ডিজিটেল ডেস্ক : গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে সোমবাৰে আশুতোষ কুমাৰে শপতগ্ৰহণ কৰে। শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই মুখ্য ন্যায়াধীশজনক শপতবাক্য পাঠ কৰোৱায়।
উল্লেখযোগ্য যে পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কুমাৰক যোৱা ১৪ জুলাইত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে দেশৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি প্রদান কৰিছিল।
অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাও উপস্থিত থাকে। তেওঁ নৱনিযুক্ত মুখ্য ন্যায়াধীশজনক নতুন কার্যকালৰ বাবে আন্তৰিক অভিনন্দন জনোৱাৰ লগতে অনাগত সময়ৰ বাবে শুভকামনা জ্ঞাপন কৰে।