ঘৰ সজাবলৈ এই ৭খন ফটো কেতিয়াও ব্যৱহাৰ নকৰিব! কিন্তু কিয়? সবিশেষ জানো আহক...

Kakali Deka August 22, 2023

ডিজিটেল ডেস্ক : আমি সকলোৱে নিজৰ ঘৰখন সজাই-পৰাই ৰাখি ভাল পাওঁ। ঘৰখন সজাবৰ বাবে আমি বিভিন্ন ধৰণৰ ফটো ৰাখো। কিন্তু ঘৰ সজাবলৈ ব্যৱহাৰ কৰা এনে কিছুমান ফটোৱে আপোনাৰ জীৱনলৈ বিভিন্ন সমস্যা কঢ়িয়াই আনিব পাৰে আপুনি জানেনে? বাস্তুশাস্ত্ৰ অনুসৰি ঘৰত এনে কিছুমান ফটো ৰখাটো একেবাৰে অশুভ। কি কি ফটোৱে ঘৰখনলৈ অমংগল মাতি আনে, এই বিষয়ে সবিশেষ জানো আহক। 

১.ঘৰত হিংস্ৰ জন্তুৰ ছবি ৰাখিব নালাগে। এনে ফটো ঘৰত ৰখাৰ ফলত অস্থিৰতাৰ সৃষ্টি হয়।
২. বাস্তুশাস্ত্ৰৰ অনুসৰি ঘৰত ডুব যোৱা নাৱৰ ছবি থকাটো শুভ নহয়। এনে ফটো ঘৰত থাকিলে ঘৰখনলৈ নেতিবাচকতা আহে আৰু ঘৰৰ পৰিয়ালৰ মানসিক চাপ বৃদ্ধি পাব পাৰে।
৩. ঘৰত কেতিয়াও মহাভাৰতৰ সৈতে সম্পৰ্কিত ফটোও ৰাখিব নালাগে। এই ফটো ঘৰত থাকিলে ঘৰৰ সদস্যসকলৰ মাজত উত্তেজনা বৃদ্ধি হয় আৰু নেতিবাচকতাৰ আগমন ঘটে।
৪. ঘৰৰ ভিতৰত কেতিয়াও সমাধিৰ ফটো ৰাখিব নালাগে। এনে ফটোৱে পৰিয়ালৰ সুখ-শান্তিৰ ক্ষেত্ৰত ঋণাত্মক শক্তিৰ সঞ্চাৰ কৰে। বহু লোকে ঘৰত তাজমহলৰ ছবি ৰাখে। কিন্তু বাস্তুশাস্ত্ৰ অনুসৰি ঘৰত তাজমহলৰ ফটো ৰাখিলে জীৱনত বহু সমস্যাৰ সৃষ্টি হয়।
৫. বৈ থকা পানীৰ ফটো কেতিয়াও ড্ৰয়িংৰূমত ৰাখিব নালাগে। এনে ফটো ঘৰত ৰাখিলে জীৱনত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ'ব পাৰে।

Share This