ডিজিটেল ডেস্ক : তৃতীয় দিনাও দৈয়াং জলবিদ্যুৎ প্রকল্পই এৰি আছে অতিৰিক্ত পানী। কালি বিয়লি লাভ কৰা তথ্য অনুসৰি, নীপকোৰ ১নং গে'টেৰে ১.০০ মিটাৰ, ২ নং গে'টেৰে ১.০০ মিটাৰ, ৩ নং গে'টেৰে ১০০ মিটাৰ পানী এৰি আছে। অৱশ্যে কালি ৪ নং গে'টেৰে পানী এৰাৰ পৰিমাণ হ্রাস কৰি ০.৫০ মিটাৰ পানী খুলি দিয়া বুলি তথ্যত প্রকাশ। এই চাৰিওখন গে'টেৰে প্ৰতি ছেকেণ্ডত মুঠ ১ লাখ ৫৭ হাজাৰ লিটাৰ পানী এৰি আছে বুলি জানিব পৰা যায়।
অৱশ্যে দৈয়াং নদীৰ জলপৃষ্ঠ কিছু বৃদ্ধি পাইছে যদিও এই পর্যন্ত বিপদ সীমা অতিক্ৰম কৰা নাই। ঠিক তেনেদৰে ধনশিৰি নদীৰ জলস্তৰ বৃদ্ধি পাইছে যদিও কোনো গাঁও প্লাৱিত হোৱাৰ তথ্য লাভ কৰা নাই। শেহতীয়া বানত গোলাঘাট জিলাৰ মুঠ ১২৫ খন গাঁৱৰ ৩১,৩৯৯ গৰাকী লোক এই বানত আক্রান্ত হৈছে। মুঠ চাৰিখন ৰাজহ চক্ৰৰ অন্তর্গত ৩০৭৪.৯৭ হেক্টৰ ভূমি বানত প্লাৱিত হয়। ইয়াৰে গোলাঘাট ৰাজহ চক্ৰ এলেকাত ৪০ খন গাঁও, দেৰগাঁও ৰাজহ চক্র এলেকাত ৪০খন গাঁও, মৰঙী ৰাজহ চক্ৰ এলেকাত ০৪ খন, খুমটাই ৰাজহ চক্ৰ এলেকাত ২২ খন আৰু বোকাখাত ৰাজহ চক্ৰৰ এলেকাত ১৮ খন গাঁও বানত প্লাৱিত হৈছে।
ইফালে গোলাঘাটত মুঠ ১৬৩৮৬ গৰাকী লোক, মৰঙীত ২৮১ গৰাকী, দেৰগাঁৱত ৬৬১০ গৰাকী, খুমটাইত ৫৫০৩ গৰাকী আৰু বোকাখাতত ২৬১৯ গৰাকী লোক বানত আক্রান্ত হৈছে। গোলাঘাটত ১২৪৮.৫৩ হেক্টৰ ভূমি বানত প্লাৱিত হোৱাৰ লগতে মৰঙীত ৯২ হেক্টৰ, দেৰগাঁৱত ৫৩৬.৭৫ হেক্টৰ, খুমটাইত ৰ ৭৮৬.৫৫ হেক্টৰ আৰু বোকাখাতত ৫১১.১৪ হেক্টৰ ভূমি বানত প্লাৱিত হৈছে।
ইফালে, গোলাঘাট জিলাৰ আঠখেলীয়া অঞ্চলৰ বছা, ভৰলুৱা, শালিকীহাট আদি অঞ্চলৰ কেইবা শতাধিক বন্যাক্রান্তই শিবিৰত বিভিন্ন সমস্যাৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে বুলি অভিযোগ উত্থাপন হৈছে। ঠায়ে ঠায়ে পানী শুকাইছে যদিও বালি, পলস আদিৰ বাবে আজিও ভিতৰত প্ৰৱেশ কৰিব পৰা নাই।