বন্ধ হ'ল 'এম আধাৰ'ৰ প্ৰচলন, আজিৰ পৰা আধাৰৰ নতুন এপ

Rashmi July 01, 2026

ডিজিটেল ডেস্ক : দেশৰ জনতাক আধাৰ সংযোগ প্ৰদান কৰা ইউনিক আইডেন্টিফিকেশ্যন অথৰিটি অব্ ইণ্ডিয়া (ইউ আই ডি এ আই)ৰ এম আধাৰ এপ্লিকেশ্যনটো মঙলবাৰৰ পৰা বন্ধ কৰি দিয়া হৈছে। ইয়াৰ স্থানত পহিলা জুলাইৰ পৰা এটা নতুন এপ্লিকেশ্যন আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। 

অৱশ্যে, পুৰণি আধাৰ এপটো বন্ধ হ'লে জনতাই আধাৰৰ তথ্য হেৰাই যোৱাৰ চিন্তা কৰাৰ প্ৰয়োজন নাই। দেশৰ যিসকল জনতাৰ আধাৰ আছে, তেওঁলোকৰ তথ্যসমূহ পূৰ্বৰ দৰেই থাকিব, মাত্র এপটোহে সলনি হ'ব। কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰই এই তথ্য প্ৰকাশ কৰিছে। নতুন এপটোৰ নাম কেৱল 'আধাৰ' ৰখা হৈছে।

Share This