প্রাকৃতিক দুর্যোগ, ১২ হাজাৰ কোটি ডলাৰৰ ক্ষতি

dainik janambhumi December 28, 2025

ডিজিটেল ডেস্ক : জলবায়ু পৰিৱৰ্তনৰ বাবে বিশ্বজুৰি সৃষ্টি হোৱা গ্রীষ্মপ্রৱাহ, বনজুই, খৰাং, বান-ধুমুহাৰ বাবে ২০২৫ বর্ষত সমগ্র বিশ্বত ১২ হাজাৰ কোটি ডলাৰৰ (১২০ বিলিয়ন ডলাৰ) সা-সম্পত্তি, আন্তঃগাঁথনি ক্ষতিগ্রস্ত হৈছে। জলবায়ু সম্বন্ধীয় ব্রিটেইন ভিত্তিক এন জি অ' 'খ্রিষ্টীয়ান এইড'ৰ এটা শেহতীয়া প্রতিবেদনত এই তথ্য প্রকাশ পাইছে। প্রতিবেদনখনৰ তথ্য অনুসৰি, জীৱাত্ম ইন্ধনৰ কোম্পানীবোৰে এই জলবায়ু পৰিৱৰ্তনৰ দৰে পৰিঘটনাসমূহ সৃষ্টি কৰাত মুখ্য ভূমিকা লৈছে। গ্রীনহাউছৰ পৰা গেছ নির্গমণ হোৱাটো হ্রাস কৰিবলৈ বিশ্বৰ দেশবোৰে যদি জৰুৰী ব্যৱস্থা নলয়, তেনেহ'লে আহি থকা দিনবোৰত এই জলবায়ু পৰিৱৰ্তনৰ জ্বলন্ত সমস্যাই অধিক সংকটৰ সৃষ্টি কৰিব বুলি প্রতিবেদনখনত কোৱা হৈছে। 

লণ্ডনৰ ইম্পেৰিয়েল কলেজৰ এমেৰিটাছ প্ৰফেছৰ জোৱানা হাইয়ে কয় যে এই দুর্যোগবোৰ প্ৰাকৃতিক নহয়। এই দুর্যোগবোৰ সংঘটিত হৈছে বিশ্বত নিৰৱচ্ছিন্নভাবে হৈ থকা জীৱাশ্ম ইন্ধনৰ সম্প্ৰসাৰণ প্ৰক্ৰিয়াৰ বাবে আৰু বিশ্বৰ দেশসমূহৰ ৰাজনৈতিক অনীহাৰ বাবে। বিশ্বৰ দেশসমূহক বিত্তীয়ভাৱে ক্ষতিগ্রস্ত কৰা ১০টা মুখ্য প্রাকৃতিক দুর্যোগৰ বিষয়ে উল্লেখ কৰা হৈছে প্রতিবেদনখনত। বিভিন্ন প্রাকৃতিক দুর্যোগৰ বিত্তীয় ক্ষতিগ্রস্ত মাপটো বীমা কোম্পানীবোৰৰ পৰিসংখ্যাৰ আধাৰত নিৰূপণ কৰা হৈছে যদিও এই বিত্তীয় ক্ষতিৰ পৰিমাণ আৰু অধিক হোৱাৰ সম্ভাৱনা আছে। আনহাতে, সমগ্র বিশ্বজুৰি প্রাকৃতিক দুর্যোগত প্রাণ হেৰুওৱাৰ সংখ্যা এতিয়াও অগণিত হৈ আছে। বিশ্বৰ ইতিহাসত ২০২৫ বৰ্ষত প্রাকৃতিক দুর্যোগত সর্বাধিক বিত্তীয় ক্ষতি হৈছে। চলিত বৰ্ষত আমেৰিকাৰ কেলিফর্নিয়াত হোৱা বনজুইত ৬ হাজাৰ কোটি ডলাৰৰ সা-সম্পত্তি ক্ষতিগ্রস্ত হোৱাৰ লগতে ৪ শতাধিক লোকৰ মৃত্যু হৈছিল। দ্বিতীয় স্থানত আছে দক্ষিণ এছিয়াত নৱেম্বৰ মাহত হোৱা প্রাকৃতিক দুৰ্যোগ। দক্ষিণ এছিয়াৰ থাইলেণ্ড, ইণ্ডোনেছিয়া, শ্রীলংকা, ভিয়েটনাম আৰু মালয়েছিয়াত সংঘটিত ঘূর্ণী আৰু আকস্মিক বানত ২৫০০ কোটি ডলাৰৰ সা-সম্পত্তি, আন্তঃগাঁথনি ক্ষতিগ্রস্ত হোৱাৰ লগতে ১৭৫০জন লোকৰ মৃত্যু হয়। তৃতীয়তে, চীনত হোৱা বিধ্বংসী বানত ১১৭০ কোটি ডলাৰৰ সম্পত্তিৰ ক্ষতি হয় আৰু কমেও ৩০জন লোকৰ মৃত্যু হয়। 

প্রতিবেদনখনত কোৱা হৈছে যে ২০২৫ বর্ষত জলবায়ু দুৰ্যোগৰ পৰা কোনো এখন মহাদেশেই সাৰি যোৱা নাই। চতুর্থতে এছিয়াৰ ভাৰত আৰু পাকিস্তানত হোৱা জলবায়ু সম্বন্ধীয় দুর্যোগত ১৯০০ লোকে চলিত বৰ্ষত প্রাণ হেৰুৱায় আৰু ৬০০ কোটি ডলাৰৰ বিত্তীয় ক্ষতি হয় দুয়োখন চুবুৰীয়া দেশৰ। আনহাতে, ফিলিপাইনছত হোৱা ঘূর্ণী বতাহত ৫০০ কোটি ডলাৰৰ বিত্তীয় ক্ষতি হয় আৰু ১.৪ মিলিয়ন লোক স্থানচ্যুত হয়। বিশ্বৰ ধনী দেশবোৰৰ সম্পত্তি মূল্য উচ্চ হোৱাৰ বাবে সেই দেশবোৰে বীমাকৃত ধনেৰে লোকচানৰ মোকাবিলা কৰিব পাৰে যদিও ২০২৫ চনত বিশ্বৰ দৰিদ্ৰ দেশসমূহক জলবায়ু সম্বন্ধীয় দুর্যোগে বিত্তীয়ভারে অধিক কোঙা কৰি তুলিছে।

Share This