'ক'হেৰেন্স নিউৰ' ষ্টাৰ্ট আপৰ সাফল্য, 'ছিপ' সংৰোপণ কৰি মগজুৰ কেঞ্চাৰ নিৰাময়ৰ নতুন পদ্ধতি উদ্ভাৱন

dainik janambhumi June 26, 2026

ডিজিটেল ডেস্ক : দুৰাৰোগ্য কেঞ্চাৰৰ চিকিৎসাত এক বৃহৎ, সফলতা লাভ কৰাৰ বাতৰি পোৱা গৈছে। আমেৰিকাৰ এটা ষ্টার্টআপ কোম্পানীয়ে মানুহৰ মগজুত এক ছিপ সংৰোপণ কৰি কেঞ্চাৰ প্ৰতিৰোধ তথা চিকিৎসা সহজ কৰি তুলিব পৰাৰ উপায় উদ্ভাৱন কৰিছে। আটাইতকৈ ডাঙৰ কথাটো হ'ল মানুহক লৈ কৰা এই ছিপৰ পৰীক্ষা সফল হোৱাটো। আমেৰিকাৰ প্ৰখ্যাত উদ্যোগপতি ইলন মাস্কৰ নিউৰালিংকৰ সৈতে এই ষ্টার্টআপ কোম্পানীটোৰ সম্পৰ্ক আছে। ক'হেৰেন্স নিউৰ' নামৰ এই ষ্টার্টআপ কোম্পানীটো নিউৰালিংকৰ সৈতে জড়িত বিশেষজ্ঞৰ দ্বাৰা প্ৰতিষ্ঠা কৰা। 

কোম্পানীটোৱে তৈয়াৰ কৰা ছিপ মানুহৰ মগজুত সংৰোপণ কৰা হয় আৰু এই ছিপছৰ জৰিয়তে কেঞ্চাৰ টিউমাৰ আৰু এই টিউমাৰে সৃষ্টি কৰা সমস্যাক ধৰা পেলাব পাৰে আৰু ইয়াৰ বৃদ্ধি প্ৰতিৰোধ কৰাত সহায় কৰে। এই নতুন প্রযুক্তিক কেঞ্চাৰ ৰোগৰ চিকিৎসাৰ এক যুগান্তকাৰী পদক্ষেপ বুলি কোৱা হৈছে। এটা বাতৰিত প্ৰকাশ পোৱা মতে এই ছিপৰ তিনিজন ৰোগীক লৈ পৰীক্ষা কৰা হৈছিল। এই ৰোগী তিনিজনৰ মগজুৰ টিউমাৰৰ অস্ত্রোপচাৰ কৰা হৈছিল। সেই সময়তে তেওঁলোকৰ মগজুত বুটাম আকাৰৰ এই ছিপ সংৰোপণ কৰা হয়। তেওঁলোকৰ মগজুত প্রায় আধা ঘণ্টা সময় এই ছিপ সংৰোপণ কৰি ৰখা হৈছিল। সেই সময়ত এই ছিপ কিমান সুৰক্ষিত আৰু ই ভালদৰে কাম কৰিছে নে নাই সেইটো পৰীক্ষা কৰি চোৱা হৈছিল। পৰীক্ষা সম্পন্ন হোৱাৰ পাছত তেওঁলোকৰ মগজুৰ পৰা পুনৰ ছিপছ আঁতৰোৱা হয়। 

উল্লেখযোগ্য যে বিশেষভাৱে বিপজ্জনক টিউমাৰৰ ইলেক্ট্রিকেল ছিগনেল ধৰা পেলোৱাৰ বাবে আৰু এইবিলাকক বাধা দিয়াৰ বাবে প্ৰথমবাৰৰ বাবে ব্রেইন কম্পিউটাৰ ইণ্টাৰফেচ ব্যৱহাৰ কৰা হৈছিল। বিজ্ঞানীসকলে তিনিজন ৰোগীক লৈ কৰা এই ছিপৰ পৰীক্ষা সফল হোৱা বুলি কোৱা হৈছে। লংজিবিটি ষ্টার্টআপ কোম্পানীটোৰ এই ছিপে মগজুৰ কেঞ্চাৰ ধৰা পেলোৱা আৰু ইয়াৰ চিকিৎসা কৰাত বৃহৎ সফলতা লাভ কৰিব বুলি কোৱা হৈছে। বিজ্ঞানীসকলৰ মতে, কিছুমান বিপজ্জনক মগজুৰ টিউমাৰে মগজুৰ ইলেক্ট্রিকেল ছিগনেল ব্যৱহাৰ কৰি গতিত প্ৰসাৰ লাভ কৰে। 

ক'হেৰেন্স নিউৰ'ৰ এই ছিপে এই ছিগনেলসমূহ চিনাক্ত কৰিব পাৰে। কোম্পানীটোৰ প্ৰধান লক্ষ্য হ'ল মগজুৰ অতি আক্রমণাত্মক তথা প্রাণঘাতী কেঞ্চাৰ গ্লিঅ'ব্লাষ্ট'মাক ধৰা পেলোৱা। ষ্টার্টআপ কোম্পানীটোৱে এই ৰোগৰ বেদনাদায়ক আৰু বৃহৎ পৰিমাণৰ ধন ব্যয় হোৱা চিকিৎসা প্ৰণালীৰ পৰিৱৰ্তে ইয়াৰ এক সহজ চিকিৎসা প্রণালী তথা একেৰাহে নিৰীক্ষণ কৰি থাকিব পৰা স্থিতিলৈ আনিবলৈ বিচাৰিছে। শেহতীয়াকৈ কৰা অধ্যয়নৰ পৰা জানিব পৰা মতে, কেঞ্চাৰ কলাও শৰীৰত ইলেক্ট্রিকেলী সক্রিয় হৈ পৰে। এই বিপজ্জনক টিউমাৰে নিজকে প্ৰসাৰিত কৰাৰ বাবে মগজুৰ সঠিক কলাৰ বায় ইলেক্ট্রিক ছিগনেলসমূহ 'হাইজেক' কৰে। ক'হেৰেন্স নিউৰ'ৰ 'ছমা' প্রণালীয়ে সেই কামকে কৰে। এই মাইক্র' ইমপ্লান্টে টিউমাৰৰ ইলেক্ট্রিকেল কার্যকলাপক সূক্ষ্মভাৱে নিৰীক্ষণ কৰে আৰু টার্গেটড ইলেক্ট্রিকেল ষ্টিমুলেশ্যন অৰ্থাৎ তৰংগ এৰি দিয়ে যাৰ ফলত টিউমাৰৰ বৃদ্ধি বাধাগ্ৰস্ত হৈ পৰে। এই প্রণালীত চিকিৎসা কৰাৰ বাবে ৰোগীয়ে কাণৰ ওপৰত মুদ্রা এটাৰ সমান এক আহিলা পিন্ধিব লাগে। এই আহিলা ম'বাইলৰ এপৰ সৈতে সংযোজিত কৰা হয়। যাৰ জৰিয়তে চিকিৎসকে দূৰৰ পৰাও সঠিকভাৱে আৰু সঠিক সময়ত চিকিৎসা কৰিব পাৰে। প্ৰয়োজন সাপেক্ষে চিকিৎসাৰ সালসলনিও কৰিব পাৰে। ফলত ৰোগীয়ে বাৰে বাৰে চিকিৎসালয়লৈ যোৱাৰ প্রয়োজনো নাথাকিব। 

উল্লেখযোগ্য যে ক'হেৰেন্স কোম্পানীটো ২০২২ চনত স্থাপন কৰা হৈছিল। বর্তমান এই চিকিৎসা বিশেষভাৱে মগজুৰ বিপজ্জনক কেঞ্চাৰক লক্ষ্য কৰি লোৱা হৈছে। ভৱিষ্যতে এই প্রযুক্তি ব্যৱহাৰ কৰি আন ধৰণৰ কেঞ্চাৰ ৰোগৰ চিকিৎসা কৰিব পৰা যাব বুলি আশা কৰা হৈছে। যদি পৰৱৰ্তী পৰীক্ষা সফল হয় তেতিয়া এই ছিপে কেঞ্চাৰৰ চিকিৎসা প্রণালীলৈ আমূল পৰিৱৰ্তন আনিব। ইয়াৰ লগতে কেঞ্চাৰ ৰোগীৰ বাবে নতুন আশাৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে।

Share This