ডিজিটেল ডেস্ক : দেশত আজিৰ পৰা অৰ্থাৎ পহিলা এপ্ৰিলৰ পৰা নতুন বিত্তীয় বর্ষ আৰম্ভ হ'ব। ইয়াৰ লগে লগে আজিৰ পৰা নতুন আয়কৰ আইনো কাৰ্যকৰী হ'ব। নতুন আয়কৰ আইনে ১৯৬১ চনৰ আয়কৰ আইনৰ স্থান ল'ব। নতুন আয়কৰ আইন কাৰ্যকৰী হোৱাৰ লগে লগে আয়কৰ প্রণালীত ভালেমান পৰিৱৰ্তন দেখা পোৱা যাব। নতুন আয়কৰ আইনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে আয়কৰ গাঁথনি অধিক সৰল কৰিবলৈ বিচাৰিছে। পুৰণি আয়কৰ ৰিটাৰ্ন দাখিলৰ সময়ত দুই ধৰণৰ বৰ্ষৰ (বিত্তীয় বর্ষ আৰু এছেছমেন্ট বর্ষ) উল্লেখ কৰা হৈছিল।
১ এপ্ৰিলৰ পৰা এই ব্যৱস্থা নাথাকিব আৰু কেৱল কৰ বর্ষহে থাকিব। ইফালে বেতনভোগীসকলৰ বাবে আৰকৰ ৰিটাৰ্ন দাখিলৰ দিশতো সালসলনি কৰা হৈছে। এতিয়াৰ পৰা আই টি আৰ-১ আৰু আই টি আৰ-২ দাখিলৰ অন্তিম দিন পূৰ্বৰ দৰে ৩১ জুলায়েই থাকিব, কিন্তু আই টি আৰ-৩ আৰু আই টি আৰ-৪ দাখিলৰ অন্তিম দিন হ'ব ৩১ আগষ্ট। ইফালে কৰ্মচাৰীসকলে গৃহ ভাত্তা পূৰ্বৰ দৰেই লাভ কৰি থাকিব, কিন্তু এতিয়াৰ পৰা নিজৰ ঘৰৰ মালিকৰ পান আৰু ভাৰা আদায়ৰ দিয়াৰ বৈধ প্রমাণ-পত্র জমা কৰিব লাগিব। কিছুমান ক্ষেত্রত এই ভাত্তা লাভ কৰাৰ বাবে ঘৰৰ মালিকৰ সম্পূৰ্ণ তথ্য দাখিল কৰাটো বাধ্যতামূলক হ'ব। ইফালে কোম্পানীৰ তৰফৰ পৰা দিয়া ফুড কাৰ্ডত কৰ ৰেহাইৰ সীমা প্রতিবাৰত ৫০ টকাৰ পৰা ২০০ টকালৈ বৃদ্ধি কৰা হৈছে। উপহাৰ কাৰ্ড, ভাউচাৰ আৰু কুপনত থকা কৰ ৰেহাইৰ সীমা ৫ হাজাৰ টকাৰ পৰা ১৫ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে। সন্তানৰ শিক্ষামূলক ভাত্তা প্রতি মাহে ১০০ টকাৰ পৰা ৩ হাজাৰ টকালৈ আৰু হোষ্টেল এলাউন্স ৩০০ টকাৰ পৰা ৯ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে। ইফালে আজিৰ পৰা পান কাৰ্ডৰ বাবে আৱেদন জনোৱাৰ সময়ত আধাৰ নম্বৰৰ উপৰি আন কিছুমান তথ্য দাখিল কৰিব লাগিব।
আনহাতে ১০ লাখতকৈ অধিক নগদ জমা ধন, ৫ লাখ টকাতকৈ অধিক ধনৰ বাহন ক্রয়, হোটেল বা কোনো অনুষ্ঠানৰ বাবে এক লাখ টকাতকৈ অধিক বিল দিব লগা হ'লে পান কার্ড ব্যৱহাৰ অনিবার্য কৰা হৈছে। এতিয়াৰ পৰা আই টি আৰ দাখিলৰ বাবে ফর্ম-১৬ পোৱা নাযাব। নিয়োগকর্তাই কৰ্মচাৰীৰ বাবে ফর্ম ১৩০ দিব। পেঞ্চনভোগীৰ বাবে বেংকে এই ফর্ম জাৰি কৰিব। ইফালে আজিৰ পৰা সমগ্ৰ দেশত টোল প্লাজাসমূহত নগদ ধনৰ লেনদেন বন্ধ হ'ব। টোল প্লাজাসমূহত বাহন চালকে কেৱল ফাষ্টটেগ বা ইউ পি আইৰ জৰিয়তে ধন পৰিশোধ কৰিব পাৰিব। আনহাতে আজিৰ পৰা পাব্লিক প্রভিডেন্ট ফাণ্ড, নেশ্যনেল পেঞ্চন স্কীম বা সুকন্যা সমৃদ্ধি আঁচনি সক্ৰিয় কৰি ৰখাৰ বাবে প্ৰতি বছৰে ন্যূনতম ২৫০-৫০০ টকা জমা ৰখাটো বাধ্যতামূলক কৰা হৈছে। আনহাতে, ১ এপ্ৰিলৰ পৰা দেশত নতুন শ্রম সংহিতাখনৰো বলৱৎ হ'ব।