ডিজিটেল ডেস্ক : ইলেক্ট্রনিক্ছ আৰু তথ্য প্রযুক্তি দপ্তৰৰ কেন্দ্ৰীয় মন্ত্রী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰে যে ইউনিক আইডেনটিফিকেশ্যন অথৰিটী অব্ ইণ্ডিয়াই বুধবাৰে এটা নতুন আধাৰ এপ মুকলি কৰে। দেশৰ নাগৰিকসকলে শাৰীৰিকভাৱে অথবা ফটোকপিযুক্ত আধাৰ কাৰ্ড কঢ়িয়াই লৈ ফুৰাৰ ব্যৱস্থা নির্মূল কৰাৰ বাবে এই নতুন আধাৰ এপটো মুকলি কৰা হয় বুলি মন্ত্ৰীজনে কয়।
দেশৰ নাগৰিকসকলৰ চিনাক্তকৰণ প্ৰক্ৰিয়া সঠিক কৰাৰ বাবে ব্যৱহাৰকাৰীসকলে কিউ আৰ ক'ড ব্যৱহাৰ কৰি আৰু 'ফেচিয়েল' চিনাক্তকৰণ প্ৰযুক্তি এই এপৰ জৰিয়তে ব্যৱহাৰ কৰিব পাৰিব। এই নতুন এপৰ সেৱা অতি সোনকালে দেশজুৰি আৰম্ভ কৰা হ'ব বুলি মন্ত্ৰীজনে কয়।