বিহাৰত এন ডি এৰ ছুনামি, ধূলিসাৎ হ'ল আৰ জে ডি-কংগ্রেছ

dainik janambhumi November 15, 2025

ডিজিটেল ডেস্ক : বিহাৰ বিধানসভাৰ নিৰ্বাচনত এন ডি এৰ ছুনামিয়ে সম্পূৰ্ণ ৰূপে বিধ্বস্ত কৰে আৰ জে ডিৰ নেতৃত্বাধীন মহাগঠবন্ধনক। বিধানসভাৰ নিৰ্বাচনৰ কালি ঘোষণা কৰা ফল অনুসৰি বিজেপি-জে ডি(ইউ)ৰ নেতৃত্বাধীন এন ডি এই দুই শতাধিক আসনত জয়লাভ কৰে। এইবাৰ বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে বিহাৰৰ ৰাজনৈতিক ইতিহাসত প্ৰথমবাৰৰ বাবে একক সংখ্যাগৰিষ্ঠ দলৰূপে পৰিগণিত হৈছে। বিজেপিয়ে ৮৯খন আসনত জয়লাভ কৰি এক ইতিহাসৰ সৃষ্টি কৰে। উল্লেখযোগ্য যে ইয়াৰ আগতে ২০১০ চনৰ নিৰ্বাচনত এন ডি এই ২০৬খন আসনত জয়লাভ কৰিছিল, কিন্তু সেইবাৰ একক সংখ্যাগৰিষ্ঠ দল আছিল ১১৫খন আসন লাভ কৰা জে ডি (ইউ)। সেইবাৰ বিজেপিয়ে ৯১টা সমষ্টিত জয়লাভ কৰিছিল। ৰাজ্যখনত যোৱা ৬ আৰু ১১ নৱেম্বৰত হোৱা বিধানসভাৰ নিৰ্বাচনত অভিলেখ সংখ্যক ৬৭.১৩% ভোটদান হৈছিল। কালি কৰা ফল ঘোষণা অনুসৰি ৰাজ্যখনত মুখ্যমন্ত্রী নীতিশ কুমাৰৰ নেতৃত্বত এন ডি এব ছুনামিয়ে দেশৰ ৰাজনীতিলৈ এক পৰিৱৰ্তনৰ ইংগিত দিয়ে। মন কৰিবলগীয়া যে বিধানসভাৰ নির্বাচনত আৰ জে ডিৰ নেতা তেজস্বী যাদৱৰ নেতৃত্বত মহাজোঁট এন ডি এব ছুনামিত উটি যায়। মহাজোটে মাত্র ৩৩খন আসনত জয়লাভ কৰিছে। কালি ঘোষণা কৰা ফল অনুসৰি বিজেপি ৮৯খন আসনত, জে ডি (ইউ) ৮৫খন আসনত, চিৰাগ পাছোৱানৰ এল জে পি (আৰ ভি) ১৯খন আৰু জিতন বাম মাঁঝিৰ 'হাম' ৫খন আসনত জয়ী হয়। ৰাজ্যখনত এন ডি এৰ বিপুল বিজয়ৰ পাছত নীতিশ কুমাৰক পঞ্চমবাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্রীৰূপে দেখাৰ সম্ভাৱনা আছে। অৱশ্যে বিজেপিয়ে সর্বাধিক সংখ্যক আসনত জয়লাভ কৰাৰ পাছত ৰাজ্যখনত নীতিশ কুমাৰেই মুখ্যমন্ত্রী হৈ থাকিব নে নাই সেইটো ডাঙৰ প্রশ্ন হৈ পৰিছে। 

ৰাজ্যখনত মুখ্যমন্ত্রী সলনিৰ প্ৰসংগটো বিজেপিৰ নেতাসকলে এৰাই চলে আৰু কয় যে এতিয়া জয়ৰ উৎসৱ পালনৰহে সময়। ইফালে বিৰোধী পক্ষত সর্বাধিক আসন লাভ কৰে মহাজোঁটক নেতৃত্ব দিয়া আৰ জে ডিয়ে। আৰ জে ডিয়ে ২৫খন আসনত জয়লাভ কৰিছে। আনহাতে কংগ্রেছে ৬খন আসনত জয়লাভ কৰিছে। চি পি আই (এম এল)-(এল)-এ এখনত জয়ী আৰু এখনত অগ্রগতি লাভ কৰি আছে। এ আই এম আই এমে ৫খনত জয়ী হৈছে। মন কৰিবলগীয়া যে বিহাৰত পৰিৱৰ্তনৰ প্রতিশ্রুতিৰে নতুন দল গঠন কৰা দেশৰ প্রখ্যাত নির্বাচনী কৌশল নির্ধাৰক প্রশান্ত কিশোৰৰ জন সুৰাজ পার্টিয়ে নির্বাচনত বাৰুকৈয়ে মুখথেকেচা খায়। দলটোৱে এখনো আসনত জয়লাভ কৰিব নোৱাৰিলে। একেদৰে মুকেশ সাহনীৰ ভি আই পিয়েও এখনো আসনত জয়লাভ কৰিব নোৱাৰিলে। মন কৰিবলগীয়া যে বিহাৰত প্রায় ২০ বছৰ শাসনত থকা এন ডি এই প্রতিষ্ঠান বিৰোধী ঢৌক নস্যাৎ কবি ছুনামিৰ সৃষ্টি কৰে। বিজেপিয়ে মুঠ ১০১খন আসনত প্রতিদ্বন্দ্বিতা কৰি ৯১খন আসনত জয়লাভ কৰে। ক্রিকেটৰ ভাষাত বিজেপিৰ ষ্ট্ৰাইক ৰেট হ'ল ৯০%। আন কথাত এতিয়া ৰাজ্যখনত বিজেপি জ্যেষ্ঠ ভাতৃ হৈ পৰিল। আনহাতে বাজ্যখনত এন ডি এক নেতৃত্ব দিয়া জে ডি-ইউৱে ৭৯খন আসনত জয়লাভ কৰি দ্বিতীয় সর্ববৃহৎ দল ৰূপে পৰিগণিত হৈছে। এন ডি এই ২০২খন আসনত জয়লাভ কৰিছে বা অগ্রগতি লাভ কৰি আছে। আন কথাত এন ডি এই ২০২০ চনৰ বিধানসভাৰ নির্বাচনতকৈ প্রায় ৭৭খন অধিক সমষ্টি এইবাৰ নিজৰ দখললৈ নিয়ে। কংগ্রেছৰ নেতা ৰাহুল গান্ধী আৰু তেজস্বীৰ ১২টা দুৰ্গৰ ভিতৰত ৫টাই পতন ঘটে। এই ১২টা সমষ্টিত বিগত নির্বাচনত আৰ জে ডি আৰু কংগ্ৰেছে একেৰাহে জয়লাভ কৰি আহিছিল। ৰাজ্যখনত ছটা মণ্ডলৰ প্ৰায় সকলোতে এন ডি এই এইবাৰ আসনৰ সংখ্যা বৃদ্ধি কৰে। ইয়াৰ ভিতৰত মিথিলাঞ্চলৰ ছখন জিলাৰ ৪৬খন আসনৰ ভিতৰত এন ডি এই এইবাৰ যোৱা বাৰতকৈ ৯খন আসন অধিক নিজৰ দখললৈ নি মুঠ ৩৯খনত জয়লাভ কৰে। ৰাজ্যখনৰ শাসকীয় মর্চাক সর্বাধিক উত্থান হয় মগধ অঞ্চলত। এই অঞ্চলটোত ৮ খন জিলাক সামৰি লোৱা হয়। ইয়াৰ ৪৯টা সমষ্টিৰ ভিতৰত এন ডি এই যোৱাবাৰতকৈ ২১খন অধিক আসন দখল কৰি মুঠ ৩৯খন আসনত জয়লাভ কৰে। আনহাতে সাতখন জিলাক সামৰি লোৱা তিবহুত অঞ্চলৰ ৬৪টা সমষ্টিৰ ভিতৰত ৫৫টা এন ডি এই দখল কৰে। ইয়াত এন ডি এই যোৱাবাৰতকৈ ১৯খন আসন অধিক লাভ কৰে। 

চাৰিখন জিলাক সামৰি লোৱা শ্বাহাবাদ অঞ্চলত এন ডি এৰ ১৭খন আসনত উত্থান হয় আৰু মৰ্চাটোৱে মুঠ ২২খন আসনৰ ১৯খনেই নিজৰ দখললৈ নিয়ে। একেদৰে অংগ প্রদেশ অঞ্চলৰ ২৫খনৰ ভিতৰত ২৪খনত আৰু সাতখন জিলাক সামৰি লোৱা সীমাঞ্চল তথা কোশী অঞ্চলৰ ৩৭খন আসনৰ ২৬খন আসনত এন ডি এই জয়লাভ কৰে। বিৰোধী মহাগঠবন্ধনে ২০২০ চনত জয় কৰা ১১০খন আসনৰ ভিতৰত এন ডি এই ৮৫খন আসন নিজৰ দখললৈ নিয়ে। আনহাতে এইবাৰ জে ডি ইউৱে যোৱাবাৰতকৈ ৪০ খনতকৈ অধিক আসন লাভ করে। ইফালে চিৰাগ পাছোৱানৰ এল জে পিৰো (আৰ ভি) এইবাৰ উত্থান হোৱা দেখা পোৱা যায়। যোৱাবাৰ অকলে প্রতিদ্বন্দ্বিতা কৰি মাত্র এখন আসন লাভ কৰা এল জে পিয়ে এইবাৰ ২৮টা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰে আৰু দলটোৰ প্রার্থী ১৯টা সমষ্টিত হয় জয়লাভ কৰে অথবা আগবাঢ়ি আছে।

Share This