ডিজিটেল ডেস্ক: নেপালৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈয়ে জেন জিৰ নেতা বলেন্দ্ৰ শ্বাহৰ চৰকাৰে দেশখনৰ প্ৰাক্তন প্রধানমন্ত্রী কে পি শর্মা অলিক গ্ৰেপ্তাৰ কৰে। যোৱা বছৰ জেন জিৰ বিক্ষোভৰ সময়ত দেশখনত সংঘটিত হোৱা হত্যা-অত্যাচাৰৰ অভিযোগত প্রাক্তন প্রধানমন্ত্রী কে পি শর্মা অলিক শনিবাৰে গ্ৰেপ্তাৰ কৰা হয়।
উল্লেখযোগ্য যে শুকুৰবাৰে নেপালৰ সবাতোকৈ কনিষ্ঠ প্ৰধানমন্ত্ৰী হিচাপে ৩৫ বছৰীয়া বলেন্দ্র শ্বাহে শপত লৈছিল। প্রধানমন্ত্রী হিচাপে দায়িত্ব লোৱাৰ এদিনৰ পাছতেই শ্বাহে হত্যাৰ গোচৰত প্রাক্তন প্রধানমন্ত্রী শর্মা অলিক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়ে। শৰ্মা অলিৰ লগতে দেশখনৰ প্ৰাক্তন গৃহ মন্ত্ৰী ৰমেশ লেখককো গ্ৰেপ্তাৰ কৰা হয়। দেশখনৰ চৰকাৰী বিষয়াসকলে প্রকাশ কৰা মতে, আৰক্ষীয়ে তদন্ত কৰি আছিল যে জেন জিৰ প্ৰতিবাদৰ সময়ত বহুতো প্ৰতিবাদকাৰী নিহত হোৱাৰ ঘটনাৰ প্রতি পূৰ্বৰ শৰ্মা অলি চৰকাৰে অৱহেলা কৰিছিল নেকি।
নেপাল আৰক্ষীৰ মুখপাত্র ওম অধিকাৰীয়ে কয় যে অলি আৰু লেখক দুয়োজনকে কাঠমাণ্ডু আৰক্ষীৰ কাৰ্যালয়ত জিম্মাত ৰখা হৈছে আৰু দেওবাৰৰ পূৰ্বে তেওঁলোকক আদালতত হাজিৰ কৰোৱা হ'ব। তেওঁ কয় যে তদন্ত সমিতিৰ অনুনোদনক্রমে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইফালে, গ্ৰেপ্তাৰ হোৱাৰ পাছতেই কে পি শর্মা অলিয়ে প্রতিক্রিয়া প্রকাশ কৰি কয় যে তেওঁৰ গ্ৰেপ্তাৰ হৈছে 'প্রতিশোধমূলক' আৰু তেওঁ এই গ্ৰেপ্তাৰৰ বিৰুদ্ধে আইনী ব্যৱস্থাৰে প্ৰত্যুত্তৰ দিব বুলি শৰ্মা অলিয়ে কয়।