ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ নতুন জঁট, মন্ত্ৰীগোটৰ প্ৰতিবেদন প্রত্যাখ্যান

dainik janambhumi January 03, 2026

ডিজিটেল ডেস্ক: অসমৰ ছয় জনগোষ্ঠীক অনুসূচিত জনজাতি হিচাপে স্বীকৃতি প্রদান কৰি সংৰক্ষণ দিবৰ বাবে মন্ত্রীগোটে অনুমোদন জনোৱাত ছয় জনগোষ্ঠীৰ লোকসকল উৎফুল্লিত হৈছিল যদিও নিজাববীয়াকৈ গঠন কৰা বিশেষজ্ঞ কমিটীৰ পৰামৰ্শৰ ভিত্তিত জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে মন্ত্রীগোটৰ প্রতিবেদনখন প্রত্যাখ্যান কৰিছে। 

উল্লেখযোগ্য যে মন্ত্রী গোটে প্রতিবেদন দাখিল কৰাৰ পাছতে জনজাতি সংগঠনসমূহে প্রতিবেদনৰ বিৰোধিতা কৰি এলানি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল, যাৰ বাবে মন্ত্রী গোটৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে জনজাতি সংগঠনসমূহক আমন্ত্রণ জনাই আলোচনাত মিলিত হ'বলগীয়া হৈছিল। আলোচনা কালত জনজাতি সংগঠনসমূহে প্রতিবেদনখন পুংখানুপুংখভাৱে অধ্যয়ন কৰি সিদ্ধান্ত ল'বলৈ চৰকাৰৰ পৰা এমাহ সময় বিচাৰে। জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে সুভাষ চাকমাৰ অধ্যক্ষতাত বিশেষজ্ঞ সমিতিখন গঠন কৰিছিল। এই সমিতিয়ে দিয়া পৰামৰ্শৰ ভিত্তিত সমন্বয়ৰক্ষী সমিতিয়ে টাই-আহোম, চুতীয়া, কোচ ৰাজবংশী, মৰাণ, মটক আৰু চাহ জনজাতিক অনুসূচিত জনজাতিৰ স্বীকৃতি দিবলৈ মন্ত্রী গোটে অনুমোদন জনাই বিধানসভাত দাখিল কৰা প্রতিবেদনখন প্রত্যাখ্যান কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে। বিশেষজ্ঞ কমিটীয়ে দিয়া পৰামৰ্শৰ পিছত কালি ট্রাইবেল ৰেষ্ট হাউছত অনুষ্ঠিত এখন সংবাদমেলত জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সম্পূর্ণভাবে নাকচ কৰিছে। সংবাদমেলত সমন্বয়ৰক্ষী সমিতিৰ নেতৃত্বই কয় যে ভাৰতীয় সংবিধানত অনুসূচিত জাতি আৰু জনজাতি দুটা সুকীয়া, স্বকীয় বৈশিষ্ট্য থকা পৃথক গোট। লকোৰ কমিটীয়ে দিয়া প্রতিবেদন মতে অনুসূচিত জাতিৰ সামাজিক মর্যাদা চিনাক্তকৰণ হিন্দু বংশানুক্রমিক পদ্ধতিৰ ওপৰত ভিত্তি কৰি ঠাৱৰ কৰা হয়। 

আনহাতে অনুসূচিত জনজাতিক ৫টা বৈশিষ্ট্য ক্রমে আদিম অৱস্থাপ্রাপ্তিৰ লক্ষণ, সুস্পষ্ট সংস্কৃতি, ভৌগোলিকভাৱে বিচ্ছিন্ন, অন্যান্য জনগোষ্ঠীৰ সংস্পৰ্শলৈ অহাৰ ক্ষেত্ৰত লজ্জাবোধ আৰু আৰু পশ্চাদপদতাৰ ওপৰত ভিত্তি কৰি চিনাক্ত কৰা হয়। ১৯৯৩ চনত অসম চৰকাৰৰ অনুসূচিত জাতি আৰু জনজাতি গৱেষণা প্রতিষ্ঠানৰ দ্বাৰা গৱেষণা কৰোৱাৰ পিছত টাই-আহোম, চুতীয়া, কোচ-ৰাজবংশী, মৰাণ, মটক আৰু চাহ জনজাতিক অন্যান্য পিছপৰা শ্রেণী হিচাপে অনুমোদন জনায় আৰু ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগে অ' বি চি হিচাপে অধিসূচনা জাৰি কৰিছিল। এবাৰ অ' বি চি হিচাপে শ্রেণীভুক্ত কৰাৰ পাছত সেই একেখন অসম চৰকাৰে ৰাজনৈতিক সুবিধাৰ বাবে একেখিনি জনগোষ্ঠীক পুনৰ অনুসূচিত জনজাতি হিচাপে শ্রেণীভুক্ত কৰিব নোৱাৰে। চাহ আৰু প্ৰাক্তন চাহ বাগানীয়া জনজাতি সন্দর্ভত তেওঁলোকে কয় যে ভাৰতে স্বাধীনতা লাভ কৰাৰ দিনৰে পৰা গঠিত সকলোবোৰ কমিটীয়েই চাহ আৰু প্রাক্তন চাহ বাগানীয়া জনজাতিসকলক অনুসূচিত জনজাতিৰ তালিকাত অন্তর্ভুক্তিৰ বিৰোধিতা কৰি আহিছে। গোপীনাথ বৰদলৈ আৰু এ ভি থাক্কাৰৰ অধ্যক্ষতাত গঠিত উপ-সমিতিয়ে সংবিধান সভাত দাখিল কৰি নিশ্চিতভাৱে অনুমোদন দিছিল যে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অহা প্রায় ৭ লাখ চাহ-বাগানীয়া মজদুৰসকলক অসমত জনজাতিৰ মর্যাদাৰ বাবে বিবেচনা কৰিব নালাগে। লকোৰ কমিটীয়েও ১৯৬৫ত কোনো ব্যতিক্রম নকৰাকৈ অনুমোদন জনাইছিল যে চাহ বাগানত কাম কৰা জনজাতিসকল অনুসূচিত জনজাতি হ'ব নালাগে। আনহাতে কোচ-ৰাজবংশীসকল দুটা পৃথক জনগোষ্ঠী। পূৰ্বৰ অবিভক্ত গোৱালপাৰা জিলাৰ কোচসকল 'ক্ষত্রিয়'। যিসকল হিন্দু বেংগলীয়ে পূব পাকিস্তানৰ ৰংপুৰ জিলাৰ পৰা গোৱালপাৰালৈ প্রব্রজন কৰিছিল। 

আনহাতে ৰাজবংশীসকল হ'ল অসমৰ খিলঞ্জীয়া লোক, যিসকল লোক পিছত বহলভাৱে কোচ পৰিচয়ত অন্তর্ভুক্ত হয়। দুটা জনগোষ্ঠীৰ মাজৰ থকা পার্থক্য মন্ত্রী গোটে পৰীক্ষা কৰা নাই। পশ্চিম বংগত কোচসকলক অনুসূচিত জাতি হিচাপে অন্তর্ভুক্ত কৰা হৈছে। কোচসকলক পশ্চিম বংগত যিহেতু অনুসূচিত জাতি হিচাপে শ্রেণীভুক্ত কৰা হ'ল, সেই একেই জনগোষ্ঠীক অসমত অনুসূচিত জনজাতিৰ তালিকাত পুনৰ শ্ৰেণীভুক্ত কৰিব পৰা নাযায়। সংবাদমেলত জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ নেতৃত্বই কয় যে টাই-আহোম, চুতীয়া, মৰাণ, মটক সকলোৱে অসমীয়া মূলসুঁতিৰ। সংবিধানৰ নির্দেশনাৰ ভিত্তিত সংবিধান সভাই এই জনগোষ্ঠীসমূহক অনুসূচিত জনজাতিৰ তালিকাত অন্তর্ভুক্ত কৰা নাছিল। তদুপৰি লকোৰ কমিটী প্রতিবেদনত তেওঁলোকক অনুসূচিত জনজাতি হিচাপে চিনাক্তকৰণ কৰা নাছিল। সেয়েহে এই জনগোষ্ঠীসমূহক বর্তমান জনজাতি বুলি অভিহিত কৰিব পৰা নাযায়। ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত গঠন কৰা মন্ত্ৰী গোটৰ অনুমোদন জনজাতি স্বীকৃতি প্রদানৰ ভেটি হ'ব নোৱাৰে। জনগোষ্ঠীয় বিশেষজ্ঞ কমিটীয়ে ৭৪টা চাহ আৰু প্রাক্তন চাহ বাগানীয়া জনগোষ্ঠীৰ ৩৮টাক অনুসূচিত জাতি হিচাপে স্বীকৃতি দিবলৈ অনুমোদন দিছিল। কিন্তু অসম চৰকাৰে ৭৪টা জনগোষ্ঠীকেই অনুসূচিত জনজাতিৰূপে স্বীকৃতি দিবলৈ অনুমোদন কৰিছে। বিশেষজ্ঞ কমিটীয়ে বিচাৰি উলিওৱা তথ্যৰ বিপৰীতে ৭৪টাকে অনুমোদন দিবলৈ অসম চৰকাৰ, জনজাতি পৰিক্ৰমা বিভাগ, মহাপঞ্জীয়ক বা ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগৰ ক্ষেত্ৰাধিকাৰ নাই। পঞ্চায়ত, স্বায়ত্তশাসিত পৰিষদ, বিধানসভাত অ' বি চিৰ বাবে আসন সংৰক্ষণ নাই কাৰণেই ছয় জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবী উত্থাপন কৰিছে। অন্যথা শিক্ষানুষ্ঠানত নামভর্তি, চাকৰি-বাকৰিৰ ক্ষেত্ৰত ২৭ শতাংশ সংৰক্ষণেৰে সকলোবোৰ অধিকাৰ আৰু সা-সুবিধা উপভোগ কৰি আছে আৰু প্রত্যেক জনগোষ্ঠীৰ বাবে কেইবাখনো স্বায়ত্ত পৰিষদ আৰু উন্নয়ন পৰিষদো গঠন কৰা হৈছে। পঞ্চায়ত, স্বায়ত্তশাসিত পৰিষদ, বিধানসভাত অ' বি চিৰ বাবে আসন সংৰক্ষণ নাই কাৰণে ছয় জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবী জনাইছে। শিক্ষানুষ্ঠানত নামভর্তি, চাকৰি, অন্যান্য ক্ষেত্রত অ' বি চিসকলে ২৭ শতাংশ সংৰক্ষণৰ সুবিধা পাই আছে। আনহাতে প্রত্যেক জনগোষ্ঠীৰ বাবে উন্নয়ন পৰিষদ গঠন হৈছে। সেয়েহে এই জনগোষ্ঠীসমূহক বর্তমান জনজাতি বুলি অভিহিত কৰিব পৰা নাযায়। সংবাদমেলত জনজাতি সংগঠনসমূহৰ নেতৃত্বই কয় যে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা মানেই সৰ্বভাৰতীয় পৰ্যায়ত সংৰক্ষণত প্ৰভাৱ পৰাৰ উপৰি পঞ্চায়ত, স্বায়ত্ত শাসিত পৰিষদ, বিধানসভা, লোক সভাত বর্তমানে জনজাতিসকলৰ ৰাজনৈতিক সংৰক্ষণ ধবংসপ্রাপ্ত হ'ব। কেরল কোকৰাঝাৰ আৰু ডিফু লোক সভা আসন জনজাতিৰ বাবে সর্বকাললৈ সংৰক্ষণ কৰিলেই বৰ্তমানৰ জনজাতিসকলৰ বাবে থকা পঞ্চায়ত, স্বায়ত্তশাসিত পৰিষদ, বিধানসভাৰ সংৰক্ষণ সুৰক্ষিত কৰাটো নুবুজায়। 

উচ্চতম ন্যায়ালয়ে নির্ধাৰণ কৰা মতে সংৰক্ষণ ৫০ শতাংশৰ ওপৰলৈ যাব নোৱাৰে। বৰ্তমান অসম চৰকাৰৰ সংৰক্ষণ ব্যৱস্থাত ৫৯ শতাংশ সংৰক্ষণ কৰা হৈছে। অনুসূচিত জাতি ৭ শতাংশ, অনুসূচিত জনজাতি (ভৈয়াম) ১০ শতাংশ, অনুসূচিত জনজাতি (পার্বত্য) ৫ শতাংশ, অ' বি চি, এম অ'বিচি ২৭ শতাংশ আৰু ই ডব্লিউ এছ ১০ শতাংশ। ৩৫টা চাহ আৰু প্রাক্তন চাহ বাগানীয়া জনগোষ্ঠীক জনজাতিকৰণ কৰিলেও সংৰক্ষণ ৭০ শতাংশৰ পাৰ হৈ যাব। এয়া অসাংবিধানিক। বিশেষজ্ঞ সমিতিৰ অধ্যক্ষ সুভাষ চাকমাকে ধৰিট্রাইবেল সংঘৰ সভাপতি সুকুমাৰ বসুমতাৰী, সমন্বয়ৰক্ষী সমিতিৰ মুখ্য আহ্বায়ক আদিত্য খাখলাৰী, এবছুৰ সভাপতি দ্বীপেন বড়ো, টি এম পি কেৰ সভাপতি তিলক দলে, নিখিল ৰাভা ছাত্র সন্থাৰ সভাপতি মতিলাল ৰাভা, সদৌ অসম ট্রাইবেল যুথ লীগৰ সভাপতি ধীৰেন ইংতিয়ে আজিৰ সংবাদমেলত অংশগ্রহণ কৰে। জনজাতীয় নেতাসকলে সংবাদমেলত কয় যে আটাইতকৈ জটিল বিষয়টো হৈছে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিলে 'বর্তমানৰ জনজাতিসকলৰ একো ক্ষতি নহয়' বুলি অসম বিধানসভাৰ সৰ্বদলীয় প্রতিনিধিয়ে অনুমোদন জনোৱা কাৰ্য। ৰাজ্য চৰকাৰৰ মন্ত্রী গোটৰ অনুমোদন অবৈধই নহয় অসাংবিধানিকো। পঞ্চায়ত, স্বায়ত্তশাসিত পৰিষদ, বিধানসভা, লোক সভা পৰ্যায়ত জনজাতিসকলৰ ৰাজনৈতিক অধিকাৰ ধ্বংস কৰিব। সেয়েহে জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে মন্ত্রী গোটে অনুমোদন জনোৱা প্রতিবেদন নাকচ কৰাৰ কথা কালি স্পষ্ট কৰি দিয়ে।

Share This