১১ মে'ৰ পাছত ৰাজ্যৰ নতুন চৰকাৰৰ শপতগ্রহণ: মুখ্যমন্ত্রী

dainik janambhumi May 07, 2026

ডিজিটেল ডেস্ক : ৰাজ্যত নতুন চৰকাৰ গঠনৰ পূর্বে কালি মুখ্যমন্ত্রী পদৰ পৰা পদত্যাগ কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই। কালি পুৱা তেওঁ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যক সাক্ষাৎ কৰি পদত্যাগ-পত্ৰ প্ৰদান কৰাৰ লগতে নতুনকৈ চৰকাৰ গঠন কৰিবৰ বাবে অনুমতি গ্রহণ কৰে। অৱশ্যে, সাংবিধানিক বিধি অনুসৰি ৰাজ্যপালে পদত্যাগ- পত্র গ্রহণ কৰিলেও নতুনকৈ শপতগ্রহণ নোহোৱা পর্যন্ত তদাৰকী মুখ্যমন্ত্রী হৈ থাকিব ড° শর্মা। ইফালে, ৰাজ্যপালক পদত্যাগ-পত্র দাখিল কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্রীয় পর্যবেক্ষক জে পি নড্ডা আৰু নায়াব সিং ছৈনীৰ উপস্থিতিত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত কৰি তাতেই পৰৱৰ্তী নেতা নির্বাচন কৰা হ'ব। সেই বৈঠকৰ পাছত এন ডি এৰ বৈঠক হ'ব। তাতেই মুখ্যমন্ত্রী বা আন মন্ত্রীৰ বিষয়ে আলোচনা কৰা হ'ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্রী শর্মাই। 

আনহাতে, বিধায়িনী দলৰ বৈঠকৰ সিদ্ধান্ত গ্ৰহণৰ অন্তত অহা ১১ মে'ৰ পাছত নতুন চৰকাৰে শপতগ্ৰহণ কৰিব বুলি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে যে অহা ১১ মে'ৰ পাছত অর্থাৎ নতুন মন্ত্রীসভাখনে অহা ১২ মে'ত শপত লোৱাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰীগৰাকীৰ মতে, 'শপতগ্রহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ ইতিমধ্যে প্রধানমন্ত্রীলৈ আনুষ্ঠানিক নিমন্ত্রণ প্ৰেৰণ কৰা হৈছে। প্রধানমন্ত্রীৰ কাৰ্যালয়ৰ পৰা পোৱা তথ্য অনুসৰি ১১ মে'ৰ পাছতহে মোদীৰ অসম ভ্রমণ সম্ভৱ হ'ব।' ইফালে, মে' মাহৰ তৃতীয় সপ্তাহত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বিশেষ অধিৱেশন। এই অধিবেশনতে সকলো বিধায়কে পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰিব। অধিৱেশনৰ পূৰ্বেই নিৰ্বাচন কৰা হ'ব প্ৰ'টেম অধ্যক্ষ। তেৱেই বিধায়কসকলক শপতবাক্য পাঠ কৰোৱাব। প্রণিধানযোগ্য যে ১২৬জনীয়া বিধানসভাত ১০২খন আসন লাভ কৰি অসমত একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছে বিজেপি মিত্রজোঁটে। বিজেপিয়ে অকলেই ৮২খন আসনেৰে একক সর্ববৃহৎ দল হিচাপে আত্মপ্রকাশ কৰাৰ বিপৰীতে ইয়াৰ মিত্র দল অসম গণ পৰিষদ আৰু বড়োলেণ্ড পীপ ফ্রন্টে ১০খনকৈ আসন লাভ কৰে। 

জানিব পৰা মতে, যোৱা পাঁচ বছৰ মুখ্যমন্ত্রী হৈ থকা ড° শৰ্মা পুনৰ বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নির্বাচিত হোৱাৰ লগতে পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হ'ব। ইফালে,কালি মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত বিৰোধী শিবিৰকো কটাক্ষ কৰে। তেওঁ কয়, '১৯জন বিধায়ক থকাৰ বাবে কংগ্ৰেছে বিৰোধী দলপতি পদৰ বাবে যোগ্যতা অর্জন কৰিব নোৱাৰে। এনে পৰিস্থিতিত বিৰোধী দলবোৰৰ নিজাকৈ বিধানসভাৰ নেতা থাকিব যদিও সদনত আনুষ্ঠানিকভাৱে স্বীকৃতিপ্রাপ্ত 'বিৰোধী নেতা' নাথাকিব।' কংগ্ৰেছৰ বাবে এয়াই চৰম দুর্ভাগ্য বুলিও কয় মুখ্যমন্ত্রীয়ে।

Share This