ধূলিসাৎ হ'ল নেপালৰ সৰ্বোচ্চ বিলাসী হিল্টন হোটেল, জেন-জী' আন্দোলনৰ ধ্বংসলীলাৰ পৰিণাম

dainik janambhumi September 13, 2025

ডিজিটেল ডেস্ক : 'জেন-জী'ৰ ভয়ংকৰ আন্দোলনত ধূলিসাৎ হ'ল নেপালৰ আটাইতকৈ উচ্চ আৰু বিলাসী হোটেলখন। এই সপ্তাহৰ আৰম্ভণিতে জেন-জী প্ৰতিবাদকাৰীয়ে নেপালৰ আটাইতকৈ ওখ হোটেল হিল্টনত জুই লগাই দিয়াৰ পাছত আকাশ আৱৰি ধৰিছিল ক'লা ধোঁৱাৰে। দুর্নীতি-বিৰোধী উত্তেজিত আন্দোলনকাৰীয়ে চৰকাৰী প্ৰতিষ্ঠান, সংসদ ভৱন, ৰাষ্ট্ৰপতি ভৱন, উচ্চতম ন্যায়ালয়ৰ লগতে লক্ষ্য কৰি লৈছিল ৰাজনৈতিক নেতাৰ ব্যক্তিগত বাসভৱন আৰু ব্যক্তিগত প্রতিষ্ঠান। হিল্টন আছিল এজন ৰাজনৈতিক নেতাৰ সম্পত্তি।

 নেপালৰ হস্পিটেলিটি খণ্ডক আন্তঃৰাষ্ট্ৰীয় মানৰ কৰিবলৈ ২০১৬ চনত শংকৰ গ্ৰুপে নিৰ্মাণ আৰম্ভ কৰিছিল কাঠমাণ্ডুৰ হিল্টন হোটেলৰ। বিগত বছৰবোৰত কেইবাবাৰো হোটেলৰ নিৰ্মাণ কাৰ্য থমকি ৰ'ব লগীয়া হৈছিল, বিশেষকৈ কভিড-১৯-ৰ সময়ত। তথাপি প্রায় ৮০০ কোটি টকা (নেপালী) বিনিয়োগেৰে ২০২৪ চনৰ জুলাইত এই হোটেলখনৰ শুভ উদ্বোধন হয়। কাঠমাণ্ডুৰ নক্সাল অঞ্চলত থকা ৬৪ মিটাৰ উচ্চতাৰ এই হোটেলখন হৈ পৰিল নেপালৰ আটাইতকৈ ওখ হোটেল। ইয়াত আছিল ১৭৬ টা ৰূম আৰু ছুইট। 

এই হিল্টন হোটেলখন কেৱল বিলাসী হোটেলেই নাছিল, ই আছিল সাংস্কৃতিক প্রদর্শনো। ইয়াৰ চিকমিকাই থকা আগফালটো বৌদ্ধৰ প্ৰাৰ্থনাৰ ধ্বজাৰ আভাস দি জিলিকি আছিল উলম্ব গ্লাছৰ ফিন। এই পেনেলবোৰত দিনৰ পোহৰত ৰং সলনি হৈ আছিল আৰু সূর্যাস্তৰ পাছত প্রাথমিক ৰঙেৰে জীৱন্ত হৈ উঠিছিল। ভৱনটোৰ স্থাপত্যও চাৰিওকাষৰ পৰিৱেশো লক্ষণীয়। এটা ফালে আছিল কাঠমাণ্ডুৰ নগৰীয়া পথবোৰৰ ব্যস্ততা। আনহাতে প্রাকৃতিক পৰিৱেশ প্ৰদৰ্শন কৰি আনটো ফালে আছিল লেংটাং পর্বতমালা। এতিয়া হিল্টন শুই আছে ধ্বংসস্তূপৰ মাজত। এসময়ৰ গ্লাছ আৰু ৰঙৰ এটা প্রিজম এই হোটেলখন এতিয়া অগ্নিকাণ্ডৰ ফলত ধূলিসাৎ হৈছে।

Share This