ইংলেণ্ডৰ বিৰুদ্ধে যুঁজ দি পৰাস্ত নেপাল, আই চি চি টি-২০ বিশ্ব কাপ

dainik janambhumi February 09, 2026

ডিজিটেল ডেস্ক : তুলনামূলকভাৱে দুর্বল নেপালৰ বিৰুদ্ধে আই চি চি টি-২০ বিশ্ব কাপত কথমপি পৰাজয়ৰ পৰা হাত সাৰে ইংলেণ্ডে। দুবাৰৰ চেম্পিয়ন ইংলেণ্ডৰ বিৰুদ্ধে যুঁজ দি ৪ ৰানত পৰাজয় বৰণ কৰে নেপালে। প্রতিযোগিতাখনৰ গ্ৰুপ 'চি'ৰ খেলখনত কালি ইংলেণ্ডৰ বিৰুদ্ধে জয়ৰ কাষ চাপিও মূৰকত থমকি ৰ'বলগীয়া হয় নেপালে। 

ইংলেণ্ডৰ ৭ উইকেটক ১৮৪ ৰানৰ প্ৰত্যুত্তৰত নেপালে ৬টা উইকেট হেৰুৱাই ১৮০ ৰানহে কৰে। অন্তিম অ'ভাৰত নেপালক জয়ৰ বাবে প্রয়োজন আছিল ১০ ৰানৰ। পিছে এটাও বাউণ্ডেৰী কোবাব নোৱৰাৰ ফলত নেপালে অন্তিম অ'ভাৰত ৫ ৰানহে গোটাই পৰাজয় বৰণ কৰে। 

অধিনায়ক ৰোহিত পাউডেল (৩৯), দ্বিপেন্দ সিং এয়াৰী (৩৯), কুশল ভার্টেল (২৯) আৰু লোকেশ বামে (২০টা বলত অপঃ ৩৯) দৃঢ়তাপূর্ণ বেটিং কৰিও দলক লক্ষ্যলৈ তুলি নিয়াত ব্যর্থ হয়। ইয়াৰ আগেয়ে জেকব বেথেল (৫৫) আৰু অধিনায়ক হেৰী ব্রুকৰ (৫৩) একোটাকৈ অর্ধশতৰানৰ সহায়ত ইংলেণ্ডে ৭ উইকেটত ১৮৪ ৰান কৰিছিল।

Share This