আৰাৱলীত নতুনকৈ খনন কার্যত নিষেধাজ্ঞা, প্রতিবাদ-ধৰ্ণাৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত

dainik janambhumi December 26, 2025

ডিজিটেল ডেস্ক : আৰাৱলী পৰ্বতমালাত অবৈধ খনন কার্যক লৈ সর্বত্র প্রতিবাদ হোৱাৰ সময়তে কেন্দ্রীয় চৰকাৰে আৰাৱলী পর্বতত নতুনকৈ খনন কার্য চলোৱাত নিষেধাজ্ঞা জাৰি কৰিবলৈ বাধ্য হ'ল। এই সন্দৰ্ভত পৰ্বতৰ দাঁতি-কাষৰীয়া ৰাজ্যসমূহলৈ কেন্দ্ৰই জাননী জাৰি কৰিছে। 

পৰ্বতটোৰ নতুন সংজ্ঞা নিৰূপণক লৈ ধৰ্ণা-প্রতিবাদ অব্যাহত থকাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে বুধবাৰে এই সিদ্ধান্ত গ্রহণ কৰে। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰিছে যে বিশ্বৰ অন্যতম পুৰণি বৃহৎ পৰ্বতমালাৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে কঠোৰ সিদ্ধান্ত গ্রহণ কৰিছে। 

গুজৰাটৰ পৰা ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীলৈকে ব্যাপি থকা পৰ্বতমালাটোত পাৰিপাৰ্শ্বিক, ভূতাত্ত্বিক আদি দিশত যাতে নেতিবাচক প্ৰভাৱ নপৰে তাৰ বাবে আৰাৱলীৰ চাৰিওদিশে আৰু ক'ত খননত নিষেধাজ্ঞা জাৰি কৰিব পাৰি সেয়া পৰীক্ষা কৰাৰ বাবেও নির্দেশ দিয়া হৈছে।

Share This