ডিজিটেল ডেস্ক : নেপালৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে শুকুৰবাৰে দেশখনৰ অন্তৰ্ৱৰ্তী প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্রহণ কৰে। ৰাষ্ট্ৰপতি ভৱনৰ শীতল নিৱাসত ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌড়েলে নিশা ৯-৩০ বজাত তেওঁক শপতগ্ৰহণ কৰোৱায়। উল্লেখযোগ্য যে প্রধানমন্ত্রী পদত অধিষ্ঠিত হোৱা তেৱেঁই নেপালৰ প্ৰথম মহিলা। সুশীলা কাৰ্কী নেপালৰ প্ৰথম মহিলা মুখ্য ন্যায়াধীশো। তেওঁ ভাৰতৰ বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছিল।
শুকুৰবাৰে শপতগ্ৰহণৰ পাছতে কাৰ্কীয়ে তেওঁৰ কেবিনেটৰ প্ৰথমখন বৈঠক অনুষ্ঠিত কৰে আৰু ২০২৬ চনৰ ৪ মাৰ্চত নতুন সাধাৰণ নির্বাচন অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। দেশৰ বৰ্তমানৰ পৰিস্থিতিৰ কথা বিবেচনা কৰি কাৰ্কীয়ে জৰুৰী অৱস্থাৰ বাবেও পৰামৰ্শ দিব পাৰে বুলি সংবাদ প্রতিষ্ঠানৰ বাতৰিত প্রকাশ।
কেবিনেটৰ পৰামৰ্শৰ পাছত ৰাষ্ট্ৰপতিয়ে ইয়াত অনুমোদন জনোৱাৰ আশা আছে আৰু সমগ্র নেপালত জৰুৰী অৱস্থা বলবৎ হ'ব পাৰে। উল্লেখযোগ্য যে দুর্নীতি-বিৰোধী জেন-জী প্রতিবাদত পূৰ্বৰ কে পি শৰ্মা অলিৰ চৰকাৰৰ পতন ঘটিছিল।