বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ ভাৰতৰ নেতৃত্বত নীৰজ চোপ্ৰা

Jyoti Borah August 09, 2023

  ডিজিটেল ডেস্ক: হাংগেৰীৰ বুডাপেষ্টত অহা ১৯ আগষ্টত আৰম্ভ হ’বলগীয়া বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ অভিযানৰ  মুখ্য আকৰ্ষণ হ’ব অলিম্পিক চেম্পিয়ন নীৰজ চোপ্ৰা৷ প্ৰতিযোগিতাখনত ভাৰতৰ ২৮জনীয়া দলে অংশগ্ৰহণ কৰিব৷ আশ্ৱৰ্যজনকভাৱে ভাৰতীয় এথলেটিকছ ফেডাৰেশ্যনৰ পৰিৱৰ্তে ক্ৰীড়া মন্ত্ৰ্যালয়ে দলটো ঘোষণা কৰে৷ এছিয়ান ৰেকৰ্ডধাৰী শ্বটপুটাৰ আজিন্দৰ পাল সিঙে ১৯–২৭ আগষ্টৰ প্ৰতিযোগিতাখনৰ পৰা নাম প্ৰত্যাহাৰ কৰে৷ যোৱা জুলাইত তলপেটত পোৱা আঘাতৰ পৰা সম্প্ৰতি সুস্থ হৈ উঠিছে আজিন্দৰ৷ ৰাষ্ট্ৰীয় ৰেকৰ্ডৰ গৰাকী হাই জাম্পাৰ তেজশ্বিন শংকৰ, ৮০০ মিটাৰ দৌৰবিদ কে এম চান্দা আৰু ২০ কিল’মিটাৰ ৰেচ ৱাকাৰ প্ৰিয়ংকা গোস্বামীয়েও এছিয়ান গেম্‌ছৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিযোগিতাখনত নেখেলাৰ সিদ্ধান্ত লয়৷

Share This