নেপালৰ পৰৱৰ্তী মুৰব্বীক লৈ 'জেন-জী'ৰ মাজত সংঘর্ষ

dainik janambhumi September 12, 2025

ডিজিটেল ডেস্কঃ সেনাৰ নিয়ন্ত্ৰণলৈ অহাৰ পাছত তথা সমগ্র দেশজুৰি সান্ধ্য আইন জাৰি কৰাৰ পাছত নেপাল বর্তমান শান্ত হৈ পৰিছে যদিও জেন-জী প্রতিবাদকাৰী তেওঁলোকৰ তাৎক্ষণিক লক্ষ্যত উপনীত হোৱাৰ পথ এতিয়াও মুকলি হোৱা নাই। দেশখনৰ অন্তৰ্ৱৰ্তী প্ৰধানমন্ত্ৰীৰ বাবে বুধবাৰে ৫০০০ প্ৰতিবাদকাৰীয়ে ভার্চুৱেল বৈঠকৰ পাছত প্রাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাকীৰ নাম মনোনীত কৰা বুলি ঘোষণা কৰিছিল যদিও বৃহস্পতিবাৰে জেন-জী প্রতিবাদকাৰীৰ বিভিন্ন গোটৰ মাজত মত-পার্থক্য দেখা যায়। 

পৰিস্থিতি এনে পর্যায় পায়গৈ যে ইয়াৰে দুটা গোটৰ মাজত সংঘৰ্ষও হয়। বিভিন্ন গোটে বৃহস্পতিবাৰে অন্তৰ্ৱৰ্তী প্ৰধানমন্ত্ৰী ৰূপে নিজৰ নিজৰ গোটৰ পচন্দৰ প্ৰাৰ্থীৰ সপক্ষে সমর্থন প্রকাশ কৰে। এই পচন্দৰ প্ৰাৰ্থীসকল হৈছে সুশীলা কাকী, কাঠমাণ্ডুৰ মেয়ৰ তথা প্ৰাক্তন ৰেপাৰ বলেন শ্বাহ আৰু নেপাল বিদ্যুৎ প্ৰাধিকৰণৰ পৰিচালন সঞ্চালক কুলমান ঘিচিং। উল্লেখযোগ্য যে কাঠমাণ্ডুৰ মেয়ৰ শ্বাহে বৃহস্পতিবাৰে আগবেলা অন্তৰ্ৱর্তী প্রধানমন্ত্রী ৰূপে কাকীৰ নাম সমৰ্থন কৰি মন্তব্যও প্ৰকাশ কৰিছিল। বৃহস্পতিবাৰে সেনাৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত অন্তৰ্ৱর্তী প্রধানমন্ত্রীক লৈ দুটা গোটৰ মাজত হতাহতি, মাৰপিট সংঘটিত হয়। এই সংঘর্ষত কেইবাজনো যুৱক আহত হয়। এটা গোটে কাকী আৰু আনটো গোটে কাঠমাণ্ডুৰ মেয়ৰ শ্বাহৰ নাম প্রধানমন্ত্রী ৰূপে সমর্থন জনায়। কাকীক বিৰোধিতা কৰাসকলৰ অভিযোগ যে তেওঁ ভাৰতৰ সমৰ্থক আৰু সেয়ে তেওঁলোকে কাকীক পচন্দ নকৰে। তেওঁলোকে মেয়ৰ শ্বাহক অন্তৰ্ৱর্তী প্রধানমন্ত্রী মনোনীত কৰিবলৈ দাবী জনায়। তেওঁলোকৰ মতে শ্বাহ নহ'লে ধাৰনৰ মেয়ৰ হৰকা সম্পাংগক তেওঁলোকৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব। ইফালে, প্ৰধানমন্ত্ৰীৰ নামৰ বিষয়ে সেনাৰ মুখ্য কার্যালয়ত দুদিন ধৰি প্ৰতিবাদকাৰীৰ সৈতে আলোচনা চলি আছে। আনহাতে, এটা গোটে সেনাৰ কাৰ্যালয়ৰ সলনি ৰাষ্ট্ৰপতি ভৱনত আলোচনা হোৱাৰ পোষকতা কৰে।

Share This