ডিজিটেল ডেস্কঃ বিদ্যালয় শিক্ষা বিভাগে শিক্ষকৰ আন্তঃজিলা বদলিৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ কৰিছে৷ এই নীতি অনুসৰি ৰাজ্যৰ মুঠ প্তখন জিলাৰ পৰা আন্তঃজিলালৈ শিক্ষকৰ একক বদলিত বাধা আৰোপ কৰা হৈছে৷ শিক্ষা সেতু প’ৰ্টেলত ২ জুলাইলৈ বদলিৰ বাবে জনোৱা আৱেদনসমূহহে গ্ৰহণযোগ্য হ’ব৷ ৰাজ্যৰ জিলাভিত্তিক শিক্ষক-শিক্ষাৰ্থীৰ সমানুপাতিক হাৰৰ [পি টি আৰ] স্থিতিৰ ভিত্তিতহে বদলি হ’ব৷ কেৱল কম শিক্ষাৰ্থী থকা জিলাৰ পৰা শিক্ষকে বেছি শিক্ষাৰ্থী থকা জিলালৈ একক বদলি বিচাৰিলে বিবেচনা কৰিব বিদ্যালয় শিক্ষা বিভাগে৷
বিদ্যালয় শিক্ষা বিভাগে জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি এনেদৰে শিক্ষক বদলিয়ে দুয়োখন জিলাৰ পি টি আৰত প্ৰভাৱ নেপেলায়৷ বৰ্তমানৰ কৰ্মৰত জিলা আৰু বদলি হ’ব বিচৰা জিলাৰ বিদ্যালয় ভিত্তিক পি টি আৰ বজাই ৰখাৰ বিষয়টো সংশ্লিষ্ট জিলা পৰ্যায়ৰ কমিটীয়ে নিৰীক্ষণ কৰিব৷ বিদ্যালয় শিক্ষা বিভাগে শিক্ষা সেতু এপত বদলিৰ বাবে জনোৱা আৱেদনৰ পৰা লাভ কৰা তথ্যসমূহ বিবেচনা কৰি, নিম্ন প্ৰাথমিক পৰ্যায়ত বেছি শিক্ষাৰ্থী থকা হোজাই জিলা আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ পৰাঅন্য জিলালৈ একক আন্তঃজিলা বদলিৰ কথা বিদ্যালয় শিক্ষা বিভাগে বিবেচনা নকৰে৷ অৱশ্যে দহ বছৰ কাল চাকৰি সম্পূৰ্ণ কৰা মহিলা শিক্ষক আৰু গুৰুতৰ জটিল চিকিৎসা বা¸ অন্য জৰুৰীকালীন পৰিস্থিতিৰ ক্ষেত্ৰত বদলিৰ বিষয়তো বিবেচনা কৰিব৷
একেদৰে নিম্ন প্ৰাথমিকত শিক্ষাৰ্থীৰ অনুপাতে শিক্ষক বেছি থকা জিলা, অৰ্থাৎ চৰাইদেউ, ডিমা হাছাও আৰু শিৱসাগৰ জিলাৰ নিম্ন প্ৰাথমিক বিদ্যালয়লৈ একক আন্তঃজিলা বদলি চিকিৎসা আৰু অন্যান্য জৰুৰী পৰিস্থিতিৰ বাদে বিদ্যালয় শিক্ষা বিভাগে বিবেচনা নকৰে বুলি নিৰ্দেশনাটোত উল্লেখ কৰিছে৷