গাই-চিমেন-জীয়ধলৰ চাপৰিত কঁহুৱাৰ আচ্ছাদন

dainik janambhumi September 24, 2025

ডিজিটেল ডেস্ক : আহিনে দিয়ে শাৰদী ৰাণীক উকা কপালৰ ৰঙা সেন্দূৰ ফোঁট। শাঁত পৰা স্নিগ্ধ বতাহ, মুগ্ধ হিয়াৰ খবৰ দিয়ে আহিনৰ নীলাভ আকাশে। আহিন মানেই শৰৎ। শৰৎ মানেই যেন কঁহুৱা। ভূপেনদাই গোৱাৰ ধৰণে 'শাৰদী ৰাণী তোমাৰ হেনো নাম...', 'আহিন মহীয়া শেৱালি সৰিলে/নিয়ৰত তিতিলে বন...', 'কঁহুৱা বন/মোৰ অশান্ত মন...' ইত্যাদি। সঁচাকৈ বন ফুলনিত আদৰ নাথাকিলেও মন ফুলনি কত আছে যে বন্দনা কঁহুৱা ফুলৰ। কবিকুল, গীতিকাৰ, চিত্ৰকাৰৰ মনতো শৰৎ বুলি ক'লেই আঁকে কঁহুৱা ফুলৰ চানেকি...। হয়! অনেক প্রতিশ্রুতি আৰু সম্ভাৱনা লৈ ধৰাৰ বুকুলৈ আকৌ আহিল শৰৎ। 'শাৰদী ৰাণী তোমাৰ হেনো নাম/তুমি মোৰ নিচেই আপোন/সদ্যস্নাতা ৰূপহী মোৰ/পুৱতি নিশাৰ সপোন...' শৰৎ মানেই যেন শুভ্রতাই ধোৱাই যোৱা কোমল কঁহুৱা, নিশাৰ এলাগী শেৱালি ফুল। সোণগুটি পথাৰত গেঁৰ মৰা সেউজীয়া ধাননি ধৰা। নিয়ৰ সনা দুবৰি বন। শৰৎ কাল অতি বিতোপন বুলি উল্লেখ আছে ভগৱান শ্রীকৃষ্ণৰ ৰাসলীলাতো।

তদুপৰি শৰতক অতি পচন্দ কবিকুলৰ মাজতো। হীৰুদাই কৈছে 'তামস আকাশখনৰ/স্তব্ধতা ভাঙে কোমল কঁহুৱা ফুলে/কবিতাৰো বতৰ আছে আহিনৰ আকাশে কাণে-কাণে ক'লে...'। একেদৰে গীতিকাৰেও গীত লিখিছে শৰতক লৈ অনেক বন্দনা- 'কি গীত শেৱালি ফুলে/শৰৎ আহে মোৰ পদূলিলৈ...। 'কঁহুৱা বন মোৰ অশান্ত মন...'। মুঠৰ ওপৰত 'অভিমানী এই শৰতৰ স্নিগ্ধতাক যুগে যুগে আঁকোৱালি লৈ আহিছে সৰ্বসাধাৰণ লোকেও। এনে সময়তে ৰাজ্যৰ লগতে ধলে ধোৱা ধেমাজিত জীয়াধল, গাই নৈ, চিমেন চাপৰিত ধেমাজিত কঁহুৱা ফুলে এবাৰলৈ দৃষ্টি আকৰ্ষণ কৰিছে বাটৰুৱাক। কঁহুৱা ফুলৰ ফাঁকে ফাঁকে শাৰদী ৰাণীৰে আলাপ। জীয়াধল নৈৰ বালিচৰ এতিয়া কেৱল কঁহুৱা আৰু কঁহুৱা ফুলৰ নান্দনিক দৃশ্য। সমান্তৰালকৈ গাই নৈৰ পাৰ আৰু চিমেন চাপৰিত এসাগৰ কঁহুৱাৰ মাজে মাজে অনুৰাগীৰ আনন্দৰ লহৰ তুলিছে, চলিছে ছেলফিৰ যেন অঘোষিত প্রতিযোগিতা। ধেমাজিত এতিয়া গঢ় লৈ উঠিছে আহিনৰ লেনস্কেপ। ছেলফিৰ আখৰা। মন কৰিবলগীয়া যে, অৰুণাচল প্ৰদেশৰ পাহাৰৰ পৰা বৈ অহা খৰস্রোতা জীয়াধল-গাই-চিমেন নৈয়ে গত বছৰসমূহত বানৰ প্ৰকোপৰ সমান্তৰালকৈ গাঁও আৰু পথাৰসমূহত বালি আৰু পলস পেলাই আহিছে। এই পলস আৰু বালিচৰসমূহত বাৰিষাৰ পিছতে নল-খাগৰি-বিৰিণা গজিবলৈ আৰম্ভ কৰিছে। শৰতৰ এই বতৰত লিহিৰি কঁহুৱাই চাপৰি অঞ্চলসমূহত দলিচাৰ দৰে সাগৰ হৈ পৰিছে।

ৰিব ৰিব এছাতি মলয়াত উতনুৱা ৰ'দৰ জিকমিকনিত শুভ্র কঁহুৱাই বা লাগি উৰে মন এতিয়া ধলে ধোৱা জীয়াধল-গাই-চিমেন চাপৰি আদি বালিচৰত। খিচিৰ-মিচিৰ সৰু চৰাইৰ মাতে যেন কঁহুৱাৰ মাজত ছাট মাৰি ধৰে বাটৰুৱাক। এফালে নৈ পৰীয়া বানাক্ৰান্তৰ নিনাদ, আনফালে অভিশপ্ত বালিচৰত ফুলা কঁহুৱা ফুলৰ নান্দনিক পৰিৱেশৰ উছাহ। বাগিচাত কঁহুৱা ফুলৰ আদৰ নাথাকিলেও বন বননিত কঁহুৱা ফুলৰ বন্দনা আজিও মুখে মুখে। গীতিকাৰ আৰু কবিৰ সৃজনীশীল মনৰ মানস পটত আজিও নিবন্ধিত কঁহুৱা ফুলে।

Share This