ডিজিটেল ডেস্কঃ ৱাশ্বিংটন আৰু নতুন দিল্লীৰ মাজত এখন পৃথক বাণিজ্য চুক্তি কৰাৰ ইংগিত দি মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে শনিবাৰে ৱাশ্বিংটনত ভাৰতৰ বিষয়ে মন্তব্য নকৰাকৈ পুনৰ ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা দেশৰ বিৰুদ্ধে শুল্ক আৰোপৰ বাবে নাটোৰ দেশসমূহক আহ্বান জনায়।
ট্রাম্পে কয় যে ৰাছিয়া আৰু চীনৰ বিৰুদ্ধে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিবলৈ তেওঁ প্রস্তুত আছে। কিন্তু ইয়াৰ আগতে নাটোৰ দেশসমূহে ৰাছিয়াৰ তেল ক্ৰয় কৰাটো বন্ধ কৰিব লাগিব। 'টুথ ছ'চিয়েল'ত পষ্ট দি ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে কেৱল আমেৰিকাইহে কিয় ৰাছিয়া-চীনৰ বিৰুদ্ধে নিষেধাজ্ঞা আনিব লাগে নাটোৰ দেশসমূহেও ৰাছিয়া-চীনৰ বিৰুদ্ধে শুল্ক আৰোপ কৰিব লাগে। লক্ষণীয় বিষয়টো হ'ল- ক্রমাৎ ভাৰতৰ প্ৰতি নমনীয় হোৱা ভাৰতৰ বিষয়ত শনিবাৰে ৰাষ্ট্ৰপতি ট্রাম্পে একো মন্তব্য নকৰিলে।
উল্লেখযোগ্য যে ভাৰতৰ বিৰুদ্ধে ৫০% শুল্ক আৰোপ কৰাৰ বাবে নিজ দেশতেই সমালোচনাৰ সন্মুখীন হৈছে ৰাষ্ট্ৰপতি ট্রাম্প।