ডিজিটেল ডেস্ক : নেপালত আকৌ জেন জিৰ প্ৰতিবাদ আৰম্ভ হৈছে। যোৱা ছেপ্টেম্বৰ মাহত বিশ্ব কঁপাই তোলা জেন জিৰ চৰকাৰ-বিৰোধী প্রতিবাদত দেশখনত ৭৫জন লোক নিহত হৈছিল আৰু বহু লোক আহত হৈছিল। এই ভয়ংকৰ প্ৰতিবাদৰ ওচৰত সেও মানি কে পি অলি শৰ্মাৰ নেতৃত্বাধীন কমিউনিষ্ট পাৰ্টিৰ চৰকাৰৰ পতন হৈছিল। শেহতীয়াকৈ বুধবাৰে যুৱ প্রতিবাদকাৰী আৰু প্ৰাক্তন শাসকীয় দলটোৰ সমৰ্থকৰ মাজত দেশখনত আকৌ সংঘৰ্ষৰ সূত্রপাত হয়। এই সংঘর্ষই বুধবাৰে তীব্ৰ ৰূপ লোৱাত নেপালৰ বিভিন্ন প্ৰান্তৰত সান্ধ্য আইন জাৰি কৰে সুশীলা কার্কি নেতৃত্বাধীন চৰকাৰে।
দুমাহ নীৰৱে থকাৰ পাছত পুনৰ সূত্রপাত হোৱা এই সংঘর্ষত ১০জন লোক আহত হয়। যোৱা ১২ ছেপ্টেম্বৰত দেশখনৰ সংসদ ভংগ কৰি দিয়াৰ পাছত চি পি এন-ইউ এম এল দলটোৱে দেশখনৰ সংসদত পুনৰ প্রতিষ্ঠা হোৱাৰ দাবী কৰি আহিছে। জেন জিৰ প্ৰতিবাদত ক্ষমতাচ্যুত হোৱা প্ৰাক্তন প্রধানমন্ত্রী অলিয়ে দেশখনত পুনৰ শাসনত অধিষ্ঠিত হোৱাৰ বাবে উচ্চতম ন্যায়ালয়ত এখন লেখ আৱেদন দাখিল কৰাৰো সিদ্ধান্ত লৈছে। এই সময়তে নেপালৰ জেন জি প্রতিবাদীসকল পুনৰ উগ্র হৈ উঠিছে। আনহাতে, দেশখনৰ বাৰা জিলাত যিকোনো সমাবেশ নিষিদ্ধ কৰা হয়। জিলা প্রশাসনে বৃহস্পতিবাৰে পুৱা ৮ বজালৈকে সান্ধ্য আইন বলবৎ বাখে। পৰিস্থিতিৰ অধিক অৱনতি ঘটে যেতিয়া বুধবাৰে জেন জি প্ৰতিবাদকাৰী আৰু পূৰ্বৰ শাসকীয় দলটোৰ কৰ্মীয়ে একে সময়তে বাৰা জিলাৰ চিমাৰা এলেকাত জন সমাৱেশৰ আয়োজন কৰে। ইয়াৰ পাছতেই দুয়োটা গোটৰ মাজত সংঘৰ্ষৰ সূত্রপাত হয় আৰু বিমান বন্দৰৰ সমীপতে সংঘৰ্ষই অধিক হিংসাত্মক ৰূপ লয়। নেপালৰ প্রধানমন্ত্রী সুশীলা কার্কিয়ে সকলো পক্ষকে শান্তি আৰু আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ আহ্বান জনায়। যিকোনো অনাহত ৰাজনৈতিক উদ্দেশ্যপ্রণোদিত উচটনিৰ পৰা আঁতৰি থাকিবলৈ তেওঁ নেপালৰ জনসাধাৰণক আহ্বান জনায়।
প্রধানমন্ত্রী কার্কিয়ে আৰু কয় যে অহা বছৰ অনুষ্ঠিত হ'বলগীয়া সাধাৰণ নিৰ্বাচনৰ বাবে দেশখনত এটা স্বচ্ছ-সুন্দৰ আৰু শংকামুক্ত পৰিৱেশ সৃষ্টি কৰিব লাগে সকলো ৰাজনৈতিক দলে। কার্কিয়ে বুধবাৰে দেশখনৰ ১১০টাতকৈ অধিক ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হয়। আনহাতে, বুধবাৰৰ ঘটনাৰ পাছত নেপালৰ আৰক্ষীৰ মুখপাত্র অবি নাৰায়ণ কাফলেই কয় যে বর্তমান পৰিস্থিতি স্বাভাৱিক হৈছে। হিংসাত্মক ঘটনাত কোনো লোক নিহত আৰু গুৰুতৰভাৱে আহত হোৱা নাই। উল্লেখযোগ্য যে বৰ্তমানৰ নেপাল চৰকাৰখন জেন জিৰ পৃষ্ঠপোষকতাত গঠন হৈছিল। চলিত সপ্তাহৰ আৰম্ভণিৰ পৰা জেন জি যুৱ প্ৰতিবাদকাৰীসকল আৰু পূৰ্বৰ শাসকীয় দলৰ সমৰ্থকৰ মাজত উত্তেজনা বৃদ্ধি পাইছিল।