১১ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক নবীন ৰামগোলামৰ

dainik janambhumi September 10, 2025

ডিজিটেল ডেস্কঃ মৰিছাছৰ প্রধানমন্ত্রী নবীন চন্দ্র ৰামগোলামে অহা ১০ ছেপ্টেম্বৰৰ পৰা ১২ ছেপ্টেম্বৰলৈকে তিনিদিনীয়া ভ্রমণসূচীৰে বাৰাণসীলৈ আহিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় সমষ্টি মন্দিৰ চহৰ বাৰাণসীত ১০ ছেপ্টেম্বৰৰ বিয়লি মৰিছাছৰ প্রধানমন্ত্রী ৰামগোলাম আহি উপস্থিত হ'ব। 

আনহাতে, প্রধানমন্ত্রী মোদীয়ে এদিনীয়া ভ্রমণসূচী লৈ বাৰাণসীত ১১ ছেপ্টেম্বৰত উপস্থিত হ'ব আৰু মৰিছাছৰ প্ৰধানমন্ত্ৰীৰে  দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। মৰিছাছৰ প্রধানমন্ত্রীজনে গংগা আৰতিতো অংশ ল'ব আৰু কাঁশী বিশ্বনাথ মন্দিৰত পূজা-অর্চনা আগবঢ়াব। 

ইফালে, প্ৰধানমন্ত্ৰী মোদীয়ে মৰিছাছৰ প্ৰধানমন্ত্ৰীজনৰ বাৰাণসী আগমনৰ সিদ্ধান্তৰ বাবে আদৰণি জনাইছে। আঠদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিবলগা মৰিছাছৰ প্ৰধানমন্ত্ৰীজনে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰতিৰক্ষা, বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত দ্বিপাক্ষিক আলোচনা কৰিব।

Share This