নেপালৰ প্ৰধানমন্ত্ৰীৰ বাসভৱন-সংসদৰ সন্মুখত প্ৰতিবাদ 

dainik janambhumi April 21, 2025

ডিজিটেল ডেস্ক : নেপালত ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠাৰ দাবীত আন্দোলন অব্যাহত আছে। দেওবাৰে ৰাষ্ট্ৰীয় প্রজাতন্ত্র পাৰ্টিৰ নেতৃত্বত কেইবাশ লোকে প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱন আৰু সংসদ ভৱনৰ সন্মুখেদি কালি প্রতিবাদী শোভাযাত্রা উলিয়ায়। প্রতিবাদকাৰীসকলে নেপালত ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা কৰা আৰু দেশখনক হিন্দু ৰাষ্ট্ৰৰূপে পুনৰ ঘোষণা কৰাৰ দাবী কৰে। 

কালি বিজুলীবাজাৰ-বাণেশ্বৰ অঞ্চলত সমৱেত হোৱা কেইবাশ প্রতিবাদকাৰীয়ে দেশখনৰ বৰ্তমানৰ চৰকাৰখন দুর্নীতিপৰায়ণ বুলিও অভিযোগ কৰে। প্ৰতিবাদৰ নেতৃত্ব দিয়ে ৰাষ্ট্ৰীয় প্রজাতন্ত্ৰ পাৰ্টিৰ মুৰব্বী ৰাজেন্দ্ৰ, জ্যেষ্ঠ নেতা পশুপতি ছমশ্বেৰ ৰাণা আৰু প্ৰাক্তন আৰক্ষী মহা পৰিদৰ্শক ধ্ৰুৱ বাহাদুৰ প্ৰধানে। 

উল্লেখযোগ্য যে প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি প্রশাসনে কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰে আৰু কেইবা ঠাইতো আৰক্ষী মোতায়েন কৰে। ৰাজতন্ত্ৰৰ সমৰ্থকসকলে কাঠমাণ্ডুৰ তিনিটা স্থানত প্রতিবাদ কৰে।

Share This