নৱনীতম 'নৱী' পিল্লাইলৈ শান্তিৰ নোবেল

dainik janambhumi October 10, 2026

ডিজিটেল ডেস্ক : ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ প্ৰাক্তন মুৰব্বী ভাৰতীয় মূলৰ নৱনীতম 'নৱী' পিল্লাইলৈ এই বছৰৰ শান্তিৰ নোবেল বঁটা আগবঢ়োৱা হৈছে। আন্তঃৰাষ্ট্ৰীয় আইনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক বিশ্বৰ এই সর্বোচ্চ বঁটাৰ বাবে নিৰ্বাচন কৰা হয়। নৰৱেৰ নোবেল কমিটীয়ে কালি এই কথা ঘোষণা কৰে। 

পিল্লায়ে যুদ্ধ অপৰাধ আৰু নৰসংহাৰত জড়িত দোষীক শাস্তি দিয়া তথা আন্তঃৰাষ্ট্ৰীয় আইনক শক্তিশালী কৰাৰ বাবে তেওঁক এই বঁটাৰে সন্মানিত কৰাৰ সিদ্ধান্ত লোৱা হয় বুলি নোবেল কমিটীয়ে জনাইছে। কমিটীয়ে কয় যে বিশ্বত যুদ্ধ আৰু সংঘর্ষ বৃদ্ধি পাইছে। এনে অৱস্থাত শান্তি অব্যাহত ৰখাৰ বাবে আন্তঃৰাষ্ট্ৰীয় আইন মানি চলা আৰু ইয়াক শক্তিশালী কৰাৰ অতি প্রয়োজন। পিল্লাইক ছুইডেনৰ ৰাজধানী ষ্টকহমত সন্মানিত কৰা হ'ব। তেওঁক এটা পদক, প্রশস্তি পত্ৰ আৰু নগদ ধনৰ পুৰস্কাৰেৰে সন্মানিত কৰা হ'ব। তেওঁ মুঠ ১১.৫ কোটি টকাৰ নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব। দক্ষিণ আফ্রিকাত জন্মগ্রহণ কৰা পিল্লায়ে বিশ্বত শেহতীয়াকৈ ঘটা হিংসাত্মক ঘটনাৰ বাবে দেশসমূহৰ লগতে ৰাষ্ট্ৰীয় নেতাসকলক জগৰীয়া কৰে। 


দক্ষিণ আফ্রিকাৰ প্ৰাক্তন ন্যায়াধীশগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ৰায় দিছিল আৰু ইয়াৰ জৰিয়তে তেওঁ সমগ্ৰ বিশ্বৰ দৃষ্টি আকর্ষণ কৰিছিল। তেওঁ ১৯৬৭ চনত গৃহনগৰী নেটাৰত ওকালতি আৰম্ভ কৰা দেশখনৰ প্ৰথমগৰাকী মহিলা। ইয়াৰ কেইবছৰমানৰ পাছত তেওঁ দেশখনত চলি থকা বর্ণ বৈষম্য-বিৰোধী আন্দোলনৰ নেতা তথা কর্মীসকলৰ সপক্ষে ওকালতি কৰিবলৈ লয়। তেওঁ কোৱাজুলু-নাটাল বিশ্ববিদ্যালয়ত প্রবক্তা ৰূপে কাম কৰিছিল আৰু তাৰ পাছত ডাৰবান বেষ্টভিলে বিশ্ববিদ্যালয়ৰ পৰিষদৰ উপাধ্যক্ষ নিযুক্ত কৰা হয়। ১৯৯৫ চনত দক্ষিণ আফ্রিকাত বৰ্ণবাদী আমোলৰ পতনৰ পাছত পিল্লাইক দক্ষিণ আফ্রিকাৰ উচ্চ ন্যায়ালয়ৰ কাৰ্যবাহী ন্যায়াধীশ ৰূপে নিযুক্ত কৰা হয়। সেই বছৰেই তেওঁক ৰাষ্ট্ৰসংঘৰ মহাসভাই ৰাৱাণ্ডাৰ বাবে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণৰ ন্যায়াধীশ ৰূপে নিযুক্তি দিয়ে। 

২০০৮ চনৰ ১ ছেপ্টেম্বৰত তেওঁক ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ উচ্চাযুক্ত নিযুক্ত কৰা হয়। নোবেল কমিটীয়ে কয় যে ন্যায় আৰু মানৱীয় গৰিমাৰ প্ৰতি নৱী পিল্লাইৰ প্রতিশ্রুতিবদ্ধতা যিসকল লোকে এখন শান্তিপূর্ণ বিশ্ব গঢ়িবলৈ বিচাৰে, তেওঁলোকৰ বাবে আশা আৰু প্ৰেৰণাৰ উৎস। তেওঁ ৰাষ্ট্ৰসংঘই নিয়োগ কৰা পেলেষ্টাইন অঞ্চলৰ তদন্ত আয়োগৰ অধ্যক্ষ আছিল। যোৱা বছৰ এই আয়োগে এইবুলি মত প্রকাশ কৰিছিল যে ইজৰাইলে গাজাত নৰসংহাৰ কৰিছে। ইজৰাইলে এই প্রতিবেদনখন অপমানজনক বুলি অভিহিত কৰি অগ্রাহ্য কৰিছিল। এই বছৰ শান্তিৰ নোবেল বঁটা পিল্লাইলৈ আগবঢ়াই কমিটীয়ে বিশ্বক এইবুলি সোঁৱৰাই দিবলৈ বিচাৰে যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আইনৰ শাসন শান্তি সু-নিশ্চিত কৰিবলৈ আৰু সংঘৰ্ষৰ অহিংসাৰ পথেৰে সমাধান কৰাৰ বাবে স্থাপন কৰা ব্যৱস্থাটোৰ ভেটি। শান্তিৰ বাবে ন্যায়ৰ প্ৰয়োজন। নবী পিল্লাইৰ জন্ম হয় ১৯৪১ চনৰ ২৩ ছেপ্টেম্বৰত দক্ষিণ আফ্রিকাৰ নাটাল প্ৰদেশৰ (এতিয়া কোৱাজুলু-নাটাল বুলি কোৱা হয়) ডাৰবানৰ এটা দুখীয়া তথা সাধাৰণ পৰিয়ালত। তেওঁৰ পিতৃ আৰু মাতৃৰ নাম আছিল নৰেনছামী নাইডু আৰু সন্থামা নাইডু। প্রকাশিত বাতৰি অনুসৰি তেওঁৰ ককাক-আইতাক ১৮৯০-ৰ দশকত ভাৰতৰ পৰা বন্ধা শ্রমিকৰূপে নাটাললৈ গৈ কুঁহিয়াৰৰ বাগানত কাম কৰিছিল। তেওঁৰ পিতৃ এজন বাছচালক আছিল। নবী পিল্লায়ে সৰু কালছোৱা দক্ষিণ আফ্ৰিকাৰ বৰ্ণবাদী আমোলৰ অতি কঠিন তথা ক্ৰুৰ শাসনৰ মাজেৰে পাৰ কৰিছিল। তেওঁ যৌৱনকালত বর্ণবাদী বৈষম্য আৰু দমনৰ ক'লা অধ্যায় একেবাৰে ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছিল। ইয়েই তেওঁক ন্যায় আৰু মানৱাধিকাৰৰ হকে যুঁজ দিয়াৰ বাবে উৎসাহিত কৰে। দক্ষিণ আফ্রিকাত বর্ণবাদী শাসনৰ বিৰুদ্ধে চলা আন্দোলনৰ সময়ত তেওঁ নেলছন মাণ্ডেলাকে ধৰি ইয়াৰ নেতাসকলক সহায় কৰে। পিছলৈ তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত ন্যায়াধীশৰ দায়িত্ব পালন কৰিছিল। তেওঁ ৰাষ্ট্ৰীয় পৰিসীমা পাৰ হৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আইনৰ নীতিসমূহ শক্তিশালী কৰাৰ বাবে কাম কৰিছিল। বর্তমান তেওঁ ম্যানমাৰত নৰসংহাৰৰ অভিযোগৰ গোচৰৰ বিচাৰ কৰি থকা আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ন্যায়াধীশ পদত আছে। নোবেল কমিটীয়ে তেওঁলৈ এই বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰাৰ পাছত ৮৫ বছৰীয়া পিল্লায়ে লঘু সুৰত কয়, 'মই এতিয়াও এই বাতৰিৰ সত্যতা পৰীক্ষা কৰিবলৈ বিচাৰিছোঁ।' পাছত তেওঁ নোবেল শান্তিৰ বঁটা লাভ কৰি নিজৰ আনন্দ প্রকাশ কৰি কয়, 'মই মুৰ্নবাৰ্গৰ আদালতত আছোঁ। নোবেল শান্তিৰ বঁটাৰ বাবে ইয়াতকৈ অধিক শক্তিশালী প্রতীক আন কোনোবা হ'ব পাৰে বুলি মই নাভাবোঁ।' তেওঁ আৱেগিক হৈ কয় যে তেওঁৰ বাবে জনতাৰ স্বীকৃতি আৰু তেওঁলোকৰ প্ৰশংসা আটাইতকৈ গুৰুত্বপূর্ণ। তেওঁৰ নিজৰ সত্য কোৱাৰ সাহস আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰতি থকা দায়বদ্ধতাক দোহাৰে। পিল্লায়ে নোবেল বঁটা লাভ কৰাৰ বাতিৰ পোৱাৰ পাছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পকো কটাক্ষ কৰে। এই বাতৰি পোৱাৰ পাছত তেওঁৰ সমর্থসকলে হাত চাপৰি বজাই তেওঁক অভিনন্দন জনায়। তেতিয়া পিল্লায়ে কয়, 'যদি আপোনালোকে আৰু অধিক হাত চাপৰি বজায় তেতিয়া হয়তো মই এই পুৰস্কাৰ ট্রাম্পৰ সৈতে ভাগ কৰি ল'ব পাৰিম।' 

উল্লেখযোগ্য যে ইবাৰো শান্তিৰ নোবেল বঁটাৰ বাবে ৰাষ্ট্ৰপতি ট্রাম্পৰ নাম চৰ্চিত হৈছিল, কিন্তু তেওঁৰ নাম বিবেচনা কৰা নহ'ল। ইফালে নোবেল বঁটা কমিটীয়ে সাধাৰণতে বঁটা বিজয়ীৰ নাম ঘোষণা কৰাৰ আগতে ফ'নযোগে বিজেতাক এই কথা জনায়, কিন্তু এইবাৰ নোবেল কমিটীয়ে সেই দিশত সফল নহ'ল, কিয়নো নোবেল কমিটীয়ে পিল্লাইৰ সৈতে টেলিফ'নত কথা পাতিব নোৱাৰিলে। পুৰস্কাৰ ঘোষণা কৰাৰ পাছত কমিটীৰ অধ্যক্ষ য়র্গেন বাল্টে ফ্রিজনেছে কয়, 'নৰৱেৰ আন্তঃৰাষ্ট্ৰীয় ফ'ন ক'ড+৪৭। মই তেওঁক জনাব খোজো যে যদি নৰৱেৰ নম্বৰৰ পৰা ফ'ন আহে অনুগ্ৰহ কৰি ফ'ন ৰিচিভ কৰক।'

Share This