজীৱ প্ৰকাশ বৰুৱাসহ পৰিয়ালটোৰ উদ্যোগত আৰু ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, লেখক দিগন্ত ওজাৰ সম্পাদনাত প্ৰকাশিত এই মূল্যৱান গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁয়ে৷ গ্ৰন্থখনৰ ‘ভূমিকা’ লেখাত সম্পাদক ওজাই লিখিছে যে একমাত্ৰ বুৰঞ্জী আৰু পুৰা¸তত্ত্ব বিভাগৰ পুথিভঁৰালতহে আছে হৰেন্দ্ৰ নাথ বৰুৱা সম্পাদিত ‘অসমীয়া’ৰ সংখ্যাবোৰ৷ বহু সংখ্যা নোহোৱা হৈয়ো গ’ল৷ যিবোৰ আছে তাৰো অৱস্থা শোচনীয়৷ তাৰ অনেক সম্পাদকীয়ৰ পাঠোদ্ধাৰ কৰিব নোৱৰা অৱস্থা৷ তাৰ মাজৰ পৰা অনেক কষ্ট কৰি লেখাখিনি সংগ্ৰহ কৰি একত্ৰ সংকলনৰ পৰ্যায়লৈ আনিব পৰাটো জাতিৰ বাবে এটা মহৎ কৰ্ম৷ বৰুৱাদেৱৰ সন্তানক তথা সম্পাদক ওজা আৰু তেওঁলোকৰ সহযোগীসকলক ইয়াৰ বাবে ধন্যবাদ দিবই লাগিব৷ তেওঁলোকে ৰাজ্যৰ গুৰুত্বপূৰ্ণ এছোৱা সময়ৰ ইতিহাস চিৰদিনৰ বাবে সংৰক্ষণ কৰিলে৷
হৰেন্দ্ৰ নাথ বৰুৱাৰ সমসাময়িক বিশিষ্ট সাংবাদিক প্ৰয়াত তিলক হাজৰিকাই তেখেতৰ বিষয়ে এইদৰে লিখি থৈ গৈছে– ‘হৰেন্দ্ৰ নাথ বৰুৱা ভাৰতৰ ইতিহাসৰ দোমোজাৰ মানুহ৷ স্বাধীনতা সংগ্ৰাম আৰু স্বাধীনতা প্ৰাপ্তিৰ সন্ধিকালৰ তেওঁ অকল প্ৰত্যক্ষদৰ্শী বা পৰ্যবেক্ষকেই নহয়, তেওঁ এজন সহযোগকাৰী বুদ্ধিজীৱীও৷ আজিৰ ইতিহাস নিৰ্মাণ কৰাত তেওঁৰো আন গণ্যসকলৰ দৰে বৰঙনি আছে৷ সেই বৰঙনি কম নহয়৷ তেওঁলোক সকলোৱেই আছিল ৰাজনৈতিক ব্যক্তি৷ কিন্তু এই ‘ৰাজনীতি’ৰ পৰিসৰ আৰু অৰ্থবোধকতা তেতিয়া যি আছিল, আজি সি একে নহয়৷’ ‘অসমপ্ৰাণ হৰেন্দ্ৰ নাথ বৰুৱা সম্পাদকীয় আৰু অন্যান্য’ শিৰোনামৰ গ্ৰন্থখনত সেইজন হৰেন্দ্ৰ নাথ বৰুৱাৰ চিন্তা-দৰ্শন আৰু আদৰ্শক বিচাৰি পোৱাৰ লগতে সেই সময়ৰে অসমৰ সংঘাতপূৰ্ণ পৰিস্থিতিত বিভিন্ন পক্ষৰ নেতাসকলৰ ভূমিকা কেনেকুৱা আছিল তাৰ আভাস পোৱা যাব৷ ইয়াত তিনিদিনীয়া অসমীয়া, সাদিনীয়া অসমীয়া আৰু দৈনিক অসমীয়াৰ ১৯৩৪ চনৰ পৰা ১৯৪৮ চনলৈ সম্পাদকীয় নিবন্ধসমূহৰ লগতে ৬খন গ্ৰন্থ পুস্তিকা, জ্ঝটা প্ৰবন্ধ, ৩টা গল্প সন্নিৱিষ্ট হৈছে৷ সম্পাদকীয়সমূহত কংগ্ৰেছ তথা স্বাধীনতা সংগ্ৰামৰ বহু বিক্ষিপ্ত বিষয়, মহাত্মা গান্ধী, প্ৰাদেশিক চৰকাৰৰ বিভিন্ন দিশ, জাতিগঠন, চাদুল্লা মন্ত্ৰীসভা, ছিলেট জিলা, মুছলমানৰ প্ৰসংগ, কমিউনিষ্টৰ ভূমিকা, ভগনীয়া সমস্যাৰ লগতে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ অৱতাৰণা কৰি জাতীয় কৰ্তব্য আৰু দায়িত্বৰ বিষয়ে মতামত তথা পথ-নিৰ্দেশনা দিয়াই নহয় সমাজ জীৱনৰ প্ৰয়োজনীয় সৰু-সুৰা বিষয়ৰো আলোচনা কৰিছে৷
ছিলেটখনক তেতিয়াই তেওঁ অসমৰ বিকাশৰ অন্তৰায় বুলি চিহ্নিত কৰিছিল৷ সংকলনখনত ‘অসমৰ পমুৱা আৰু মাটি বন্দোৱস্তী সমস্যা’ শীৰ্ষক বৰুৱাৰ যিখন পুস্তিকা সংলগ্ন কৰা হৈছে তাৰ প্ৰকাশক আছিল দেৱকান্ত বৰুৱা৷ অসমক বংগ দেশৰ সৈতে সাঙুৰি ‘চি’ গ্ৰnপত অন্তৰ্ভুক্ত কৰা ব্ৰিটিছৰ সিদ্ধান্ত আৰু তাত তদানীন্তন কংগ্ৰেছ নেতৃত্বৰ সমৰ্থনৰ বিৰুদ্ধে যিখন যুদ্ধ হৈছিল তাত গোপীনাথ বৰদলৈক সক্ৰিয় বৌদ্ধিক সমৰ্থন আগবঢ়াইছিল হৰেন্দ্ৰ নাথ বৰুৱাই৷ তাৰো অধ্যায় সন্নিৱিষ্ট হৈছে সংকলনখনত৷ যিহেতুকে সেই সময়খিনিৰ কিছুমান সিদ্ধান্ত আৰু ঘটনাপ্ৰৱাহৰে প্ৰভাৱ আদিও আমাৰ ৰাজ্যৰ সামাজিক-ৰাজনৈতিক ক্ষেত্ৰত পৰি আছে, সেয়েহে গ্ৰন্থখনে আমাৰ সমস্যাৰ ভেটিটো সম্পৰ্কে থাওকতে জনাৰ সুবিধা কৰি দিছে৷ এই গ্ৰন্থখন সেই সময়ৰ এখন দাপোণ৷ ইচ্ছুকসকলে ইয়াৰ মাজেদি আমাৰ স্পৰ্শকাতৰ অতীতক চাব পাৰিব৷ আজিৰ প্ৰজন্মৰ সাংবাদিকসকলেও পাব এগৰাকী অসমপ্ৰেমী সাংবাদিকৰ নিষ্ঠা আৰু দায়বদ্ধতাৰ উমান৷
Share This