ডিজিটেল ডেস্কঃ দৰ্শকৰ সমুখতেই কান্দি উঠিল জনপ্ৰিয় কণ্ঠশিল্পী নেহা কক্কৰ। এখন সংগীত মহোৎসৱত গীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ কৰিছিল শিল্পীগৰাকীক। কিন্তু অনুষ্ঠানখন আৰম্ভ কৰোঁতে কিছুসময় পলম হ’ল নেহা কক্কৰৰ । আৰু তাৰ পাছতেই এক অনাহুত পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া হ’ল কণ্ঠশিল্পীগৰাকী।
অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত অনুষ্ঠিত হৈছিল সংগীত মহোৎসৱ। কিন্তু মঞ্চত উঠিবলৈ কিছু ঘণ্টা পলম হৈছিল নেহা কক্কৰৰ।
পলমকৈ মঞ্চত উঠাৰ বাবে পোনতে নেহাই মঞ্চত উঠি হাতযোৰ কৰি সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰে। ইয়াৰ পাছত মঞ্চতে কান্দি উঠে নেহা কক্কৰ। নেহাৰ এই আচৰণেই দৰ্শকক ক্ষুব্ধ কৰি তোলা পৰিলক্ষিত হয়।
নেহাই গান গাবলৈ আৰম্ভ কৰে। আৰু উপস্থিত দৰ্শকসকলক ক্ষমা বিচাৰি তেওঁ কয়, ‘আপোনালোক সঁচাকৈয়ে ভাল। বহু সময় ধৰি ধৈৰ্যৰে মোক অপেক্ষা কৰি আছে। মোৰ বৰ বেয়া লাগিছে! মই কেতিয়াও কাকো ইমানদিনে এনেকৈ অপেক্ষা কৰিবলৈ বাধ্য কৰা নাই। আপোনালোকে ইমানসময়ে অপেক্ষা কৰি আছে। মই বৰ দুঃখিত। এইটো সঁচাকৈয়ে এটা ডাঙৰ কথা। এই সন্ধিয়াটো মোৰ জীৱনত স্মৰণীয় হ’ব। আজি আপোনালোক সকলোৱে মোক বহুত মূল্যৱান সময় দিছে।’
নেহাৰ এনেবোৰ কথাতে বিৰক্ত পাবলৈ ধৰে দৰ্শকসকলে । এটাৰ পাছত এটাকৈ মন্তব্য আহিবলৈ ধৰিলে দৰ্শকৰ পৰা। ‘আপুনি হোটেললৈ গৈ জিৰণি লওক। এইখন ভাৰত নহয়, এইখন অষ্ট্ৰেলিয়া।’ অপমানিত হৈ নেহাই আকৌ জোৰেৰে কান্দিবলৈ ধৰিলে। তেতিয়া দৰ্শকৰ মাজৰে কিছুমানে চিঞৰিলে পুনৰ কয়, ‘বহুত ভাল অভিনয়। অভিনয় এৰক। এয়া ইণ্ডিয়ান আইডল নহয়।’ তাৰ পাছত আৰু নেহাই কোনো উত্তৰ দিব নোৱাৰিলে। এঘণ্টা গান গায়েই মঞ্চৰ পৰা বিদায় লয় শিল্পীগৰাকীয়ে।