১৯ ছেপ্টেম্বৰত ছবিগৃহলৈ কনকলতাৰ জীৱন আধাৰিত 'শ্বহীদ প্রণামো তোমাক'

Kakali Deka September 18, 2025

ডিজিটেল ডেস্কঃ আগন্তুক ২০ ছেপ্টেম্বৰৰ শ্বহীদ কনকলতা বৰুৱা স্মৃতি দিৱসৰ সৈতে সংগতি ৰাখি দেশৰ স্বাধীনতা আন্দোলনৰ প্ৰথমগৰাকী অসমীয়া নাৰী শ্বহীদলৈ শ্রদ্ধা জনাই এ এম টেলিভিছনৰ বেনাৰত নিৰ্মাণ কৰা 'শ্বহীদ প্রণামো তোমাক' নামৰ নৱতম অসমীয়া চলচ্চিত্ৰখন অহা ১৯ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি দিয়া হ'ব। উল্লেখযোগ্য যে এইখন প্রসিদ্ধ অসমীয়া অভিনেতা নিপন গোস্বামী অভিনীত শেষৰখন ছবি।

মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ছবিখনৰ মুক্তিৰ দিন ঘোষণা কৰে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত পৰিচালক চন্দ্ৰ মুদৈয়ে। অন্যতম প্রযোজক লোকনাথ ডেকা, কার্যবাহী প্রযোজক ডাঃ হিতেশ বৰুৱা, শ্বহীদ কনকলতা বৰুৱাৰ ভতিজা অভিজিত বৰুৱা, শ্বহীদ কনকলতা বৰুৱা স্মৃতি সুৰক্ষা সমিতিৰ উপ-সভাপতি যাদৱ চলিহা, মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেত্রী উর্মিলা মহন্ত, অভিনেতা দেৱাশিস বৰঠাকুৰ, সংগীত পৰিচালক অজয় ফুকনৰ উপস্থিতিত সংবাদমেলত পৰিচালক চন্দ্ৰ মুদৈয়ে কয় যে ছবিখন শ্বহীদ কনকলতাৰ সাহস, ত্যাগ আৰু দেশপ্ৰেমৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে। অহা ১৯ ছেপ্টেম্বৰত ছবিখন মুক্তি দিয়াৰ পূৰ্বে ১৮ ছেপ্টেম্বৰত আইদেউ সন্দিকৈ ছবিগৃহত প্রিমিয়াৰ শ্ব' অনুষ্ঠিত কৰা হ'ব। তেওঁ কয় যে দেশৰ স্বাধীনতা আন্দোলনত অসমৰ বহু লোকৰ বহু অৱদান আছে। নাৰী সমাজৰো অৱদান আছে। কিন্তু দেশৰ অন্য প্ৰান্তৰ স্বাধীনতা আন্দোলনকাৰীসকল যিদৰে সমগ্র দেশতে জনাজাত অসমৰ স্বাধীনতা আন্দোলনকাৰী বা শ্বহীদসকলৰ কথা দেশৰ অন্য প্রান্তত জনাজাত নহয়। সেয়ে সমগ্র দেশতে শ্বহীদ কনকলতা বৰুৱাৰ কথা প্ৰচাৰ কৰিবৰ বাবে হিন্দী আৰু অসমীয়া দুয়োটা ভাষাত এই ছবিখন নিৰ্মাণ কৰাৰ পদক্ষেপ হাতত লোৱা হৈছিল। এতিয়া অসমীয়া ভাষাৰ ছবিখন মুক্তি দিবলৈ লোৱা বুলিও তেওঁ কয়। তেওঁ কয় যে দৰ্শকক আকৰ্ষণ কৰিবৰ বাবে ছবিখন বাণিজ্যিক দৃষ্টিভংগীৰে নিৰ্মাণ কৰা বুলিও তেওঁ প্রকাশ কৰে। ছবিখনত শ্বহীদ কনকলতা বৰুৱা আৰু কেইবছৰমান আগলৈকে অসমত থকা উগ্রপন্থাজৰ্জৰ পৰিস্থিতিত এগৰাকী মহিলা সদস্যাৰ চৰিত্ৰক কেন্দ্ৰ কৰি এক বিশ্লেষণাত্মক বিৱৰণ দিয়াৰ চেষ্টা কৰা বুলিও তেওঁ কয়। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত পৰিচালক চন্দ্ৰ মুদৈয়ে মুক্তি পাবলগীয়া শ্বহীদ ছবিখনৰ কাহিনী সম্পর্কে তেওঁ কয় যে ছবিখনৰ কাহিনী এগৰাকী অসমীয়া প্রণামো তোমাক নামৰ ছবিখনৰ কাহিনী-চিত্রনাট্য-সংলাপো ৰচনা কৰিছে। বিপ্লৱী কিশোৰীৰ। অসমক ভাৰতৰ পৰা মুক্ত কৰাৰ স্বপ্নত উদ্বাউল হৈ তেওঁ নিজৰ সমবয়সীয়াসকলৰ সৈতে উগ্ৰপন্থাৰ পথত আগবাঢ়ে। কিন্তু তেওঁৰ এই বিভ্রম ভাঙি পৰে যেতিয়া তেওঁ মুখামুখি হয় ভাৰতৰ স্বাধীনতা সংগ্রামী কনকলতা বৰুৱাৰ অমৰ সাহসিকতাৰ সৈতে। কৈশোৰ বয়সতে কনকলতাই ভাৰতৰ স্বাধীনতাৰ বাবে জীৱন আহুতি দিয়া জীৱন-গাথাই তেওঁৰ চকু খুলি দিয়ে। এই বৈসাদৃশ্যৰ মাজেৰে তেওঁ উপলব্ধি কৰে স্বাধীনতাৰ প্ৰকৃত অর্থ, ত্যাগৰ মহিমা আৰু নিজৰ জাতীয় পৰিচয়। প্রযোজনা গোষ্ঠীটোৰ হৈ প্রযোজক লোকনাথ ডেকাই বাণিজ্যিক ছবিৰ সমানে কিছু প্ৰেৰণাদায়ক আৰু ভৱিষ্যতলৈ থাকি যোৱা ছবি নির্মাণতো গুৰুত্ব দিয়া বুলি কয়। তেওঁ কয় যে এ এম টেলিভিছনে অসমীয়া চলচ্চিত্র জগতত অভিলেখসংখ্যক চলচ্চিত্র নির্মাণ কৰিছে। এই চলচ্চিত্ৰসমূহৰ মাজত বহু বাণিজ্যিক ছবিৰ উপৰি অসমীয়া জাতীয় জীৱনৰ ঐতিহ্য বহন কৰা সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি দৰ্শকক আকৃষ্ট কৰিবলৈ সদায় চেষ্টা কৰিছে। শ্বহীদ প্রণামো তোমাক চলচ্চিত্ৰখনৰ জৰিয়তে ভাৰতৰ স্বাধীনতা আন্দোলনৰ অসমৰ প্ৰথম নাৰী শ্বহীদ তথা ১৭ বছৰীয়া কনকলতা বৰুৱাৰ দেশপ্রেম আৰু ত্যাগৰ কাহিনী উপস্থাপন কৰাৰ চেষ্টা কৰা হৈছে। চলচ্চিত্ৰখনৰ জৰিয়তে কেৱল চূড়ান্ত বিপ্লৱী ভাবধাৰাই যে সকলো সমস্যা সমাধান কৰিব
নোৱাৰে আৰু হিংসাত্মক বিপ্লৱে সমাজত শান্তি প্রতিষ্ঠা কৰিব নোৱাৰে

তাকে উপস্থাপন কৰিবলৈ চেষ্টা কৰা হৈছে। শ্বহীদ কনকলতা বৰুৱাৰ ভতিজা অভিজিত বৰুৱাই কয় যে কনকলতা বৰুৱা জন্মৰ বাবে নহয়, সাহসী মৃত্যুৰ বাবেহে বিখ্যাত। তেওঁৰ জীৱনৰ ভিত্তিত ছবি নিৰ্মাণ কৰাৰ বাবে তেওঁ গৌৰৱ অনুভৱ কৰা বুলিও কয়। ছবিখনৰ কেন্দ্রীয় বিষয়বস্তু মাত্র ১৭ বছৰীয়া

এগৰাকী কিশোৰীৰ স্বাধীনতা সংগ্ৰামৰ কথা। কাৰ্যবাহী প্রযোজক ডাঃ হিতেশ বৰুৱাই ছবিখনৰ অন্যতম সংগীত পৰিচালকৰ দায়িত্বও পালন কৰিছে। তেওঁ কয় যে ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত স্বাধীনতা আন্দোলনত অংশ লৈ কিশোৰী কনকলতা বৰুৱা শ্বহীদ হৈছিল। তাৰ সৈতেই সংগতি ৰাখি

অহা ১৯ ছেপ্টেম্বৰত এই ছবিখন মুক্তি দিবলৈ সিদ্ধান্ত লোৱা হয়। ছবিখন শ্বহীদগৰাকীৰ দেশপ্রেম, দায়িত্ব আৰু ত্যাগক লৈ নিৰ্মাণ কৰা হৈছে। নৱ প্রজন্মই এই ছবিখন চোৱা উচিত আৰু শ্বহীদগৰাকীৰ বিষয়ে জনা উচিত বুলিও তেওঁ কয়। আনহাতে, ছবিখন শ্বহীদ কনকলতাৰ বায়'পিক নহয় বুলি স্পষ্ট কৰি তেওঁ কয় যে ছবিখন দুটা প্ৰজন্মৰ দুগৰাকী কিশোৰী বা যুৱতীৰ দেশপ্ৰেমৰ পথ দেখুৱাবলৈ চেষ্টা কৰা হৈছে। শ্বহীদ কনকলতা

বৰুৱা স্মৃতি সুৰক্ষা সমিতিৰ উপ-সভাপতি যাদৱ চলিহাই কয় যে দেশ স্বাধীন কৰিবলৈ বহু অসমীয়াই তেজ দিছে। দেশ গঢ়াত অসমীয়াৰ তেজ
আছে। গতিকে আমাৰ ত্যাগৰ কথা দেশেও জনা উচিত বুলি তেওঁ কয়। মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেত্রী উর্মিলা মহন্তই কয় যে শ্বহীদ কনকলতা

বৰুৱাৰ কথা পাহৰিলে জাতিয়ে কেতিয়াও ক্ষমা নকৰিব। দেশৰ অন্য ৰাজ্যৰ স্বাধীনতা আন্দোলনৰ শ্বহীদসকলক সকলোৱে জানে। কিন্তু অসমৰ শ্বহীদ

কনকলতা বৰুৱাৰ কথা অসমতে সীমাবদ্ধ হৈ আছে। আনহাতে, অসমৰ সশস্ত্র সংগ্রাম অসমৰ ইতিহাসৰ আন এক অধ্যায় বুলিও তেওঁ কয়। ছবিখনত দুটা প্ৰজন্মৰ দুটা মতাদৰ্শক বিশ্লেষণ কৰা হৈছে। একেদৰে দুটা সময়ৰ দুটা

মতাদর্শকো প্রতিফলিত কৰিবলৈ চেষ্টা কৰা বুলি তেওঁ কয়। ছবিখন দর্শকে আদৰি ল'লে সকলোৰে কষ্ট সার্থক হ'ব বুলিও তেওঁ প্রকাশ কৰে। লক্ষণীয়

যে এ এম টেলিভিছনৰ বেনাৰত ড° সঞ্জীৱ নাৰায়ণ আৰু লোকনাথ ডেকাই প্রযোজনা কৰা দেশপ্রেমমূলক ছবিখনৰ কাৰ্যবাহী প্রযোজক ডাঃ হিতেশ বৰুৱা আৰু জামাল আহমেদ ৰাও। প্রযোজনা নিয়ন্ত্রক খৰ্গেশ্বৰ বৰা, জিৎ শৰ্মা আৰু কমলেশ শইকীয়া। মুখ্য সহকাৰী পৰিচালক দীপক ৰয় আৰু সহকাৰী পৰিচালক স্বপ্নজিৎ বৰকাকতী। সংগীত পৰিচালনা কৰিছে ডাঃ হিতেশ বৰুৱা, অজয় ফুকন আৰু তপন কাকতীয়ে। আৱহ সংগীত মনীষ দাস আৰু নীলোৎপলৰ। ছবিখনত সন্নিৱিষ্ট গীতসমূহত কণ্ঠ নিগৰাইছে ক্রমে সীমান্ত শেখৰ, পদ্মনাভ বৰদলৈ, অজয় ফুকন, প্রাঞ্জল পৰশ, ৰিচি, প্রণামিকা গোস্বামী, প্রিয়ংকা ভৰালী, বন্দিতা দাস, মাধুৰী গগৈ আৰু ঋষিয়ে।  গীতিকাৰ-পৰিচালক চন্দ্ৰ মুদৈ। শব্দগ্রহণকাৰী পলাশ গগৈ আৰু উদ্দীপ্ত। শব্দসজ্জা তথা অতিৰিক্ত শব্দ নিয়ন্ত্রক হেঙুল মেধি আৰু যতীন শর্মা। কলা নির্দেশক জ্যোতি শংকৰ ভট্টাচাৰ্য। সাজ-সজ্জা ৰ'জি বৰা আৰু ভাগ্যৰ। ৰূপসজ্জা বিশ্বজিৎ দাস আৰু ধন ডেকাৰ। নৃত্য নির্দেশনা কৰিছে জিনি মহলীয়া আৰু সমীৰ বুঢ়াগোহাঁয়ে। সম্পাদনা কৰিছে শ্যামল দাস আৰু ৰিতুৰঞ্জন হাতীমুৰীয়াই। ভি এফ এক্স কৰিছে ৰঞ্জন বৰ্মা, অভিজিৎ আৰু সিদ্ধার্থই। উল্লেখযোগ্য যে ৰূপালী পর্দাত শেষবাৰলৈ 'শ্বহীদ প্রণামো তোমাক' ছবিখনৰ জৰিয়তে দেখিবলৈ পোৱা যাব নিপন গোস্বামীক। তেওঁৰ

জীৱিত কালতে কেইবাবছৰৰ পূর্বে দৃশ্যগ্রহণ কৰা হৈছিল ছবিখন। অসমৰ বিভিন্ন প্রান্তত দৃশ্যগ্ৰহণ কৰা ছবিখনৰ দৃশ্যগ্ৰহণকাৰী হ'ল নৱকুমাৰ দাস।
প্রয়াত নিপন গোস্বামীৰ লগতে ছবিখনত অভিনয় কৰিছে ক্রমে উর্মিলা মহন্ত, দেৱাশিস বৰঠাকুৰ, ৰীণা বৰা, জুৰি শৰ্মা, মণিমালা বৰুৱা, ডাঃ তপন
শৰ্মা, যতীন খনিকৰ, ৰ'দালি বৰা, দীপজ্যোতি কেওট, দীপক ৰয়, অশ্রুমণি বৰা, পাপৰি বৰা, গৰিমা কাশ্যপ, লোকেশ্বৰ ৰাভা, প্রদীপ দুৱৰা, দিলীপ ৰাভা, স্বপ্নজিৎ বৰকাকতী, প্রশান্ত দাস, নীলু শৰ্মা, হেমচৰণ কলিতা, কর্ণ ৰাভা, অমূল্য কলিতা, ৰীণা মেধি আৰু পুষ্প মিছঙে।

Share This