ডিজিটেল ডেস্ক : শিভম ডুবেৰ ২৩টা বলত ৬৫ ৰান সত্ত্বেও নিউজিলেণ্ডৰ হাতত কালি চতুর্থ টি-২০ ক্রিকেটত ভাৰতে ৫০ ৰানত পৰাজয়বৰণ কৰে। তিনিটা চাৰি আৰু ৭টা ছয়েৰে নিজৰ ৬৫ ৰানৰ ইনিংছটো সজোৱা শিভমে অকলেই যুঁজ দিয়ে যদিও দলক ২১৬ ৰানৰ লক্ষ্যলৈ তুলি নিয়াত ব্যর্থ হয়। নিউজিলেণ্ডৰ ৭ উইকেটত ২১৫ ৰানৰ প্ৰত্যুত্তৰত ভাৰতীয় দল ১৮.৪ অভাৰত ১৬৫ ৰানত অল-আউট হয়। শিভমৰ উপৰি ৰিংকু সিঙে ৩০ টা বলত ৩৯ ৰানৰ অৱদান যোগায়।
ইয়াৰ আগেয়ে নিউজিলেণ্ডে টীম ছিফাৰ্টৰ ৩৬টা বলত ৬২ ৰানৰ জৰিয়তে ৭টা উইকেট হেৰুৱাই ২১৫ ৰান কৰিছিল। পোনতে বেট ধৰা নিউজিলেণ্ডে দুৰন্ত আৰম্ভণি কৰিছিল। ছিফাৰ্ট আৰু ডেভন কনৱেই (২৩টা বলত ৪৪) মাথোঁ ৮.২ অ'ভাৰত প্ৰথম উইকেটত ১০০ ৰান যোগ দি দলৰ বাবে বৃহৎ স্ক'ৰৰ ভেটি গঢ়ে।
পিছে ভাৰতীয় বলাৰে মিডল অ'ভাৰত নিয়ন্ত্রিত বলিঙেৰে কিৱি বাহিনীৰ স্ক'ৰ ২১৫ ৰানৰ অধিক অতিক্ৰম কৰাত আগভাগ লয়। তাৰ মাজতে ডাৰিল মিচেলে ১৮টা বলত অপৰাজিত ৩৯ ৰান কৰে। ভাৰতৰ অৰ্শদীপ সিং আৰু কুলদীপ যাদৱে দুটাকৈ উইকেট দখল কৰে।