অষ্টম স্থানতে সন্তুষ্ট নীৰজ, ৭ বছৰত প্ৰথমবাৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত পদকহীন হৈ ৰ'ল

dainik janambhumi September 19, 2025

ডিজিটেল ডেস্ক : নীৰজ চোপ্রাই বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ পৰা খালী হাতেৰে উভতিবলগীয়া হৈছে। প্রতিযোগিতাখনত হতাশাজনকভাবে অষ্টম স্থানতে ক্ষান্ত থাকে অলিম্পিকৰ স্বর্ণজয়ী তাৰকা জেভেলিন 'বাৰ নীৰজ। বিশ্ব চেম্পিয়নশ্বিপত যোৱা ৭ বছৰত এই প্রথমবাৰ পদকহীন হৈ ৰয় নীৰজ। 

বৃহস্পতিবাৰে দুবাৰৰ অলিম্পিক পদক জয়ী নীৰজে ৮৩.৬৫ মিটাৰ জেভেলিন নিক্ষেপ কৰি অভিযান আৰম্ভ কৰিছিল। দ্বিতীয়টো থ্র'ত ৮৪.০৩ মিটাব নিক্ষেপ কৰে, যিটো তেওঁৰ শ্রেষ্ঠ প্রদর্শন হৈ বয়। নিজৰ তৃতীয় ' ফাউল হয়। চতুর্থ প্রয়াসত মাথোঁ ৮২.৮৬ মিটাৰহে নিক্ষেপ কৰে ভাৰতৰ তাৰকা জেভেলিন থ্ৰ'ৱাৰগৰাকীয়ে। পঞ্চম প্রয়াসত আত্মবিশ্বাসেৰে নামিলেও ফাউল কৰে আৰু তেনেদৰেই তেওঁৰ পদক জয়ৰ আশা নির্বাপিত হয়। নীৰজৰ ব্যৰ্থতাৰ দিনটোতে ভাৰতৰ আনগৰাকী খেলুরৈ শচীন যাদরে সকলোবে দৃষ্টি কাঢ়ে। 

২৫ বছৰীয়া শচীনে প্রথমটো প্রয়াসতে ৮৬.২৭ মিটাৰলৈ জেভেলিন নিক্ষেপ কৰে আৰু সেয়া তেওঁৰ জীৱনৰ শ্রেষ্ঠ প্রদর্শন হৈ ৰয়। দ্বিতীয় প্রয়াস ফাউল হ'লেও শচীনে পৰৱৰ্তী পর্যায়ত ৮৫.৭১. ৮৪.৯০, ৮৫.৯৬ আৰু ৮০.৯৫ মিটাৰলৈ জেভেলিন নিক্ষেপ কৰে। অলপৰ বাবে পদকৰ পৰা বঞ্চিত হয় শচীন। প্রতিযোগিতাখনত ত্রিনিদাদ আৰু টবাগোৰ কেছন বালকটে (৮৮.১৬ মিটাৰ) সোণ, গ্রেনাডাৰ এণ্ডাৰছন পিটার্হে (৮৭.৩৮ মিটাৰ) ৰূপ আৰু কাটিছ থম্পছনে (৮৬.৬৭ মিটাৰ) ব্ৰঞ্জৰ পদক পায়।

Share This