ডিজিটেল ডেস্ক : বিহাৰত মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বত এন ডি এই বিপুল জয়লাভ কৰাৰ পাছত এতিয়া ৰাজ্যখনত নতুন চৰকাৰ গঠনৰ প্রস্তুতি চলিছে। কালি মুখ্যমন্ত্রী নীতিশ কুমাৰে ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ-পত্র দাখিল কৰে। নতুন চৰকাৰে কাৰ্যভাৰ গ্ৰহণ নকৰালৈকে নীতিশ কুমাৰক কাৰ্যবাহী মুখ্যমন্ত্ৰীৰূপে কাম-কাজ চলাই নিবলৈ ৰাজ্যপালে তেওঁক পৰামৰ্শ দিয়ে। তেওঁ ৰাজ্যপালক বিধানসভা ভংগ কৰাৰো পৰামৰ্শ দিয়ে। ৰাজ্যখনত নীতিশ কুমাৰেই পুনৰ মুখ্যমন্ত্ৰী ৰূপে শপতগ্ৰহণ কৰিব।
উল্লেখযোগ্য যে আজি জে ডি-ইউৰ নৱনিৰ্বাচিত বিধায়কসকলৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে নীতিশ কুমাৰক পুনৰ বিধায়িনী দলৰ নেতা নির্বাচিত কৰা হয়। আনহাতে, ১৯ নৱেম্বৰত বিজেপিৰ নৱনিৰ্বাচিত বিধায়কসকলৰ বৈঠক অনুষ্ঠিত হ'ব। এন ডি এৰ সহযোগী দলসমূহৰ নৱনিৰ্বাচিত বিধায়সকলৰ বৈঠকত নেতা বাছনি কৰাৰ পাছত এন ডি এৰ বৈঠক অনুষ্ঠিত হ'ব আৰু ইয়াতে বিধায়িনী দলৰ নতুন নেতা বাছনি কৰা হ'ব। নতুন চৰকাৰে ২০ নৱেম্বৰত শপতগ্ৰহণ কৰিব। ইফালে, নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান গাম্ভীৰ্যপূৰ্ণ কৰি তোলাৰ প্ৰচেষ্টা চলাই থকা হৈছে।
পাটনাৰ গান্ধী ময়দানক ইয়াৰ বাবে সজাই-পৰাই তোলাৰ ব্যৱস্থা কৰা হৈছে। পৌৰ নিগমৰ পৰা বন বিভাগলৈকে বিভিন্ন বিভাগৰ শতাধিক শ্রমিকে গান্ধী ময়দান সুন্দৰকৈ সজাই-পৰাই তোলাৰ কামত ব্যস্ত হৈ আছে। ময়দানৰ ঘাঁহ কাটি কার্পেট পৰাৰ ব্যৱস্থা কৰা হৈছে। গান্ধী ময়দানত ৪০ হাজাৰ লোক বহিব পৰাকৈ পেণ্ডেল সজা হৈছে। ইয়াত ৩০ হাজাৰ আসন আৰু অতি বিশিষ্ট ব্যক্তিসকলৰ বাবে ১৫০০ ছোফাৰ ব্যৱস্থা কৰা হৈছে। গান্ধী ময়দান সম্পূৰ্ণৰূপে ৰং-বিৰঙৰ লাইটেৰে সজোৱা হ'ব। প্রবেশ পথ আৰু মূল মঞ্চ সজোৱাৰ বাবে বেংগালুৰুৰ পৰা ফুল অনা হ'ব। বোমা প্ৰতিৰোধ স্কোৱাডে ময়দান নিৰীক্ষণ কৰে। উল্লেখযোগ্য যে নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, কেইবাজনো কেন্দ্ৰীয় মন্ত্রী, এন ডি এৰ নেতাসকল, এন ডি এ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকিব।