২১ জুনৰ নীট-ইউ জিৰ প্ৰৱেশ-পত্ৰ জাৰি

dainik janambhumi June 15, 2026

ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় টেষ্টিং এজেন্সিয়ে (এন টি এ) পুনৰ অনুষ্ঠিত হ'বলগীয়া নীট-ইউ জিৰ প্ৰৱেশ পত্ৰসমূহ কালি জাৰি কৰে। উল্লেখযোগ্য যে প্রশ্নকাকত ফাদিলৰ বাবে বাতিল কৰা নীট-ইউ জিৰ অহা ২১ জুনত পুনৰ অনুষ্ঠিত হ'ব। পৰীক্ষাত অৱতীর্ণ হ'বলগীয়া ছাত্র-ছাত্রীসকলে এন টি এই নির্ধাৰণ কৰি দিয়া ৱেবছাইটৰ পৰা প্ৰৱেশ-পত্র ডাউনল'ড কৰিব পাৰিব। 

পৰীক্ষাৰ্থীসকলে এডমিট কার্ড এন টি এৰ ৱেবছাইট neet.nta.nic.inৰ হ'মপেজৰ NEET (UG) 2026 Admit Card বুলি লিখা থকা লিংকত ক্লিক কৰি এডমিট কার্ড ডাউনল'ড কৰিব পাৰিব। ইফালে এন টি এই পৰীক্ষাৰ সময় ১৫ মিনিট বৃদ্ধি কৰিছে আৰু পৰীক্ষা ১৯৫ মিনিটৰ হ'ব। পৰীক্ষা বিয়লি ৩ বজাৰ পৰা ৫-১৫ বজালৈ অনুষ্ঠিত হ'ব। ইফালে পৰীক্ষাৰ প্রশ্নকাকত ফাদিলকে ধৰি কোনোধৰণৰ বাধা বা অনিয়মৰ সৃষ্টি কৰিলে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ'ব বুলি কেন্দ্ৰীয় চৰকাৰে সতৰ্ক কৰি দিয়ে। পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে আইনৰ সম্পূৰ্ণ শক্তিক কামত - লগোৱা হৈছে। ইফালে নীটৰ প্ৰশ্নকাকত আৰু আন প্রয়োজনীয় সামগ্ৰীৰ ২ সুৰক্ষিত পৰিবহণ সুনিশ্চিত কৰাৰ বাবে দুই তৰপীয়া নিৰাপত্তা ব্যৱস্থা ও কৰা হৈছে। 

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ নিদের্শক চি আৰ পি এফ আৰু চি আই এছ এফক এই সমগ্র প্রক্রিয়াটোত গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া হৈছে। চৰকাৰে প্ৰশ্নকাকতকে ধৰি পৰীক্ষাৰ সকলো সামগ্রী দেশৰ বিভিন্ন অংশৰ পৰীক্ষা কেন্দ্ৰত উপস্থিত কৰোঁৱাত যাতে কোনোধৰণৰ খেলিমেলি অথবা অনিয়ম হ'ব নোৱাৰে সেইটো সুনিশ্চিত কৰিবলৈ বিচাৰিছে। প্রশ্নকাকতৰ পেকিং, পৰিবহণ আৰু বিতৰণৰ প্ৰক্ৰিয়া চি আৰ পি এফ আৰু চি এছ এফ জোৱানৰ কঠোৰ নিৰাপত্তা বেষ্টনিৰ মাজত হ'ব। দুয়োটা বাহিনীয়ে পৰীক্ষাৰ সৈতে জড়িত প্ৰতিটো কাৰ্যত চকু ৰাখিব। প্রশ্ন পত্ৰসমূহ প্রথমে আহমেদাবাদ আৰু হায়দৰাবাদত থকা প্রধান কেন্দ্রলৈ প্ৰেৰণ কৰা হ'ব। ইয়াৰ পৰা বিমান আৰু পথেৰে দেশৰ প্ৰায় ৫৫১টা পৰীক্ষা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ব। প্রশ্নকাকত সুৰক্ষিতভাৱে পৰীক্ষা কেন্দ্ৰলৈ নিয়াৰ বাবে ভাৰতীয় বায়ু সেনাৰ বিমানো ব্যৱহাৰ কৰা হ'ব। প্রশ্নকাকতৰ সৈতে কেন্দ্রীয় শসস্ত্র বাহিনীৰ জোৱানো থাকিব। ইয়াৰ বাবে জোৱানসকলৰ সম্পূৰ্ণ বিৱৰণ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ক দিয়া হৈছে যাতে তেওঁলোকৰ বাবে প্রয়োজনীয় যাত্ৰাৰ অনুমতি দিয়া হয়। 

ইফালে যিসকল জোৱানে বায়ু সেনাৰ বিমান বা হেলিকপ্টাৰত যাত্রা কৰিব তেওঁলোকে বিমানত উঠাৰ আগতে নিজৰ লগত থকা অস্ত্র নিয়ম অনুসৰি জমা দিব লাগিব। গন্তব্য স্থানত উপস্থিত হোৱাৰ পাছত তেওঁলোকক অস্ত্ৰ ঘূৰাই দিয়া হ'ব। পৰীক্ষাৰ প্ৰশ্নকাকত পৰীক্ষা কেন্দ্ৰ পৰা সংগ্ৰহ আৰু নির্দিষ্ট স্থানলৈ নিয়াৰ প্ৰক্ৰিয়াটোও নিৰাপত্তা বাহিনীৰ নিৰাপত্তা বেষ্টনিৰ মাজত সম্পন্ন কৰিব লাগিব। উল্লেখযোগ্য যে প্রশ্নকাকত বিভিন্ন স্থানলৈ প্ৰেৰণৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে।

Share This